কায়কল্প

কায়কল্প













আজি কায়কল্পৰ বেলা।
হঠাৎ এজাক ঘূৰ্ণী, আৰু
আইতাৰ মাছুৱৈ দেহৰ সুগন্ধি ককাৰ নাসৰন্ধ্ৰত...
ফাগুনৰ শেষজাক ঘূৰ্ণীৰ সৈতে
সম্ভৱত ককা-আইতাৰ যৌৱন উভতি আহিছে।

আস্! ঘূৰ্ণীতো ইমান শীতলতা!
আছেনে বাৰু আইতাৰ আঁচলত আজিও শিমলু ফুল!
আছেনে ককাৰ খোচনিত আজিও
ডাউক বিচাৰি কৰা অনৰ্থক যাত্ৰাৰ ডুখৰীয়া স্মৃতিকথা!
আছেনে সেই যৌৱনময় (?) স্বৰ্ণিল ল'ৰালি!!

আইতাৰ কঁপালৰ আগত পৰি থকা এনেচা সুঁতা, যেন
ককাৰ সকলো স্বপ্নভংগৰ সেউজ সংকেত।

বাহিৰত সেইজাক ফাগুনৰ শেষ দোপালপিতা।
আইতাই হাতত চৰিয়া লৈ বাৰাণ্ডাখন টুকিছে
চপ্ চপীয়া বাৰাণ্ডা, বৰষুণত অথবা চকুলোত।
ককাৰ নিখোঁজ দৃষ্টি সন্মুখৰ জাকৈয়া ছোৱালীৰ জাকটোত
তেওঁৰ প্ৰেয়সীও আছিল কোনোবা দূৰ অতীতৰ
গড়গঞা মাছুৱৈ ছোৱালী..।

আইতাৰ মুখত সৰ্ সৰাই বাৰ্দ্ধক্যলৈ শাওপাত। 
নিয়ন্ত্ৰিত ভাৱাবেগে পুৰঠ কৰা যৌৱনৰ 
একমাত্ৰ প্ৰেম- 'ককা'ৰ 
অনিয়ন্ত্ৰিত বিষ্ঠাত খলি লৈ
আইতাই বাৰ্দ্ধক্যক শাও দিছে।

আজি কায়কল্পৰ বেলা।
ফাগুনৰ শেষজাক দোপালপিতাই ওভতাই অনা 
ককা-আইতাৰ যৌৱনময়তাত
সোপাকাণিৰ এচিকুট টোপাল...

বাৰ্দ্ধক্যই কোঙা কৰা মানুহজনৰ উঁৱলা দৃষ্টি 
এইবাৰ তেওঁৰ অতীত প্ৰেয়সীৰ ওপৰত
দুচকুত দুটোপাল নতুন আবেদন,
যেন সৰি পৰা দুখিলা শুকান সৰাপাত॥

✍ অৰ্চনা গীতা শইকীয়া
_______________