মূলঃ Mother of a Traitor
লেখকঃ মেক্সিম গৰ্কী
বৈৰী
মাকবোৰৰ বিষয়ে নিৰৱিচ্ছিন্নভাৱে কথা পাতিব পাৰি। যোৱা বহুসপ্তাহ ধৰি শত্ৰুসেনাই নগৰখন লৌহ পিঞ্জৰাৰ দৰে ঘেৰি ৰাখিছিল৷ ৰাতি হ'লেই ঠায়ে ঠায়ে জুই জ্বলিছিল- হাজাৰটা তেজৰঙা চকুৰ দৰে জুইৰ শিখাই ৰাতিৰ অন্ধকাৰ ভেদি অৱৰুদ্ধ নগৰখনৰ বাসিন্দাসকলৰ অন্তৰত ত্ৰাসৰ সৃষ্টি কৰিছিল৷
লাহে লাহে নগৰবাসীয়ে দেৱালৰ পৰা শত্ৰু সেনানী ওচৰ চাপি অহা বুলি অনুমান কৰিলে৷ জুইৰ ওচৰে-পাজৰে ছাঁবিলাকৰ চাল-চলন দেখা গ’ল৷ হৃষ্ট-পুষ্ট ঘোঁৰাবিলাকৰ হিঁ-হিয়নি, অস্ত্ৰ-শস্ত্ৰৰ ঝন্ঝননি, শত্ৰু সেনানীৰ কিৰিলি আৰু নিশ্চিত জয়ৰ আত্মবিশ্বাসেৰে উল্লাসিত হৈ গান গোৱাও শুনা গ'ল৷ শত্ৰুৰ হাঁহি-ধেমালি, গীত-মাত আদিতকৈ আৰু বিৰক্তিকৰ কি হ’ব পাৰে?
শত্ৰুৱে নগৰখনৰ পানী খোৱা জান-জুৰিবোৰ মৰাশৰে পুতি পেলাইছিল৷ দেৱালৰ কাষে কাষে থকা দ্ৰাক্ষাক্ষেত্ৰবোৰ জ্বলাই দিয়াৰ লগতে খেতি-বাতিও উচ্ছেদ কৰি পেলাইছিল আৰু বাগিচাবোৰো কাটি পেলাইছিল৷ মুঠৰ ওপৰত নগৰখন শূন্যতাই গ্ৰাস কৰি পেলাইছিল। তাতে চাৰিওফালৰ পৰা উদং পথাৰ যেন হৈ পৰা ঠাইখনত শত্ৰুপক্ষৰ গোলাবৰ্ষণ অবিৰতভাৱে চলি আছিল৷
দেশৰ দুৰ্ভিক্ষপীড়িত, যুদ্ধক্লান্ত আৰু অৱসাদগ্ৰস্ত সৈনিকবিলাকে উদাসীনভাৱে নগৰখনৰ গলিবোৰত পহৰা দিছিল৷ ঘৰবোৰৰ খিৰিকীৰে আহতসকলৰ চিঞৰ, বিকল প্ৰলাপ, তিৰোতাৰ আকুল কাকুতিৰ লগতে কেঁচুৱাৰ কান্দোন শুনা গৈছিল৷ কথাৰ মাজে মাজে ৰৈ ৰৈ মানুহবিলাকে ভয়ত ত্ৰস্তমান হৈ ফুচ্ফুচাই ইজনে সিজনক সোধাসুধি কৰিছিল, “শত্ৰু পাৰ হৈ গ'ল নেকি?”
আটাইতকৈ ভয়লগা আছিল ৰাতবোৰ। জয়াল ৰাতিৰ নিস্তব্ধতাত পীড়িত মানুহৰ চিঞৰ-বাখৰ, কান্দোনৰ ধ্বনি আৰু অধিক স্পষ্ট হৈ উঠিছিল৷ দূৰৈত পাহাৰৰ তলৰ খাদবোৰৰ পৰা শত্ৰু-ছাউনীটো লুকুৱাই ৰাখি শত্ৰুপক্ষই ভগ্ন প্ৰাচীৰৰ ফালে সোমাই আহিছিল আৰু পাহাৰৰ মূধচেৰে জোনটো অস্ত্ৰৰে ক্ষত-বিক্ষত হোৱা ঢালখনৰ দৰে অলপ অলপকৈ ওপৰলৈ উঠিছিল৷
নগৰবাসীয়ে পৰিত্ৰাণৰ আশা প্ৰায় এৰি দিছিল৷ ভোকে-পিয়াহে জৰ্জৰিত হোৱা মানুহবিলাকৰ মুক্তিৰ আশা ক্ষীণ হৈ আহিছিল৷ তেওঁলোকে ভয়ত আতংকিত হৈ সেই জোনটো, পাহাৰৰ চূড়াসমূহ, পাহাৰৰ ওপৰত ছিটিকি পৰা ঘন আন্ধাৰ আৰু কোলাহলপূৰ্ণ শত্ৰু শিবিৰ- এই সকলোবোৰ নিৰীক্ষণ কৰিছিল৷ প্ৰত্যেকেই যেন তেওঁলোকলৈ বহন কৰি আনিছিল মৃত্যুৰ বাতৰি৷ তেওঁলোকক সান্ত্বনা দিবলৈ আকাশত এটাও তৰা নাছিল৷
মানুহবোৰে ঘৰৰ ভিতৰখন পোহৰাই ৰাখিবলৈ ভয় কৰিছিল৷ বাট-পথবিলাকো ঘোৰ অন্ধকাৰত ডুব গৈ আছিল৷ সেই ঘোৰ অন্ধকাৰৰ মাজেদিয়েই সৰ্বশৰীৰ ক’লা কাপোৰেৰে আবৃত এগৰাকী মহিলাই নৈৰ দ পানীত লৰচৰ কৰি থকা মাছ এটাৰ দৰে নিঃশব্দে আগবাঢ়িছিল৷ তেওঁক দেখি সকলোৱে নিজৰ ভিতৰতে কোৱা-কুই কৰিলে-
“এওঁৱেই তেওঁ নেকি?”
“এওঁৱেই তেওঁ৷”
লগে লগে মানুহবোৰ তোৰণৰ দাঁতিত বহি পৰিছিল অথবা তেওঁক মাত নিদিয়াকৈ খৰ খেদাকৈ পাৰ হৈ গৈছিল৷ তহলদাৰী প্ৰধানসকলে তেওঁক সতৰ্ক কৰি দিলে, “ম’না মাৰিয়ান্না, আকৌ বাহিৰলৈ ওলালা, কোনফালে? সাৱধান! চাই-চিতি যোৱা৷ ৰাস্তাত তোমাক কোনোবাই মাৰি পেলালে হত্যাকাৰীৰ সন্ধান কৰিবলৈও কোনো নোলাব…৷”
নিজকে প্ৰস্তুত কৰি তেওঁ থমকি ৰৈছিল যদিও প্ৰহৰীবোৰ আঁতৰিহে গ'ল। হয়তো কোনেও তেওঁক একো ক’বলৈ সাহস নকৰিলে, অথবা তেওঁৰ গাত হাত উঠাবলৈকো ঘিণ কৰি সশস্ত্ৰ প্ৰহৰীবিলাকে তেওঁক এটা পৰিত্যক্ত মৰাশৰ দৰেই উপেক্ষা কৰি আঁতৰি গ’ল৷ সেই অন্ধকাৰত নগৰখনৰ দুৰ্ভাগ্যৰ সময়ত এক নিঃশব্দ-নিসংগ অৱতাৰৰ দৰে নগৰৰ পথ-উপপথবোৰত ম’না মাৰিয়ান্না ঘূৰি ফুৰিলে৷ ৰাতিৰ বিষণ্ণতাৰ শব্দ, আৰ্তনাদ, কান্দোন, প্ৰাৰ্থনা আৰু বিজয়ৰ আশা হেৰুৱাই পেলোৱা সৈন্যসকলৰ হা-হতাশাই যেন তেওঁৰ পিছ লৈছিল৷
এফালে তেওঁ এজন নাগৰিক আৰু আনফালে এগৰাকী মাতৃ। দুয়োফালৰ পৰাই তেওঁ নিজৰ পুতেক আৰু নিজৰ দেশখনৰ কথা ফঁহিয়াই চায়৷ কাৰণ তেওঁৰ নিজৰ চহৰখনত ধ্বংসলীলা সৃষ্টি কৰা মানুহবোৰৰ নেতৃত্ব দিয়াজন তেওঁৰেই পুত্ৰ- তেওঁৰেই সদায় প্ৰফুল্লিত হৈ থকা, সুদৰ্শন অথচ হৃদয়হীন পুত্ৰ৷ এই অলপ দিনৰ আগলৈকে তেওঁ ভাবিছিল যে তেওঁৰ পুত্ৰ এই চহৰখনৰ কাৰণে এক অনন্য উপহাৰ৷ যি চহৰখনত ম’নাই নিজে জন্মগ্ৰহণ কৰি লালিত-পালিত হৈছে, সেই চহৰখনৰ সুৰক্ষাৰ কাৰণে তেওঁৰ পুত্ৰৰ দৰে এক ব্যক্তিত্বৰ জন্ম দিব পাৰিছে বুলি তেওঁ গৰ্ব অনুভৱ কৰিছিল৷ তেওঁৰ পূৰ্বপুৰুষসকলে সজোৱা ঘৰবোৰ, চহৰৰ প্ৰাচীন প্ৰাচীৰবিলাকৰ প্ৰতিটো ইটাৰ লগত তেওঁৰ সম্পৰ্ক হৃদয়ৰ৷ এই চহৰতেই তেওঁৰ পূৰ্বপুৰুষসকলো সমাধিস্থ হৈছে৷ এই চহৰৰ মাটিৰ ইতিহাস, কিম্বদন্তী, নৃত্য-গীত আৰু ইয়াৰ অধিবাসীসকলৰ আশা-আকাংক্ষা সকলো তেওঁৰ সুপৰিচিত আৰু তেওঁৰ হৃদয়ৰ প্ৰতিটো স্পন্দন জড়িত হৈ আছে ইয়াতে, এই চহৰতে৷ এতিয়া সেই হৃদয়ে ব্যথিত আত্মাৰ দৰে উচুপি উঠিছে৷ তেওঁৰ নিজ চহৰখনৰ, দেশখনৰ প্ৰতি থকা প্ৰগাঢ় প্ৰেম আৰু পুত্ৰস্নেহ- এই দুয়োটাকে যেন তুলাচনীত উঠাইছে৷ কিন্তু কোনোটোৰ ওজনে তেওঁৰ দৃষ্টি নিখোজ কৰিব পৰা নাই৷
ৰাতি তেওঁ ৰাস্তাত এনেকৈ গৈ থাকোঁতে কোনেও তেওঁক চিনি পোৱা নাছিল৷ ক’লা আৱৰণেৰে আবৃত্ত তেওঁৰ দেহটোক মানুহবিলাকে মৃত্যুৰূপী কাল বুলি ভাবি ভয়তে ঘূৰি গৈছিল আৰু কোনোবাই চিনি পালেও তেওঁক ‘বিশ্বাসঘাতকৰ মাতৃ’ বুলি মুখ ঘূৰাই লৈছিল৷
এদিন তেওঁ মহানগৰীৰ সুৰক্ষা দেৱালৰ অলপ আঁতৰত এটা কোণত পৰি থকা এটা মৃতদেহৰ ওচৰত এগৰাকী তিৰোতাই আঁঠু কাঢ়ি থকা দেখিলে, মানুহগৰাকী ইমান নিঃসাৰ হৈ আছিল যে তেওঁক এটা কাঠ-চপৰাৰ দৰে লাগিছিল৷ শোকবিহ্বল তিৰোতাগৰাকীয়ে আকাশৰ তৰাবিলাকলৈ চাই চাই প্ৰাৰ্থনাৰত হৈ আছিল৷ দেৱালখনৰ সিটো পাৰে সশস্ত্ৰ সৈন্যবিলাকে লাহে লাহে কথা পাতি পাতি শিলবিলাকত অস্ত্ৰ-শস্ত্ৰবোৰ ঘঁহাই আছিল৷
ম’না মাৰিয়ান্নাই সুধিলে- “তোমাৰ স্বামী?”
“নহয়৷”
“তোমাৰ ভাই?”
“মোৰ পুত্ৰ৷ তেৰ দিনৰ আগেয়ে মোৰ স্বামীৰ মৃত্যু হৈছে৷ আজি মোৰ পুত্ৰ৷” মাতৃগৰাকী উঠি থিয় হ’ল আৰু শান্ত ভাবেৰে উত্তৰ দিলে- “মা মেৰীয়ে সকলো দেখিছে, সকলো জানে আৰু মই তেওঁৰ ওচৰত কৃতজ্ঞ৷”
“কিহৰ বাবে?”
তেওঁ ক’লে- “এই কাৰণেই যে মোৰ পুত্ৰই দেশৰ কাৰণে যুঁজ কৰি সন্মানসহ মৃত্যুবৰণ কৰিছে৷ ভোজ-ভাত আৰু মৌজ-মজলিচক ভাল পোৱা আৰু বৰ স্ফূৰ্তি মনৰ আছিল বাবে মোৰ ভয় হৈছিল যে সময়ত ইয়ো মাৰিয়ান্নাৰ পুতেকৰ দৰে তাৰ দেশক প্ৰতাৰণা কৰিব; আমাৰেই শত্ৰুৰ দলপতি হ’ব! ঈশ্বৰ আৰু মানুহৰ বিদ্বেষী তেওঁ আৰু তেওঁক ধাৰণ কৰা মাতৃৰ ওপৰত যেন অভিশাপ বৰ্ষণ হওক৷”
মাৰিয়ান্নাই মুখখন ঢাকি কোনোমতে তেওঁৰ পথত অগ্ৰসৰ হ’ল৷ তাৰ পাছদিনা তেওঁ চহৰৰ নাগৰিক সুৰক্ষা সমিতিৰ আগত গৈ ক’লে- “মোৰ পুত্ৰ তোমালোকৰ শত্ৰু হৈছে৷ মোক মাৰি পেলোৱা নতুবা দুৱাৰ খুলি মোক তাৰ ওচৰলৈ যাবলৈ দিয়া৷”
তেওঁলোকে ক’লে- “আপুনি এগৰাকী মানুহ আৰু জনমভূমি আপোনাৰ বাবে মূল্যবান৷ আপোনাৰ পুত্ৰ যিদৰে আমাৰ প্ৰত্যেকৰে শত্ৰু, ঠিক সেইদৰে আপোনাৰো শত্ৰু৷”
“মই তাৰ মাক৷ মই তাক ভাল পাওঁ আৰু ভাবিছো তাৰ এই দুষ্কাৰ্যৰ বাবে ময়েই দায়ী৷”
তাৰ পাছত তেওঁলোকে নিজৰ ভিতৰতে আলোচনা কৰি ক’লে- “আপোনাৰ ল’ৰাৰ পাপৰ বাবে আপোনাক মৰাটো উচিত নহ’ব৷ আমি জানো যে এই ভয়ংকৰ গৰ্হিত কাম কৰিবলৈ আপুনি আপোনাৰ ল’ৰাক কেতিয়াও উচটোৱা নাই৷ কিন্তু এই চহৰৰে এজন যুদ্ধবন্দী হিচাপে আপোনাৰ আৱশ্যক নাই৷ আপোনাৰ ল’ৰাই আপোনাক একো সোধা নাই৷ আমি বুজিছোঁ যে সেই চয়তানটোৱে আপোনাক পাহৰি গ’ল৷ আপুনি যদি নিজকে দণ্ড পোৱাৰ যোগ্য বুলি ভাবিছে, তেতিয়াহ’লে সেইটোৱেই আপোনাৰ দণ্ড৷ আমি ভাবিছো, মৃত্যুতকৈয়ো এয়া বেছি কষ্টকৰ৷”
“হয়, সঁচাকৈয়ে বৰ কষ্টকৰ৷” মাৰিয়ান্নাই ক’লে৷
তাৰ পাছত তেওঁলোকে মাৰিয়ান্নাক চহৰ এৰি যাবলৈ বাট খুলি দিলে৷ তেওঁৰেই পুতেকে বোৱাই দিয়া তেজৰ নৈত খলি লৈ থকা জনমভূমিখন এৰি থৈ যোৱাৰ দৃশ্য সুৰক্ষা সমিতিৰ নাগৰিকসকলে টোপ মাৰিবলৈ বেৰত কৰা বিন্ধাইদি বহুত পৰলৈকে চাই থাকিল৷ মাৰিয়ান্না লাহে লাহে আগবাঢ়ি থাকিল৷ ভৰি দুটাই যেন এই মাটিৰ পৰা বিচ্ছিন্ন হৈ যাবলৈ অস্বীকাৰ কৰিছিল৷ চহৰখনৰ কাৰণে নিজৰ প্ৰাণ উছৰ্গা কৰা মৃতদেহবিলাকক তেওঁ প্ৰণিপাত জনাই অ’ত-ত’ত পৰি থকা অস্ত্ৰ-শস্ত্ৰসমূহ অতি ঘৃণাৰে ভৰিৰে ঠেলি আগবাঢ়ি থাকিল৷ কাৰণ জীৱন ৰক্ষা কৰা এগৰাকী মাতৃয়ে সকলো অস্ত্ৰ-শস্ত্ৰক সদায় ঘৃণাৰ চকুৰেই চায়৷
তেওঁ নিজৰ কাপোৰৰ তলত মূল্যবান এটা পানীৰ বটল লৈ অতি সন্তৰ্পণে খোজ কাঢ়িছিল৷ বেৰৰ বিন্ধাইদি নিৰীক্ষণ কৰি থকা লোকসকলৰ দৃষ্টিত তেওঁৰ চলন্ত মূৰ্তিটো লাহে লাহে সৰু হৈ আহিল৷ মানুহবিলাকৰ মনত এনেকুৱা ভাব হ’ল যেন তেওঁৰ প্ৰস্থানৰ লগে লগে চহৰবাসীৰ নৈৰাশ্য আৰু বিষণ্ণতাৰো অৱসান ঘটিল৷
তেওঁলোকে দেখিলে যে মাৰিয়ান্নাই মাজবাটতে ৰৈ মূৰৰ ওৰণিখন পিঠিলৈকে খহাই পিছফালে ঘূৰি চহৰখন একেথৰে চাই আছে৷ ম’না মাৰিয়ান্নাক অকলে থিয় হৈ থকা দেখি তেওঁৰ দৰেই ক’লা কাপোৰেৰে আবৃত্ত শত্ৰু শিবিৰৰ প্ৰহৰীবিলাক সন্তৰ্পণে তেওঁৰ ওচৰলৈ আহি তেওঁনো কোন, ক’ৰ পৰা আহিছে, সুধিলেহি৷
“তোমালোকৰ সেনাপতি মোৰ পুত্ৰ”- ম’নাই ক’লে৷ কোনেও তেওঁৰ কথাত সন্দেহ নকৰিলে৷ তেওঁলোকে মাৰিয়ান্নাৰ ওচৰত মূৰ দোৱাই তেওঁৰ পুত্ৰৰ চাতুৰ্য, সাহস আদিৰ প্ৰশংসাৰে পঞ্চমুখ হ’ল৷ মাৰিয়ান্নাই মূৰ ওপৰলৈ তুলি তেওঁলোকৰ সকলো কথা শুনিলে৷ তেওঁৰ মুখত আশ্চৰ্যৰ একো লক্ষণ ফুটি উঠা নাছিল, কাৰণ তেওঁৰ পুত্ৰ এনেকুৱাই হ’ব৷
অৱশেষত তেওঁ আহি সেইজনৰ ওচৰত থিয় হ’লহি, যিজনক মাৰিয়ান্নাই ন মাহ গৰ্ভত ধাৰণ কৰিছিল, যিজনক তেওঁ নিজৰ হৃদয়ৰে এটা অংশ বুলি গণ্য কৰিছিল৷ সুন্দৰ আভূষণেৰ সৈতে মাৰিয়ান্নাই সপোনত পুত্ৰক এনেদৰেই দেখিছিল- সমৃদ্ধ, যশস্বী, আৰু প্ৰশংসিত ৰূপত৷
মাকৰ হাতত চুমা খাই পুতেকে ক’লে- “মা! তুমি এতিয়া মোৰ ওচৰলৈ আহিলা, মোৰ লগতেই আছা আৰু মই কাইলৈয়ে সেই অভিশপ্ত চহৰখন ছাৰখাৰ কৰি দিম৷”
“সেই চহৰখনতে তোৰ জন্ম হৈছিল৷” মাৰিয়ান্নাই পুতেকক মনত পেলাই দিলে৷
নিজৰ পৰাক্ৰমত অহংকাৰী, মাত্ৰাধিক গৌৰৱৰ লালসাত অন্ধপ্ৰায় আৰু যৌৱনৰ ঔদ্ধত্যৰে উদ্ধত হৈ পুতেকে ক’লে- “মই এই পৃথিৱীৰ কাৰণে পৃথিৱীতেই জন্ম হৈছিলো৷ মোৰ আচৰিত পৰাক্ৰমত পৃথিৱী কঁপি উঠক, মই তাকে বিচাৰোঁ৷ কেৱল তোমাৰ কাৰণেই মই এই চহৰখন এৰি দিছিলো৷ মোৰ দেহত এয়া কাঁইটেহে যেন বিন্ধিছে, মোৰ উত্থানৰ পথত এই চহৰে প্ৰতিবন্ধক ৰূপে দেখা দিছে৷ কালিলৈ মই অকলেই এই মূঢ়, মূৰ্খ মানুহবোৰক শেষ কৰি দিম৷”
“তাৰ প্ৰতি টুকুৰা শিল তোৰ শৈশৱৰ পৰাই পৰিচিত৷” মাৰিয়ান্নাই ক’লে৷
“শিলে কেতিয়াও কথা নকয়, মানুহেহে শিলক কথা কোৱাব৷ এই পাহাৰ, পৰ্বত সকলোৱে মোৰ কথাকে কওক, মই ইয়াকে বিচাৰোঁ৷”
“আৰু মানুহে?” মাৰিয়ান্নাই সুধিলে৷
“হয় মা, মই তেওঁলোকৰ কথা পাহৰিছিলোৱেই, মই তেওঁলোককো বিচাৰোঁ৷ কাৰণ কেৱল মানুহৰ স্মৃতিতেই বীৰ অমৰ হৈ থাকে৷”
মাৰিয়ান্নাই ক’লে- “তেওঁৱেই হৈছে বীৰ, যিজনে মৃত্যুকো অস্বীকাৰ কৰি জীৱনৰ সৃষ্টি কৰে৷ যিজনে মৃত্যুক জয় কৰে…৷”
“নহয় নহয়”- পুতেকে আপত্তি দৰ্শালে, “এখন চহৰৰ নিৰ্মাতা যি গৌৰৱৰ অধিকাৰী, সেই চহৰখনৰ ধ্বংসকৰ্তাও সেই গৌৰৱৰ অধিকাৰী৷ চোৱা, ৰোম নগৰখন আইনাচ নে ৰোমিউলচে নিৰ্মাণ কৰিছিল, সেয়া আমি নাজানো; কিন্তু চহৰখন ধ্বংস কৰা বীৰ আহাৰিকৰ আৰু আন বীৰসকলৰ নাম আমি মনত ৰাখিছোঁ৷”
“বীৰৰ স্থান এইবিলাক নামতকৈ বহুত ওপৰত৷” তাৰ মাকে মনত পেলাই দিলে৷
অস্তমিত সূৰ্যৰ অনুভৱ নোহোৱালৈকে তেওঁলোকে কথা-বতৰা পাতিলে, পুত্ৰৰ বিশৃংখল, অসভ্য কথা শুনি থাকোঁতে মাৰিয়ান্নাই তেওঁক বাধা দিয়া নাছিল, কিন্তু তেওঁৰ দীপ্ত মুখমণ্ডল লাজত নত হৈ পৰিছিল৷
মাতৃয়ে সৃষ্টি কৰে, মাতৃয়ে ৰক্ষাও কৰে৷ গতিকে এগৰাকী মাতৃৰ আগত ধ্বংসৰ কথা কোৱা মানে তেওঁৰ বিৰুদ্ধাচৰণ কৰা৷ কিন্তু সি যে নিজেই মাকৰ অস্তিত্বৰ কাৰকক অস্বীকাৰ কৰিছে, সেয়া সি বুজিবই পৰা নাছিল৷
এগৰাকী মাতৃ সদায়েই মৃত্যুৰ বিৰোধী৷ যি হাতে মানুহৰ ঘৰলৈ মৃত্যুক আহ্বান কৰে, সেয়া মাতৃৰ বাবে ঘৃণনীয় আৰু অবাঞ্ছিত৷ পুতেকে এই কথাটো অনুভৱেই কৰা নাছিল৷ কাৰণ হৃদয়ক নিৰ্জীৱ কৰি দিয়া ক্ষমতাই তাক ইতিমধ্যেই অন্ধ কৰি তুলিছিল৷
সি এইটোও নাজানিছিল যে এগৰাকী মাতৃ যিমান নিৰ্ভয় হ’ব পাৰে সিমানেই চতুৰ আৰু নিৰ্দয়ো হ’ব পাৰে, যদি সেই মাতৃয়ে সৃষ্টি কৰা জীৱনৰ ওপৰত প্ৰশ্নৰ উদ্ৰেক হয়৷
মাৰিয়ান্নাই তললৈ মূৰ কৰি বহি আছিল আৰু সেনাপতি পুত্ৰৰ সজ্জিত তম্বুৰ ফাঁকেৰে চহৰখন লক্ষ্য কৰি আছিল, য’ত তেওঁ নিজৰ ভিতৰত প্ৰথম জীৱনৰ সৃষ্টিৰ পুলক অনুভৱ কৰিছিল আৰু তেওঁৰ সেই পুত্ৰই এতিয়া এজন ধ্বংসপিপাসু ব্যক্তিত পৰিণত হৈছে৷
সূৰ্যাস্তৰ ৰক্তিম আভাই চহৰখনৰ দেৱালবিলাক ৰক্তোজ্জ্বল কৰি তুলিছিল৷ খিৰিকীৰ আইনাত পৰা সূৰ্যৰশ্মিয়ে গোটেই চহৰখন ক্ষত-বিক্ষত ঘাঁৰে যেন ভৰাই পেলাইছিল আৰু মুকলি হৈ থকা সেই কেঁচা ঘাঁবোৰৰ পৰা যেন টপ্ টপকৈ তেজ নিগৰি পৰিছিল আৰু লাহে লাহে চহৰখন মৰাশৰ দৰে ক’লা হৈ পৰিছিল৷ সমাধিৰ ওপৰত জ্বলা জুইৰ শিখাৰ দৰে আকাশত তৰাবোৰো দপ্ দপাই উঠিছিল৷
মাৰিয়ান্নাই চাকি নজ্বলোৱা আন্ধাৰ ঘৰবিলাক দেখিছিল, দ’ম দ’ম মৰাশ আৰু অৱসাদগ্ৰস্ত ৰাস্তাবোৰো তেওঁৰ দৃষ্টিগোচৰ হৈছিল৷ মৃত্যুৰ অপেক্ষাত আতংকিত হৈ থকা চহৰবাসীৰ মনে মনে পতা কথাৰ শব্দও যেন তেওঁৰ কাণত পৰিছিলহি৷ তেওঁ সকলো দেখিছিল৷ তেওঁৰ অতি আপোন, অতি প্ৰিয় সকলো তেওঁৰ চকুৰ সন্মুখলৈ আহিছিল, সকলোৱে মৃত্যুৰ ক্ষণ গণি আছিল, মাৰিয়ান্নাৰ এনেকুৱা লাগিছিল যেন তেওঁ সকলো দেশবাসীৰেই মাতৃ৷
এনে লাগিছে যেন ক’লা পাহাৰৰ শিখৰৰ পৰা মেঘৰ টুকুৰাবিলাক উপত্যকাৰ ভিতৰলৈ সোমাই আহিছে আৰু পাখিলগা ঘোঁৰাৰ দৰে অভিশপ্ত চহৰখনৰ ওপৰত তীব্ৰ বেগেৰে যেন জঁপিয়াই পৰিছে৷
“আমি আজি ৰাতিয়েই আক্ৰমণ কৰিব পাৰোঁ”- মাৰিয়ান্নাৰ পুত্ৰই ক’লে, “যদি ৰাতি আন্ধাৰ ঘন হয়৷ চকুত সূৰ্যৰ ৰশ্মি পৰিলে মাৰিবলৈ অলপ কষ্ট হয়৷ তীক্ষ্ণ অস্ত্ৰৰ ওপৰত ৰ’দৰ চিক্ মিকনিয়ে চকুত ধৰে আৰু কিছুমান অস্ত্ৰ এনেয়ে যায়৷” সি তাৰ তৰোৱালখন পৰীক্ষা কৰি কৰি ক’লে৷
মাৰিয়ান্নাই পুতেকক ক’লে, “আহ বাছা, মোৰ বুকুতে মূৰ গুজি বিশ্ৰাম কৰ৷ মনত পেলাচোন, সৰুতে তই কিমান স্ফূৰ্তিবাজ আছিলি, সকলোলৈকে তোৰ কিমান দয়া আছিল, সকলোৱে তোক কিমান ভাল পাইছিল…৷”
তেওঁৰ কথা মানি সি তেওঁৰ কোলাত মূৰটো থৈ টোপনিয়াবলৈ চেষ্টা কৰি কৰি ক’লে- “মই কেৱল যশস্বী আৰু বিখ্যাত হোৱাটোকে বিচাৰোঁ আৰু ভাল পাওঁ৷ তদুপৰি মোক ডাঙৰ-দীঘল কৰি আজিৰ এই অৱস্থালৈ আনি দিয়াৰ বাবে তোমাক ভাল পাওঁ৷”
“আৰু মাইকী মানুহক?” মাৰিয়ান্নাই পুতেকলৈ চাই প্ৰশ্ন কৰিলে৷
“আছে দুই-চাৰিগৰাকী৷ যিকোনো বস্তু অত্যধিক হ’লে বিতৃষ্ণা জন্মে৷”
“সন্তান-সন্ততিৰ ইচ্ছা নাই নেকি তোৰ?” শেষত মাকে সুধিলে৷
“কি কাৰণে? কিয়, সিহঁতৰ মৃত্যু হ’বৰ কাৰণে? মোৰ নিচিনাকৈ কোনোবাই সিহঁতক মাৰি পেলাব৷ তেতিয়া মই অত্যন্ত দুখ পাম৷ মোৰ বল, বয়সো নাথাকিব যে মই তাৰ প্ৰতিশোধ ল’ম৷”
“তই দেখিবলৈ ইমান ধুনীয়া৷ কিন্তু গাটো বিজুলীৰ দৰে একেবাৰে নিষ্ফল…, বন্ধ্যা৷”
“অ অ, একেবাৰে বিজুলীৰ দৰে৷” সি অলপ হাঁহি উত্তৰ দিলে৷ লাহে লাহে সৰু ল’ৰাটোৰ দৰে মাকৰ কোলাত তাৰ টোপনি গ’ল৷
তাৰ পাছত মাৰিয়ান্নাই পুতেকক নিজৰ ক’লা কাপোৰখনেৰে ঢাকি তাৰ বুকুত চুৰীখন সুমুৱাই দিলে৷ অলপ দেৰি ছট্ ফটাই থাকি তাৰ প্ৰাণবায়ু উৰি গ’ল৷ তেওঁৰ পুতেকৰ হৃৎপিণ্ড কোনখিনিত, সেয়া তেওঁতকৈ ভালকৈ আৰু কোনে জানিব? স্তব্ধ, সচকিত প্ৰহৰীজনৰ ভৰিত পুতেকৰ শৱটো ঠেলি পেলাই দি মাৰিয়ান্নাই চহৰখনক উদ্দেশ্যি ক’লে- “এগৰাকী নাগৰিক হিচাপে দেশৰ কাৰণে যি কৰিব লাগে, মই কৰিছোঁ৷ মাতৃ হিচাপে মই মোৰ পুত্ৰৰ লগত থাকিম৷ আৰু এটা সন্তান গৰ্ভত ধাৰণ কৰিবলৈ মোৰ আৰু সময় নাই৷ মোৰ জীৱন আৰু কাৰোৰে প্ৰয়োজন নহয়৷”
পুত্ৰক হত্যা কৰা একেখন তেজেৰে লুতুৰি পুতুৰি চুৰী এখন হাতেৰে ধৰি তেওঁ নিজৰ বুকুতো সুমুৱাই দিলে৷ এইবাৰো চুৰিখনে ঠিকেই লক্ষ্যভেদ কৰিলে৷ কিয়নো বেদনাৰ্ত মাৰিয়ান্নাৰ কাৰণে নিজৰ হৃৎপিণ্ডৰ সন্ধান পোৱাটো সেই মুহুৰ্তত কোনোপ্ৰকাৰেই কঠিন নাছিল৷
--------------সমাপ্ত-----------------
ভাবানুবাদঃ অৰ্চনা গীতা শইকীয়া