টাইফুনঃ চৈয়দ আজিজুল হুছেইন

 টাইফুন

উপহাৰৰ কোনো স্বৰূপ নাথাকে। অথচ জীৱনে উপহাৰ ৰূপত দিয়া টাইফুনৰ স্বৰূপ আছে, স্বভাৱ আছে। সি হ’ল পৰিৱৰ্তন। ভাললৈ অথবা বেয়ালৈ। কিছুমান টাইফুন কাৰোবাৰ জীৱনৰ বাবে আশীৰ্বাদস্বৰূপ, আৰু আন কিছু অভিশাপ। টাইফুন.....!

ৰুক্মিণী, পবিত্ৰ, কবিতা, অখিল, ভাগীৰথ, আদি বহুতকে জীৱনে দি যোৱা টাইফুনৰ একত্ৰ কাহিনী ‘টাইফুন’— উপন্যাসখন লিখি উলিয়াইছে চৈয়দ আজিজুল হুছেইনে। এক কথাত ক’বলৈ গ’লে, ‘টাইফুন’ প্ৰকাশৰ আজি ৩৬ বছৰ পিছতো কাহিনীৰ প্ৰেক্ষাপট আৰু প্ৰক্ষেপনৰ প্ৰাসংগিকতা যিকোনো পাঠকে অনুভৱ কৰিব পাৰিব। সমকালীন সমাজব্যৱস্থাৰ বহুকেইটা সাধাৰণ অথচ ৰহস্যাৱৰ্তিত ঘটনাপ্ৰৱাহক একেডাল শিপাৰে সংযোজিত কৰি উপন্যাসৰূপত সজাই তোলাত সফল হৈছে ঔপন্যাসিক হুছেইন।

অসমীয়া উপন্যাস সাহিত্যত জীৱনমুখিতা-কেন্দ্ৰিক দৃষ্টিভংগী এটা আমি সততে হোমেন বৰগোহাঞিদেৱৰ সৃষ্টিত দেখা পাওঁ। তেখেতৰ ‘অস্তৰাগ’কে ধৰি প্ৰায় বহুকেইখন উপন্যাসতে অত্যাধিক জীৱনমুখিতাৰ বলি হোৱা মনস্তত্ত্বৰ উপস্থিতি দেখা গৈছে। তাতকৈ কিঞ্চিত সংযতৰূপত জীৱনমুখিতাই ভূমুকি মৰা দেখা গৈছে ‘টাইফুন’তো। ৰুক্মিণী অথবা অখিল দত্ত আৰু পবিত্ৰৰ চৰিত্ৰ কেইটাত এই প্ৰভাৱ কিছু পৰিমানে দেখা যায়। আচলতে এনেবোৰ উপাদানেই এখন সামাজিক উপন্যাসক ‘সামাজিক’ কৰি তোলাত সহায় কৰে। এইক্ষেত্ৰত ‘টাইফুন’ৰ লেখকৰ এয়া এক পৰিকল্পিত আলম্বন বুলিও ক’ব পাৰি। কিয়নো কাহিনীৰ গতিপথত কোনো মুহুৰ্ততে টাইফুনে বিধ্বস্ত কৰি যোৱা মন-মগজুত জীৱনমুখিতাৰ চৰম প্ৰতিফলন দেখা নাযায়। বৰঞ্চ এয়া উমি-উমি জ্বলি থকা (জ্বলাই ৰখা) একুৰা তুঁহজুইৰ দৰে যেন এক কায়দাহে।

আনহাতে, ‘টাইফুন’ উপন্যাসখনত পুনঃপৌণিকভাৱে সৃষ্টি হোৱা সংঘাতে কাহিনীভাগক গতিশীলতা প্ৰদান কৰিছে। কাহিনীৰ মধ্যভাগলৈকে ‘টাইফুন’ প্ৰেম-কেন্দ্ৰিক আৰু প্ৰেমৰ বাবে জীৱনলৈ অহা ধুমুহা সম্পৰ্কীয় এখন উপন্যাস যেন অনুভৱ হ’লেও টাইফুন গোটটোৰ জৰিয়তে পবিত্ৰ, এম.টি.হঁতে আনিবলৈ বিচৰা সমাজ বিপ্লৱ, তথা অখিল ফুকনৰ হত্যাকাণ্ডৰ জৰিয়তে ঔপন্যাসিকে কাহিনীটোত এক নতুন পৰিশীলতা প্ৰদান কৰি ৰহস্য উপন্যাসৰ ফালে টানি নিয়াৰ চেষ্টা কৰিছে, আৰু তেখেত সফলো হৈছে। এই হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়াত ওলাই থকা  নিত্য নতুন মোৰবোৰে ক্ষন্তেক সময়ৰ বাবে হ’লেও ৰহস্য উপন্যাসৰ সোৱাদ দিছে। লগতে পবিত্ৰৰ Underground Secret Agency টাইফুনৰ সৈতে জৰিত হৈ সমাজলৈ আনিব খোজা পৰিৱৰ্তনৰ কাহিনীত ঔপন্যাসিকৰ মাৰ্ক্সবাদী-সাম্যবাদী আদৰ্শৰ ওপৰত থকা বিশ্বাস প্ৰতিফলিত হোৱাৰ সমান্তৰালভাৱে, কবিতাৰ জীৱনৰ তমসাবৃত্ত অধ্যায়ৰ ঘটনাপ্ৰৱাহ, পূৰ্ণিমা বেজবৰুৱাৰ অত্যাধুনিক জীৱন যাপন তত্ত্ব, আদিত্য বেজবৰুৱাৰ মানসিক দ্বন্দ, কবিতাৰ মানসিক স্থিতিৰ ওপৰত পিতৃ-মাতৃৰ সংঘাতপূৰ্ণ পাৰিবাৰিক জীৱনৰ প্ৰভাৱ, কবিতা-অখিলৰ বৈবাহিক জীৱন, এই সকলোবোৰে উপন্যাসখনত সমসাময়িক সমাজ-জীৱনৰ এখন স্পষ্ট ছবিৰ লগতে মানৱীয় মন-মগজুৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ সুক্ষ্মাতিসুক্ষ্ম অধ্যয়নৰ বহিঃপ্ৰকাশ ঘটাইছে।

জোচেফ কনৰেডৰ ‘টাইফুন’ (১৯০২) গ্ৰন্থখনতো টাইফুনাক্ৰান্ত এখন জাহাজৰ কেপ্তেইনজনৰ নেতৃত্ব আৰু প্ৰকৃতিৰ অনাকাংক্ষিত পৰিৱৰ্তন সম্পৰ্কে কোৱা হৈছে। কাহিনী, পটভূমি পৃথক হ’লেও মৰুভূমিৰ মাজেৰে প্ৰচণ্ডভাৱে প্ৰৱাহিত এচাটি ধুমুহা— টাইফুনৰ সম্ভাৱ্য পৰিণতিৰ কথাই কোৱা হৈছে দুয়োখন উপন্যাসত। এই টাইফুনে কাৰ জীৱনলৈ কেতিয়া কেনেদৰে কাল- অমাৱশ্যা নমাই  আনে কোনেও ক’ব নোৱাৰে। আজিজুল হুছেইনৰ ‘টাইফুন’ ত যদি ইয়াৰ তাৎপৰ্য বিচাৰ কৰা হয়, তেন্তে প্ৰথমেই আহিব জীৱনৰ সহজতম ৰূপটোকো জটিলতাৰ সুঁতাৰে বান্ধি পেলাই কোনোবা ৰূপকথাৰ নিসংগ দ্বীপ এটাৰ কালছাঁয়া হৈ ৰোৱা ৰুক্মিনীৰ কথা। তাইৰ মনোজগতত চলি থকা টাইফুনে তাইক কাহানিবাই ক্ষত বিক্ষত কৰি পেলাইছে। তাৰপিছতো তাই পবিত্ৰলৈ অপেক্ষা কৰিছে। সি অহাত তাইৰ মনাকাশ অজান অনুভৱেৰে পুলকিত হৈ উঠিছে। অথচ তাই জানিছিল, সেই অপেক্ষাৰ কোনো অৰ্থ নাই। পবিত্ৰ সুদূৰত ঢিমিক্ ঢামাককৈ জ্বলি থকা এটি তৰা, ধৰোঁ বুলি তাই যিমানেই হাত মেলে, সিমানেই আঁতৰি যায়। সেই একেজাক ধুমুহাতে ধৰাশায়ী হৈছে প্ৰদ্যুম্ন চৌধুৰী, কবিতা ফুকনো। যিজন অখিল ফুকনৰ পত্নী হৈ কবিতা কোনোদিন সুখী নাছিল, যাৰ নামৰ সেন্দুৰখিনিয়ে তাইক কোনোদিন বাউলী কৰা নাছিল, সেইজন মানুহৰ মৃত্যুয়েও কবিতাক কন্দুৱাইছে। তাইৰ অন্তৰাত্মাই বিচাৰিছিল, অখিল ফুকন তাইৰ হৈ থাকক। কিন্তু সেই একেজনী কবিতাই স্বামীৰ হত্যাৰ পিছতে প্ৰাক্তন প্ৰেমিক পবিত্ৰক শেষ ভৰসা বুলিও ভাবিছে। ৰুক্মিণীৰ সৈতে পবিত্ৰৰ সম্পৰ্কই তাইৰ আভ্যন্তৰীণ জগতখনক বিধ্বস্ত কৰিছে। এইখিনিতেই সৃষ্টি হৈছে আন এক সংঘাত। আন এক ভাৱৰ দ্বন্দ। অখিল ফুকনৰ সৈতে কবিতাৰ বৈবাহিক জীৱন আছিল এক টাইফুন। ফুকনৰ হত্যাৰ সৈতে সেই টাইফুনে কবিতাৰ জীৱনলৈ লৈ আহিছে আন এক পথেৰে পবিত্ৰৰ সহযাত্ৰী হোৱাৰ সুযোগ। যি সুযোগ গ্ৰহণ কৰি কবিতা গুছি গৈছে পবিত্ৰৰ পথেৰে। থাকি গৈছে ৰুক্মিনী। নিসংগ হৈ। আনহাতে, অখিল ফুকন অথবা পূৰ্ণিমা বেজবৰুৱাৰ জীৱনৰো কোনোবাছোৱা সময়ত নিশ্চয়কৈ প্ৰৱাহিত হৈছে টাইফুন। কিন্তু অখিল ফুকনৰ মানসিক অৱস্থা অথবা পূৰ্ণিমা বেজবৰুৱাৰ অসামাজিক জীৱনে পাবলগীয়া গুৰুত্ব পোৱা নাই উপন্যাসখনত। সেয়েহে উন্মোচিত নোহোৱাকৈয়ে থাকি গৈছে তেওঁলোকৰ জীৱনৰ সেই বিশেষ সময়ৰ ৰহস্যঘন আঁৰকাপোৰ।

কিন্তু এই সকলো চৰিত্ৰই উপন্যাসখনৰ প্ৰায়খিনি অংশত ঠাই লৈছে যদিও আমাৰ দৃষ্টিত ঔপন্যাসিকে এই সকলো কাহিনীৰ মূল চৰিত্ৰটোক বৰ কায়দাৰে পাঠকৰ চকুৰ পৰা নিলগাই ৰাখিছে। কবিতা আৰু অখিল ফুকনৰ জীৱনলৈ পবিত্ৰৰ আগমন এজাক ধুমুহা হৈ নহা হ’লে হয়তো এই উপন্যাসৰ নায়ক-নায়িকা হ’লহেঁতেন মিছেছ কবিতা ফুকন আৰু মিষ্টাৰ অখিল ফুকন। কিন্তু পবিত্ৰৰ আগমনেৰে আৰম্ভ হোৱা অখিলৰ মৃত্যুমুখী যাত্ৰাৰ সামৰণি পৰিল কাহিনীৰ মূল চৰিত্ৰটোৰ বাবে। লচমীৰ বাবে। কবিতা-অখিলৰ বৈবাহিক জীৱনত পলমকৈ হ’লেও টাইফুনৰ অন্ত পৰিলহেঁতেন যদিহে হঠাৎ লচমী আন এক টাইফুন হৈ অখিলৰ জীৱনলৈ নাহিলহেঁতেন। লচমীৰ বাবেই ভাগীৰথে হত্যা কৰিলে অখিল ফুকনক, আৰু তাতেই কাহিনীয়ে নতুন মোৰ লৈ ৰুক্মিনীৰ বুকুত উমি উমি জ্বলি থকা জুইকুৰা নুমুৱাই একেবাৰে নিসংগ কৰি গ’ল তাইক। সলনি হ’ল কবিতাৰ জীৱন। সমাজৰ প্ৰশ্নবানে থকা-সৰকা কৰা কবিতা সকলো বান্ধোনৰ পৰা মুক্ত হৈ গুছি গৈছে পবিত্ৰৰ পথেৰেই, যাক তাই শেষ আশ্ৰয় বুলি ভাবিছিল। এই সকলো টাইফুনৰ আদিতে আছে লাচমীৰ প্ৰতি ভাগীৰথৰ আচৰিতধৰণৰ প্ৰেম, যি প্ৰেমৰ বাবেই সি ককায়েকক ত্যাগ কৰিছিল, লচমীক বিচাৰি অসমলৈ আহিছিল, ভোকাতুৰ-যাযাবৰী হৈ এদিন ৰুক্মিনীৰ দেউতাকৰ লগত ঘৰ সোমাইছিলহি, আৰু শেষত সেই প্ৰেমৰ প্ৰতিশোধৰ নামতেই ভুলবশতঃ হত্যা কৰিছে অখিল ফুকনক। ইয়াতেই ওলট পালট হৈ পৰিছে কাহিনীৰ পটভূমি। এই সকলোবোৰে লচমীক ‘টাইফুন’ৰ কাহিনীৰ নায়িকা সজাই তুলিছে, জনচক্ষুৰ আঁৰত, নীৰৱে।

উপন্যাসখনৰ নামকৰণৰ ক্ষেত্ৰত বিশেষভাৱে সফল হৈছে ঔপন্যাসিক হুছেইন। ‘টাইফুন’ৰ প্ৰতিটো উপকাহিনীত প্ৰতিফলিত হৈছে “টাইফুন” শব্দটোৰ তাৎপৰ্য। আনহাতে, “.. টাইফুন আজি প্ৰলয়ংকাৰী এজাক বতাহ নহয়, টাইফুন আজি মানুহৰ ভৱিষ্যত- নতুন পুৱাৰ জন্ম-যন্ত্ৰণা” বাক্যশাৰীত প্ৰতিফলিত হৈছে এই আলোচনাৰ আৰম্ভনিতে আমি উল্লেখ কৰা টাইফুনৰ স্বৰূপটোক। এই টাইফুনে শোষনমুক্ত সমাজৰ বাবে কাম কৰিবলৈকে আন এজাক প্ৰবল বতাহ সৃষ্টি কৰিছে শোষণ-পেড়িত সমাজৰ মাজেৰে। টাইফুন! টাইফুনে বাট ভেটে। টাইফুনে বাট কাটে।

সি যি নহ’লেও, উপন্যাসখনৰ বিশেষ কেইটামান চৰিত্ৰক বাদ দিলে আন প্ৰতিটো চৰিত্ৰই কাহিনীৰ গতিশীলতা ধৰি ৰাখিছে। সাধনা, কৰবী আদিবোৰ ‘টাইফুন’ৰ অসম্পূৰ্ণ চৰিত্ৰ। হয়তোবা ঔপন্যাসিকৰ এয়া ইচ্ছাকৃত উদাসীনতা। তথাপি সকলো টাইফুনত বিধ্বস্ত চৰিত্ৰৰ সলনি হোৱা জীৱনৰ মেৰপাকৰ মাজতো সৰল ৰৈখিক ৰেখা এডালত অপ্ৰাপ্তিৰ খালী জোলোঙা লৈ ৰৈ থাকিল ৰুক্মিনী। স্থিতপ্ৰজ্ঞৰ দৰে। কাহিনীৰ দাবীত কবিতা ফুকন উপন্যাসখনৰ অন্যান্য চৰিত্ৰত পৰিণত হ’লেও পাঠকৰ সহানুভূতিয়ে যেন কেৱল ৰুক্মিনীক ঢুকি পাব, তেনে অনুমান হয় ‘টাইফুন’ পঢ়িলে। তাৰোপৰি, কাহিনী আৰু চৰিত্ৰৰ সৈতে বিশেষ চাতুৰ্যতাৰে খেলিছে ঔপন্যাসিকগৰাকীয়ে। অৱশ্যে সম্পূৰ্ণ উপন্যাসখনত ব্যাকৰণ আৰু ছপাৰ বিসংগতি থাকিলেও পঠন-সুখৰ পৰা পাঠক বঞ্চিত নহ’ব বুলি আমাৰ বিশ্বাস।

ঔপন্যাসিকে ইচ্ছা কৰা হ’লে ৰুক্মিনী আৰু পবিত্ৰকো উপন্যাসখনৰ নায়ক-নায়িকাৰূপত অংকন কৰিব পাৰিলেহেঁতেন। কিন্তু তেনে নকৰি তিনিকোণীয়া সম্পৰ্কৰ তাঁৰডাল ৰুক্মিনীৰ পৰা পবিত্ৰ আৰু পবিত্ৰৰ পৰা কবিতালৈ টানি নি এক সকৰুণ কাহিনীপটৰ সৃষ্টি কৰাত ‘টাইফুন’ৰ আকৰ্ষণীয়তা বৃদ্ধি পাইছে। কাহিনীৰ আৰম্ভনিতে ৰুক্মিনীৰ মনগভীৰৰ নিসংগতাৰ কাৰণ বিচাৰি তাই কবিতাক খং নে ঘৃণা কৰিব, নে সমবেদনা অথবা ঈৰ্ষা কৰাটো উচিত হ’ব ঠিৰ কৰিবলৈ গৈ আত্মসন্মানৰ কৰ্কশ পঘাডালত বান্ধ খাই পৰা, আৰু কাহিনীৰ শেষৰ ফালে, পবিত্ৰ উভতি অহাত ৰুক্মিণীৰ হৃদয়লৈ অহা পৰিৱৰ্তনে এই সম্পৰ্কক অধিক সিদ্ধ কৰে। তাৰোপৰি, প্ৰদ্যুম্ন চৌধুৰীয়ে ৰুক্মিনীৰ সন্মুখত আৱেগসৰ্বস্ব স্বীকাৰোক্তিও দিছে, “মনৰ মাজত এটা ৰাস্তা, দুটা মনৰ মাজত এখন দলং কোনো দিনেই আৰু ৰচনা নহ’ল, হয়তো আৰু নহ’বও”১ (হুছেইন, এছ.এঃ টাইফুন, ১৯৮৮, পৃ. ৮)। অথচ সকলো বুজিও ৰুক্মিনীয়ে প্ৰদ্যুম্ন চৌধুৰীৰ আৱেগক বুজিবলৈ নিবিচাৰে। কাৰণ তাইৰ হৃদচিত্তত ইতিমধ্যেই পবিত্ৰই দখল কৰি থৈছে এক বিশেষ ঠাই, সংগোপনে। কিন্তু পবিত্ৰৰ চিঠিখন পঢ়ি ৰুক্মিণীৰ মনত বলা ধুমুহাজাকৰ সন্ধান আনে নাপালেও চিঠিখনৰ ‘তই মোৰ ভনী’ শব্দ তিনিটাই ৰুক্মিনীক কিদৰে দহিছে সেয়া কেৱল ৰুক্মিনীয়ে অনুভৱ কৰিব পাৰে। পবিত্ৰৰ প্ৰতি থকা তাইৰ নিভাঁজ স্নেহক সি ভাতৃ-ভগ্নীৰ নাম দিলেও ৰুক্মিনীক কাহিনীৰ নায়িকৰূপত বিচৰা পাঠকৰ অথবা ৰুক্মিণীৰ নিজৰে সেয়া কাম্য নাছিল। সেয়েহে তাইৰ বুকুৰ জ্বলন্ত অগ্নিটুকুৰা কাৰো চকুত ধৰা নিদিয়াকৈয়ে ‘টাইফুন’ৰ কাহিনী শেষ হৈছে। কিন্তু ৰুক্মিনীৰ বুকুত তাৰপিছতো থাকি গৈছে অন্য এক টাইফুনৰ তেজৰঙা বীজ।◼

✍ অৰ্চনা গীতা শইকীয়া