জয়ন্ত মহাপাত্ৰৰ কবিতা Her Hands-ৰ অসমীয়া অনুবাদ "নগ্ন প্ৰহৰ"

Her Hands by Jayanta Mahapatra








নগ্ন প্ৰহৰ


তমস‍াই সী থোৱা কণমানিজনীৰ হাতখন
মই কেনেকৈ ধৰিম?

চ্ছেদিত মুৰৰ দৰে ওলমি থাকে ৰাস্তাৰ নিয়ন চাকিবোৰ
আমাৰ মাজৰ সেই ভয়ানক দুৱাৰখন উন্মুক্ত কৰে তেজে

দেশৰ বহল মুখখন যন্ত্ৰনাত বিদ্ধ
আৰু নখৰ বিচনাত শিহঁৰি উঠে ইয়াৰ কায়া

কণমানিজনীৰ ধৰ্ষিত শৰীৰটোতেই 
মই তাইক পাব লাগিব

অথচ প্ৰতিৰোধ অতিক্ৰমি তাইক সাৱটি ধৰিবলৈ
অক্ষম মোৰ অপৰাধবোধৰ ভাৰ।
Translated by: Archana Gita Saikia