নিষিদ্ধ চহৰত এনিশা বিষ্ণুৰাভা
এহাতে চিফুং আৰু এহাতে ষ্টেনগান লৈ সৌজন বিষ্ণুৰাভা।
আজিৰ 'নিষিদ্ধ স্বাধীনতা পিয়াসী'ৰ স্বাধীন অসমত
অলিয়ে গলিয়ে তেতিয়া তেওঁৰ অবাধ অহা-যোৱা।
হৰ্ডিঙত তেতিয়া অহৰ্নিশে জিলিকিছিল-
'গাদান্ যুগনি গৗদান ভাৱনি ৰৗনানি যুজিগাৰা
থু চিগাং থু থু দুখীয়া ফৗৰা'।
চহৰত তেতিয়া যেনিয়েই তেনিয়েই
সাম্যবাদ-প্ৰ'লিটেৰিয়েটৰ নিৰবধি শ্ৰেণীসংগ্ৰাম।
ৰাজপথত মুক্তিকামী জনতাৰ মিছিল-সমদল।
জাতি-জনজাতিৰ উথপ থপ- স্বাধীনতা ক'ত, স্বাধীনতা ক'ত?
তাৰমাজতে হাতত সাৰে ভৰিত সাৰে খৰমৰাই থাকে
তেওঁৰ কুচি মুচি আত্মা।
তেওঁ যে নিচেই নিছলা
বুকুত শোষণৰ ভাৰ, দুচকুত অৰ্ধোদিত এটা সূৰ্য
অকলেই তেওঁ গঢ়ি থাকে সম্প্ৰীতিৰ সেঁতু-
সাবটি থাকে বুকুত দেশৰ কণমান কলিজা।
শেষনিশা আকাশ কঁপাই সাৰপাই উঠে বিপ্লৱ,
মুক্তিৰ কবিতা-গীতেৰে ঝংকাৰিত হয় পৃথিৱীৰ চোতাল।
সময় গুছি যায়
বিষ্ণুৰ কথাৰে মাৰ বান্ধি থিয় দিয়ে অসমীয়া ডেকা
বুকুত সিহঁতৰ উত্তপ্ত শিখা।
হঠাৎ এদিন খবৰ আহে- পলা! পলা বিষ্ণুৰাভা,
ৰঙাঘৰে ৰিঙিয়াই, হৃদয় তাম্ৰফলিত লিপিত খাই থকা
স্বাধীনতাৰ পোকটোৱে ৰমলিয়াই
বেয়া খবৰ, বেয়া খবৰ
বিষ্ণুৰাভা, তই অঁৰা ক'লা পতাকাত
আঁকি দিয়া হ'ল নগ্ন পৰাধীনতা
পোতাশাল এতিয়া তোৰ নতুন ঠিকনা।
নিৰুপায় বিষ্ণুৰাভা।
সেইনিশা যে তেওঁ নিষিদ্ধ স্বাধীনতাৰ কঁপালত সম্প্ৰীতিৰ সেন্দুৰ অঁকাৰ কথা আছিল
খোচনিত ভৰাই ৰখা আধলিমান সপোনটো বাস্তৱক গতাই দিয়াৰ কথা আছিল
দিয়াৰ কথা আছিল এখন বৰঅসম।
স্বাধীনতা...স্বাধীনতা!
মেলা মুখবোৰত সোপা ধৰাকৈ
বৃটিছে চটিয়াই দিলে স্বাধীনতা।
ভাৰত স্বাধীন হ'ল
কৃত্ৰিম আৱেগত বিহ্বল মাহী আই (?)
নাই নাই.. ক'ৰবাত এডাল অস্থিৰ প্ৰশ্নবোধ
শেষ নিশা পুনৰ বিষ্ণুৰাভাই কিয় চিঞৰি যায়
'য়ে আজাদী ঝ্যুথী হ্যায়
ইচ দেচ কী জনতা ভুখী হ্যায়'।
- Archana Gita Saikia