হোমেন বৰগোহাঞিৰ “অস্তৰাগ”

 

অস্তৰাগত এভূমুকি

    

        ....অত্যাধিক জীৱনমুখী মানুহবোৰ সহজে সুখী হব নোৱাৰে। অথবা পৰিচিত হৈয়ো চিৰদিন অপৰিচিত হৈ ৰোৱা নিজৰ চৌপাশটোৰ সৈতে কোনোদিন সহজ হব নোৱাৰে। বিচাৰি ফুৰা পৃথিবীখনলৈ গুচি যোৱাৰ সুতীব্ৰ বাসনা এটাই এনে মানুহবোৰক ভীষণ অসুখী কৰি তোলে। এই জটিলতাৰ বাবেই বহু সময়ত তেওঁলোকে পৃথিৱীখনক “No Man’s Land” হিচাপে ধৰি লয়। কাৰোবাৰ সৈতে ক্ষন্তেকৰ বাবে আত্মীয়তা গঢ় লৈ উঠিলেও পিছ মুহুৰ্ততে বিৰক্তি অনুভৱ হয়। এনে অত্যাধিক জীৱনমুখী স্বভাৱে মানুহক কেতিয়াবা পৰিত্যক্ত এটুকুৰা শিলৰ দৰে জীয়াই থাকিবলৈ বাধ্য কৰে অথবা আত্মহননৰ পথ বাচি লোৱাটোও তেওঁলোকৰ বাবে সহজ হৈ উঠে।

        কাহিনীবিযুক্ত লিখনিসমূহৰ অধিকাংশতে জীৱনমুখী ভাৱ এটা পৰিস্ফূট হৈ উঠা পঞ্চাশৰ দশকৰ এগৰাকী স্বনামধন্য অসমীয়া- প্ৰয়াত হোমেন বৰগোহাঞিদেৱৰ এখন উল্লেখযোগ্য উপন্যাস হল অস্তৰাগ, যত ঠিক ওপৰত উল্লিখিত ধৰণৰ মানসিক স্থিতিৰে যুঁজি থকা দুজন ব্যক্তিৰ এজনৰ আত্মোপলব্ধিৰ কাহিনী আৰু আনজনৰ বাৰ্ধক্যই কোঙা কৰা শৰীৰটোত সোমাই থকা ৰুগ্ন, ধৰাশায়ী মনটোৰ পৰিস্থিতিৰ সন্মুখত পৰাজয়বৰণৰ কাহিনী বৰ্ণিত হৈছে। উপন্যাসখনৰ আন গৌণ চৰিত্ৰসমূহেও এখন সমাজ আৰু একোটা প্ৰজন্মক স্ষ্টৰূপত প্ৰতিনিধিত্ব কৰিছে। উপন্যাসখনৰ আৰম্ভনি আৰু যৱনিকা পৰিছে কেন্দ্ৰীয় চৰিত্ৰ দিলীপ আৰু দিলীপৰ দেউতাকৰ কথাৰে। উক্ত দুয়োটা চৰিত্ৰকে ঔপন্যাসিকে অত্যাধিক জীৱনমুখীতাৰ স্বীকাৰ হোৱা দুজন ব্যক্তি হিচাপে অংকন কৰিছে, যত দুয়োজনৰ শিপা একেডালেই, অথচ ভিন্নমুখী জীৱনৰ গতিত দুয়ো নিজকে ভিন ভিন ধৰণেৰে গঢ় দিছে।

অস্তৰাগৰ পটভূমি, চৰিত্ৰসমূহ আৰু আমাৰ অনুভৱঃ

উপন্যাসখনৰ আৰম্ভনিতে এক আচৰিতধৰণৰ মানসিক স্থিতিৰে যুঁজি থকা দিলীপৰ চৰিত্ৰটো বৰ্ণনা কৰা হৈছে। প্ৰগলভ জীৱনমুখিতাই দিলীপক নিজৰ মাজতে অন্য এখন পৃথিৱী সাজি লবলৈ বাধ্য কৰে, যত দ্বিতীয় কোনো ব্যক্তিৰ উপস্থিতি তেওঁৰ সহ্য নহয়। নিৰ্দিষ্ট দুই এজন বন্ধুৰ সৈতে তেওঁ কথাবোৰ আলোচনা কৰিলেও সেয়া যেন প্ৰয়োজনীয়তাৰ বাহিৰে আন একো নহয়। ভিতৰৰ অস্থিৰতাখিনি আনে নেদেখক বুলিয়েই বাহিৰত দিলীপে ভীষণ শৃংখল, দায়িত্বশীল মানুহ এজন হোৱাৰ চেষ্টা কৰে। তথাপি এই অভিনয়ত বিফল স্বামী দিলীপৰ সৈতে সঘনাই মনোমালিন্য ঘটা পত্নী সাবিত্ৰীৰ মনোৱস্থা বুজি দিলীপৰ বন্ধু(!) চন্দ্ৰইয়ো কয়- মনোবিজ্ঞানৰ মতে, যিবোৰ মানুহৰ অন্তৰ্জগতত ভীষণ নৈৰাজ্য আৰু বিশৃংখলতা বিৰাজ কৰে, ঠিক সেইবোৰ মানুহেই বাহিৰত খুব বেছি শৃংখলা আৰু পৰিপাটিতা বিচাৰে..।  বাহিৰে প্ৰাত্যহিক গতানুগতিকতাত অভ্যস্ত হলেও ভিতৰি প্ৰতিপল অস্বাভাৱিক হৈ থকা দিলীপৰ পত্নী-পুত্ৰ-কন্যাৰ সৈতে এক সুখী(!), আড়ম্বৰপূৰ্ণ নগৰীয়া জীৱন থকাৰ পিছতো কিহে তেওঁক ইমান অসুখী কৰি তুলিলে, কি পৰিস্থিতিয়ে মন-মগজুত তেওঁক এখন সুকীয়া পৃথিৱী গঢ়িবলৈ বাধ্য কৰিলে, সেয়া অৱশ্যে উপন্যাসখনত দিলীপৰ জীৱনৰ ‘Unfolded পৃষ্ঠাহৈয়ে ৰল। কিন্তু এটা কথা ঠিক যে, কিমান বেছি ভালপোৱা থাকিলে জন্মদাতা পিতৃৰ শয্যাশায়ী, ৰুগ্ন শৰীৰটো আৰু উৱঁলি পৰা চকুহাল চাবলৈ পুত্ৰই অস্বীকাৰ কৰিব পাৰে, সেয়া ঔপন্যাসিকে দিলীপ চৰিত্ৰটোৰ জৰিয়তে খুব সুন্দৰকৈ বৰ্ণনা কৰিছে। একেসময়তে মন কৰিবলগীয়া আন এটা কথা হল, যি প্ৰেক্ষাপটত দিলীপে দেউতাকৰ কাষলৈ যাবলৈ বা দেউতাকক লগত লৈ আহিবলৈ প্ৰস্তুত হৈছিল, সেই প্ৰেক্ষাপট বৰ্ণনাই দিলীপ সম্পৰ্কীয় ভুল ধাৰণাৰ বশৱৰ্তী হোৱাৰ সুৰুঙা ৰাখি গল। কিন্তু নিজ পিতৃৰ মৃত্যু কামনা কৰা দিলীপৰ মানসিক অৱস্থাৰ উমান পাবলৈয়ো বৰ বেছি কঠিন নহব যদিহে আজিৰ তাৰিখত মনোবৈজ্ঞানিক চিকিত্সাশাস্ত্ৰই দিয়াৰ দৰে Anxiety, Depression আদি অভিধাৰে মানসিক ৰোগৰ দৃষ্টিকোণৰ পৰা দিলীপৰ মানসিক স্থিতিক বিচাৰ কৰা নহয়।

        আনহাতে, যি মানৱীয় প্ৰমূল্যবোধৰ চেতনা বৰগোহাঞিদেৱে তেখেতৰ প্ৰায়সংখ্যক লিখনিৰ জৰিয়তে প্ৰসাৰৰ চেষ্টা কৰিছিল, তাৰ পৰা বাদ পৰি যোৱা নাই তেখেতৰ এই উপন্যাসখনো। দিলীপৰ দেউতাকেই হওঁক বা কালিৰাম পণ্ডিতেই হওঁক, বৰবাইদেৱেই হওঁক বা সূৰ্য ককাইদেউ- এই আটাইকেইটা চৰিত্ৰৰ মাজেৰেই মহামানৱতাবাদৰ জয়গান গাবলৈ সক্ষম হৈছে ঔপন্যাসিক। নগৰীয়া সভ্যতাৰ জাক-জমকতাই যে প্ৰকৃত গাৱঁলীয়া সভ্যতাৰ নিষ্পাপ পৰশ পাই ডাঙৰ হোৱা আৱেগিক তথা সংবেদনশীল মানুহবোৰৰ মনবোৰ খুছি-খান্দি কেৱল শূন্যতাৰ সৃষ্টি কৰে, সেই সত্যতাক স্বীকাৰ কৰিও যেন এই চৰিত্ৰকেইটা কৰবাত নহয় কৰবাত ব্যতিক্ৰম। আনকি যিজন দিলীপৰ সন্মুখত মানৱীয়তাতকৈয়ো দেউতাকৰ যন্ত্ৰণাইহে আগস্থান পাইছিল, সেইজন দিলীপেও কোনোবাখিনি মুহুৰ্তত ভাবিছে- ...ময়ো সেই ন মেনছ লেণ্ডৰ পৰম নিঃসংগতাৰ মাজত অপেক্ষা কৰি ৰম মৃত্যুৰ বাবে। সেই সময়ত যদি কেনেবাকৈ মোৰ মনত পৰে যে মোৰ পুত্ৰ-কন্যা আৰু আত্মীয়- স্বজনে অধীৰ হৈ অপেক্ষা কৰিছে মোৰ মৃত্যুৰ কাৰণে, মই মৰিলেই সকলো ৰক্ষা পৰে...। 

        সি যি নহওঁক, এই প্ৰসংগত আটাইতকৈ বেছি প্ৰভাৱশালী চৰিত্ৰটো হৈছে কালিৰাম পণ্ডিত। উপন্যাসখনৰ দ্বিতীয় অধ্যায়ৰ বৰ্ণনা অনুসৰি দেউতাকৰ ওচৰলৈ গৈ দিলীপে এনে এজন ব্যক্তিৰ সম্ভেদ পাইছিল, যিজন তেওঁৰ লৰালিৰ ডায়েৰীৰ প্ৰায় প্ৰত্যেকটো পৃষ্ঠাতে বিদ্যমান আছিল। দিলীপৰ শৈশৱৰ দিনবোৰত তেওঁৰ মনত গভীৰভাৱে সাঁচ পেলোৱা দুজন ব্যক্তিৰ অন্যতম এজন আছিল কালিৰাম পণ্ডিত। দুচকুত হৃদয়খন লৈ ফুৰা এইজন পণ্ডিত আছিল সকলোৰে অতিকৈ প্ৰিয়মানুহহবোৰক সম্প্ৰীতিৰ ডোলেৰে কটকটীয়াকৈ বান্ধি ৰাখিব পৰা অদ্ভূত শক্তি আছিল মানুহজনৰ গাত। তেখেতৰ ব্যক্তিত্বই এনে আছিল যে চল্লিছ বছৰৰ আগৰ তেখেতৰ চেহেৰাটো কোনোমতেই মনত ৰাখিব নোৱাৰিলেও দিলীপে মনত ৰাখিছিল তেওঁৰ বাৰ বছৰ বয়সতে মৃত্যুশয্যাত পৰি থকা মাকক সুস্থ কৰি তুলিবলৈ কালিৰাম পণ্ডিতে কৰা ত্যাগ আৰু কষ্টৰ কথা। গাঁৱৰ যিকোনো মানুহৰ প্ৰয়োজনৰ সময়ত কাষত থিয় দিয়া মানুহজন আছিল কালিৰাম পণ্ডিত।

        আনহাতে, আপাতত গাৱঁৰ সকলোৰে অপ্ৰিয়ভাজন সূৰ্য ককাইদেউৰ চৰিত্ৰটোৰ জৰিয়তেও ঔপন্যাসিকগৰাকীয়ে নিৰ্ভীকভাৱে মানৱতাবাদৰ বেহেলা বজাইছে। সকলোৱে বেয়া পোৱা, বিৰক্তি অনুভৱ কৰা এই মানুহজনক বুজি পোৱা, শ্ৰদ্ধা কৰা একমাত্ৰ ব্যক্তিজন আছিল দিলীপৰ দেউতাক। দুখীয়া মানুহৰ খাজনা মাফ কৰোৱা, বিপদত পৰা মানুহৰ হকে ৰাজহুৱা পুঁজি গঠন কৰি সহায় কৰা, পইচাৰ অভাৱত চহৰৰ হাইস্কুললৈ যাব নোৱৰা গাঁৱৰ মেধাবী ছাত্ৰবোৰৰ বাবে হাইস্কুলৰ ব্যৱস্থা কৰা, ইত্যাদিবোৰ চিন্তাতেই ফুটি উঠিছে সূৰ্য ককাইদেউৰ চৰিত্ৰটোৰ গভীৰ মানৱতাবোধ। একেসময়তে এই ব্যক্তিত্বক বুজিব নোৱাৰি আপদ বুলি ভৱা দিলীপৰ মাকৰ লগতে গাঁৱৰ আনসকলৰ চিন্তাৰ দৈন্যতাকো ঔপন্যাসিকগৰাকীয়ে সাৱলীল ৰূপত পোহৰলৈ আনিছে। অৱশ্যে তাৰমাজতো ব্যতিক্ৰম আছিল দিলীপৰ দেউতাক আৰু দিলীপ। কিন্তু সেই একেজন দিলীপৰ দেউতাকৰে প্ৰগলভ জীৱনমুখিতা, তেখেতৰ গতানুগতিক সুখী জীৱনলৈ বাৰ্ধক্যৰ আগমন আৰু তাপপিছতেই ছত্ৰভংগৰ দৰে সম্পূৰ্ণ ওলোটা হৈ পৰা তেখেতৰ জীৱনৰ গতিয়েহে উপন্যাসখনৰ সফলতাৰ পথ প্ৰশস্ত কৰিছে। গতানুগতিক জীৱনশৈলী, প্ৰকৃতিৰ নান্দনিক মোহত মোহাচ্ছন্ন হৈ থকা এটা জীৱন যাপন কৰি বাৰ্ধক্যৰ গ্ৰাসত সোমাই পৰাৰ পিছত ক্ৰমাগতভাৱে শয্যাশায়ী হৈ উঠা দেউতাক যেন সকলোৰে বাবে বোজাস্বৰূপ হৈ পৰিছে। চোৱা-চিতা কৰা মানুহ থাকিলেও গাঁৱৰ ঘৰত অকলশৰীয়া দেউতাক। পুত্ৰ-বোৱাৰী, নাতি-নাতিনীৰ সঙ্গসুখ নোপোৱা দেউতাকৰ তথাপি যেন কোনো আক্ষেপ নাই। ঘৰখনৰ প্ৰতি, গাওঁখন আৰু গাঁৱৰ মানুহখিনিৰ প্ৰতি থকা অগাধ মায়াই তেখেতক তাতেই সুখী কৰি ৰাখিছে। মাজে মাজে দিলীপলৈ টেলিগ্ৰাম আহে যদিও শয্যাশায়ী  দেউতাকজনক চাবলৈ তেওঁৰ একেবাৰেই মানসিক প্ৰস্তুতি নাই। বন্ধুবৰ্গৰ পৰা সমাধান বিচাৰিলেও তেওঁলোকৰ উত্তৰবোৰ দিলীপৰ বাবে সন্তুষ্টিদায়ক নহয়। আনহাতে দেউতাকক চহৰলৈ লৈ অহাটোও একেবাৰে সহজ নহয়। যদি লৈ আহেও, তেওঁৰ ঘৰত দেউতাকে আন কিবা পাওক বা নাপাওক, নাতি-নাতিনীৰ সঙ্গসুখ যে নাপায় সেই কথা ধূৰুপ। সিহঁতে ককাকৰ লগত অত্যন্ত সৌজন্যপূৰ্ণ ভদ্ৰ ব্যৱহাৰ কৰিব, তেওঁৰ আৰাম আৰু স্বাচ্ছন্দ্যৰ প্ৰতি চোকা নজৰ ৰাখিব, আনকি দিলীপৰ নিৰ্দেশ মানি সিহঁতে ককাকক সঙ্গসুখ দিবলৈকো চেষ্টা কৰিব। কিন্তু এই আটাইবোৰৰ মাজতো অনুপস্থিত থাকিব এটা বস্তু- প্ৰাণৰ পৰশ, যিটো বস্তুৰেই এতিয়া দিলীপৰ দেউতাকৰ প্ৰয়োজন আটাইতকৈ বেছি। সেই কথা দিলীপে খুব ভালকৈ জানে।  তথাপি দেউতাকক সুস্থ কৰি তোলাটো খুবেই প্ৰয়োজনীয়। এসময়ৰ ইমান ইতিবাচক চিন্তাৰ ভঁৰাল, দিলীপৰ অন্যতম প্ৰিয় সংগী দেউতাক আজি সংগীবিহীন হৈ বিচনাত পৰি আছে, অথচ দিলীপে কৰোঁ বুলিও একোকে কৰিব পৰা নাই।

        তাৰোপৰি, দিলীপৰ দেউতাকৰ চিন্তাধাৰা, এজন সুশিক্ষিত ব্যক্তিৰ চিন্তাধাৰাতকৈয়ো কোনো গুণে কম নহয়। দিলীপৰ দহ-বাৰ বছৰ বয়সত নিৰক্ষৰতা দূৰীকৰণ অভিযানৰ অংশ হিচাপে তেওঁলোকৰ ঘৰত পিয়ল কৰিবলৈ আহোতে দেউতাকে কৈছিল যে তেওঁলোকৰ ঘৰত এজনো নিৰক্ষৰ লোক নাই। দিলীপে প্ৰশ্ন কৰিছিল যে আইতাক নিৰক্ষৰ হোৱাৰ পিছতো তেখেতে কিয় নিৰক্ষৰ লোক নাই বুলি কলে। তেতিয়া দেউতাকে যুক্তি দিছিল যে দিলীপৰ আইতাকে ক-ৰ চুক কেইটা নাজানে সঁচা, কিন্তু লোকসংস্কৃতি-লোককথাৰ নিচিগা সোঁতৰ ধাৰ তেওঁৰ আইতাকৰ মুখত বৈ আছে। হাজাৰ হাজাৰ প্ৰাচীন গীত-পদ, কাহিনী-নীতিকথা, দৃষ্টান্ত-পটন্তৰ তেওঁৰ আইতাকৰ কন্ঠস্থ আছিল। গতিকে কোনো যুক্তিৰ ফালৰ পৰাই দিলীপৰ আইতাক নিৰক্ষৰ নহয়। তেখেতৰ এনেধৰণৰ চিন্তা-চেতনা সঁচাকৈয়ে তত্ত্বগধুৰ আৰু প্ৰভাৱশালী। আজিৰ তাৰিখত ভাৰতবৰ্ষৰ দৰে ৰাষ্ট্ৰত নিজৰ চহীটো কৰিব জনা সকলকো সাক্ষৰ বুলি গন্য কৰা হয় সঁচা, কিন্তু যিটো সময়ত আনুষ্ঠানিক শিক্ষাৰ পৰশ নোপোৱা সকলো লোককে নিৰক্ষৰ বুলি ধৰা হৈছিল, সেইটো সময়ত দেউতাকৰ এনে মানসিকতাই প্ৰকৃততে শিক্ষিত মানুহৰ সংজ্ঞাটোকে সলনি কৰি দেখুৱাইছে।

        সমান্তৰালভাৱে উপন্যাসখনৰ শেষৰ ফালে স্পষ্ট হৈ উঠিছে যে কালিৰাম পণ্ডিত আৰু দিলীপৰ অশেষ চেষ্টাৰ অন্তত চহৰলৈ আহিবলৈ মান্তি হোৱা দেউতাকৰ মাজত যেন কিবা এটা সাংঘাটিক পৰিৱৰ্তনৰ ছাপ পৰিছে। শিক্ষিতা বোৱাৰী আৰু নাতি-নাতিনীৰ আধুনিক ভাৱ-ভাষা বুজিবলৈও অপাৰগ হৈ পৰিছে দেউতাক। চহৰীয়া জীৱনৰ দুৰ্বোধ্য সুখ-স্বাচ্ছন্দ্যৰ সলনি এটি কণমানি শিশুৰ দৰে হৈ প্ৰকৃতিৰ কোলাৰ পৰা বৈ অহা এখন নৈৰ দৰে কেৱল গাঁৱৰ ঘৰখনলৈ গুচি যোৱাৰ কথাকে ভাবিছে। বাস্তৱিকতে ঔপন্যাসিকে তেখেতৰ ব্যক্তিগত জীৱনৰ প্ৰসংগতো প্ৰায়েই কৈছিল যে- মই গোটেই জীৱন ঘাইকৈ দুটা উত্সৰ পৰা জীৱনৰ সঞ্জীৱনী ৰস আহৰণ কৰিছোঁ- কিতাপ আৰু প্ৰকৃতি। প্ৰকৃতিৰ প্ৰতি থকা সেই একেই টান ফুটি উঠিছে দিলীপৰ দেউতাকৰ চৰিত্ৰটোতো। তেখেতে বাৰুকৈয়ে অনুভৱ কৰিছিল যে তেখেতৰ প্ৰাণে আজি যিবোৰ বস্তুৰ কাৰণে হাঁহাঁকাৰ কৰি মৰিছে, সি সুখাদ্য নহয়, আৰাম-স্বাচ্ছন্দ্য নহয়; আনকি পো-বোৱাৰী, নাতি-নাতিনীৰ সান্নিধ্যও নহয়, তেওঁৰ পৰম কামনাবোৰ হল গাঁৱলীয়া প্ৰকৃতিৰ সেই তুচ্ছ নগন্য দৃশ্যবোৰ আৰু গাঁৱৰ সহজ-সৰল মানুহবোৰ যিবোৰৰ লগত জীৱনৰ সুদীৰ্ঘ তিৰাশীটা বছৰ ধৰি তেওঁৰ প্ৰাণৰ নিবিড় সম্পৰ্ক গঢ়ি উঠিছিল। তেখেতৰ অস্থিৰ মনটোৱে হাঁহাঁকাৰ কৰি ফুৰে সেই চৰাইজাকৰ বাবে যিজাক চৰায়ে পূৱে ধল ফাট দিয়াৰ আগতেই কোৰ্হাল কৰি তেখেতক জগাই দিছিল। সেইবোৰ পৰিৱেশ এই মায়ানগৰীত কেতিয়াও বিচাৰি নাপায়। আনকি তেখেতে পুৱা শুই উঠি চোতালত ভৰি দিয়েই পদূলিত তৰুৱা কদম আৰু গোহালিৰ গৰু আৰু চোতাল সৰা ধূলিৰ গোন্ধই কঢ়িয়াই অনা জুৰ বতাহজাক সৰ্বশৰীৰেৰে অনুভৱ কৰিবলৈ নাপালে জীৱনটো বিস্বাদ হৈ যোৱা যেন অনুভৱ কৰে। এসময়ত নিয়মিতভাৱে ঈশ্বৰ প্ৰাৰ্থনা কৰা মানুহজনৰ কেনেকৈ ঈশ্বৰ বিশ্বাসৰ অন্তঃসাৰশূন্যতা উপলব্ধি হল সেয়া তেখেতে দিলীপক বুজাইছে। ঈশ্বৰে যে মানুহৰ প্ৰাৰ্থনাৰ মূল্য নিদিয়ে সেয়াও নিজৰ অভিজ্ঞতাৰ কাহিনীৰে প্ৰতিপন্ন কৰাৰ চেষ্টা কৰিছে। পুত্ৰৰ সৈতে এনেধৰণৰ স্বাভাৱিক বাৰ্তালাপ কৰি থাকিলেও তেখেতৰ মন-মগজুত নিহিত হৈ থকা পৃথিৱীখনৰ পৰা আঁতৰি থকাৰ দুখটোৱে  তেখেতৰ বাৰ্ধক্যক আৰু বেছি প্ৰগাঢ় কৰি তুলিছে। তেখেতে বাৰে বাৰে গাৱঁলৈ উভতি যাবলৈ বিচৰা কথাটোতেই তেখেতৰ প্ৰগলভ জীৱনমুখিতা আৰু অধিক সক্ৰিয় হৈ উঠিছে। আপোন ঘৰখন-গাওঁখনেৰে হোৱা বিচ্ছেদে মানুহজনক যেন ক্ৰমাণ্বয়ে মৃতপ্ৰায় কৰি তুলিছে। তেখেতে মৃত্যু কামনা কৰা নাই, অথচ বাৰ্ধক্যই কোঙা কৰা মনটোৰে চহৰত অভিযোজন কৰাৰ কথাও ভাবিব পৰা নাই। আনহাতে, Between the deep sea and the devil-ৰ দৰে অৱস্থা হৈছে পুত্ৰ দিলীপৰো।                                    

দেউতাকৰ ঈচ্ছাক দীৰ্ঘ সময়ৰ বাবে আওকান কৰি থকাটো সম্ভৱ নহয়, আৰু তেখেতৰ ইচ্ছাক স্বীকৃতি দিয়াৰ দুঃসাহসো দিলীপে কৰিব নোৱাৰে। এনেদৰেই লাহে লাহে দেউতাকৰ অৱস্থা গৈ স্মৃতিভ্ৰংশৰ পৰ্যায় পালেগৈ। সদায় নিজৰ পৃথিৱীখনত সুখী হৈ থকা মানুহজনৰ আকস্মিক জীৱনৰ নতুন গতিত মানসিক সন্তুলন হেৰুৱাই পেলোৱাটো সহজে মানি লব পৰা কথাও নহয়। মাত্ৰ নিজৰ শিপাৰ পৰা বিচ্ছিন্ন কৰি দিয়াৰ বাবেই এনে নিষ্ঠুৰ পৰিণতি! এনেয়ে কোৱা নাযায় যে শিপাৰ পৰা আঁতৰাই ৰুই দিয়া গা-গছ এডাল কেতিয়াও অকলে থিয় দি থাকিব নোৱাৰে। সেয়ে হল দিলীপৰ দেউতাকৰ ক্ষেত্ৰতো। তাতকৈয়ো কিছু আগলৈ গৈ শেষান্তত নাৰকীয় যন্ত্ৰনাময় বাৰ্ধক্যৰ সাঁকোডাল পাৰ হৈ তেখেতৰ সকৰুণ মৃত্যুও ঘটিল। কিন্তু তেখেতৰ এই মৃত্যুৱে জীৱনৰ পৰা, নিজৰ পৰা সদায়েই পলাই ফুৰিব খোজা দিলীপৰ জীৱনলৈ যথেষ্ট পৰিৱৰ্তন কঢ়িয়াই আনিলে। উপন্যাসখনৰ শেষৰফালে জীৱনৰ চকৰীটোৰ ওলোটা পাকে উপন্যাসখন অধিক স্পৰ্শকাতৰ কৰি তুলিছে যত সুখৰ স্বপ্নদ্ৰষ্টা মানুহজনে ভীষণ অসুখী হৈ কৰুণ মৃত্যুক সাৱটি ললে আৰু বাৰ্ধক্যক ভয় কৰা, জীৱনটোৰ প্ৰতি মোহ নথকা দিলীপে জীৱনটোকেই ভালপাবলৈ শিকিলে।

উপন্যাসখনৰ বিষয়বস্তুঃ সমাজলৈ বাৰ্তা, সফলতা আৰু বিফলতা

সামগ্ৰিকভাৱে উপন্যাসখনৰ কাহিনীভাগৰ কেন্দ্ৰবিন্দু বাৰ্ধক্য বুলি বহুতেই কবলৈ বিচাৰিলেও ব্যক্তিগতভাৱে আমি এই কাহিনীভাগক দুজন অতি সংবেদনশীল ব্যক্তিৰ অন্তৰ্জগতৰ প্ৰহেলিকা হিচাপেহে অভিহিত কৰিবলৈ ভাল পাম। উপন্যাসখনত মানুহৰ বাৰ্ধক্যৱস্থাৰ কৰুণ বাস্তৱক ঔপন্যাসিকগৰাকীয়ে নিশ্চিতভাৱে উপস্থাপন কৰিছে, আৰু মানৱীয় জীৱনৰ চৰম সত্য-মৃত্যুৰ মুখামুখি হবলৈ মানসিক প্ৰস্তুতিৰ প্ৰয়োজনীয়তাকো তেখেতে সাৱলীলভাৱে সোঁৱৰাই দিছে। কিন্তু ইয়াকো নুই কৰিব নোৱাৰি যে দুজন অত্যাধিক জীৱনমুখী মানুহৰ মনস্তত্ত্ব অধ্যয়নৰ যোগেদি ঔপন্যাসিকগৰাকীয়ে মানৱীয় জীৱনৰ সাধাৰণতে উপেক্ষিত হৈ ৰোৱা এটা বিষয়কো তুলি ধৰিছে উপন্যাসখনত। এটা সময়ত ধুমুহা, বানপানী আৰু ভূমিকম্পকো শাসন কৰা এজন মানুহে জীৱনৰ শেষ পৰ্যায়ত গৈ নিজৰ শৌচ-প্ৰস্ব্ৰাৱৰ ওপৰতে নিয়ন্ত্ৰণ হেৰুৱাই পেলাবলগীয়া হোৱা সকৰুণ দৃশ্যপটে পাঠক সমাজক আত্মোপলব্ধিৰ বাট দেখুৱাইছে।

       উপন্যাসখনৰ অন্যতম মুখ্য চৰিত্ৰ দিলীপৰ মানসিক অপূৰ্ণতাৰ পৃষ্ঠভূমি কি আছিল সেয়া অৱশ্যে উপন্যাসখনৰ মাজত বিচাৰি উলিওৱাটো সহজ নাছিল। যদিও শৈশৱৰ পৃথিৱীখনৰ পৰা বিচ্ছিন্ন হৈ যোৱাটোৱে তেওঁৰ মনষ্কতাত প্ৰভাৱ পেলাইছে, তথাপি প্ৰকৃত সত্যৰ অণ্বেষন পঢ়ুৱৈ সমাজৰ বাবে ৰৈ গল। হয়তো দিলীপৰ পত্নী, পুত্ৰ-কন্যাৰ চৰিত্ৰকেইটাৰ পূৰ্ণ উপস্থাপনে কেন্দ্ৰীয় চৰিত্ৰ দুটাৰ মনস্তত্ব অধ্যয়নৰ পথটো মসৃণ কৰি তুলিলেহেঁতেন। অৱশ্যে সেয়া কেন্দ্ৰীয় আৰু গৌণ চৰিত্ৰৰ বিভাজন বুলিও আমি ধৰি লব পাৰোঁ।

তাৰপিছতো কিন্তু এনে মানসিক অন্তৰ্দ্বন্দৰ চিকাৰ হোৱা লোকসকলৰ মনত জীৱনৰ প্ৰতি ভালপোৱাৰ জন্ম দিবলৈ, প্ৰাপ্তিখিনিৰ সৈতেই সুখী হৈ থাকিবলৈ ইন্ধন যোগোৱাত সফল হৈছে দিলীপৰ চৰিত্ৰটো।

        আনহাতে, উপন্যাসখনৰ নামাকৰণ অথবা সাৱলীল ভাৱ-ভাষাৰ প্ৰয়োগ নাইবা কাহিনীৰ বৰ্ণনাৰীতিৰ ক্ষেত্ৰত ঔপন্যাসিকগৰাকী পুৰামাত্ৰাই সফল হৈছে বুলি কব পাৰি। এটা কথা স্বীকাৰ কৰিবই লাগিব যে মানৱ মনস্তত্ত্বৰ অতি সুক্ষ্মাতিসুক্ষ্ম বিশ্লেষণৰ দ্বাৰাহে দিলীপ আৰু দিলীপৰ দেউতাকৰ দৰে দুটা চৰিত্ৰৰ অংকন সম্ভৱ হয়। কিয়নো সততে এনে Depression, Anxiety-ৰ ভূক্তভোগী লোকসকলক মানসিক ৰোগী হিচাপে ধৰা হয় আৰু এজন মানসিক ৰোগীৰ মনস্তত্ত্ব অধ্যয়ন কৰি তেওঁৰ ভিতৰখন শব্দৰে আঁকি পেলোৱাটো একেবাৰেই সহজসাধ্য নহয়। কিন্তু ইয়াতেই ঔপন্যাসিকগৰাকীয়ে তেখেতৰ নিৰীক্ষনৰ গভীৰতাৰ স্পষ্ট প্ৰকাশ কৰি উপন্যাসখনক এক অনন্য মাত্ৰা প্ৰদান কৰিছে।

        উপন্যাসখনৰ মনোগ্ৰাহিতা এইখিনিতেই আৰু অধিক ৰক্তোজ্জ্বল হৈ উঠিছে, যেতিয়া জীৱনৰ চৰম সত্যতাক স্ব-চক্ষুৰে দৰ্শন কৰিব নিবিচৰা দিলীপৰ দৰে এজন মানুহে নিজৰ বিষ্ঠাত লেটি লৈ সম্পূৰ্ণ নগ্নাৱস্থাত অৰ্ধচেতন হৈ পৰি থকা দেউতাকক দেখি অবিচলিতভাৱে মাত্ৰ ভাৱিছিল- এয়া মোৰ দেউতা!!

        একেসময়তে জীৱনমুখিতা আৰু বাস্তৱধৰ্মিতাৰ সন্তুলন ৰক্ষাত সফল হোৱা উপন্যাসখনত হাজাৰটা আত্মাক বশ কৰিব পৰাকৈ মাত্ৰ দুটা বাক্যত এক সত্যতা বৰ্ণনা কৰা হৈছে এনেদৰে- যি মুহুৰ্ততে জীয়াই থকাৰ প্ৰয়োজন শেষ হয়, সেই মুহুৰ্ততে মানুহক মৰিবলৈ দিব লাগে। মৃত্যু যিহেতু অনিবাৰ্য আৰু অপৰিহাৰ্যও, এতেকে মানুহে সাহসেৰে বাৰ্ধক্য আৰু মৃত্যুৰ মুখামুখি হব পাৰিব লাগে।

        সামগ্ৰিকভাৱে উপন্যাসখনৰ বিশ্লেষণে এটা কথা স্পষ্ট কৰি তুলিছে যে দিলীপ অথবা তেওঁৰ দেউতাকৰ দৰে জীৱনমুখিতাৰ বলি হোৱা মানুহৰ ক্ষেত্ৰত অত্যাধিক জীৱনমুখিতাই সুখী হোৱাৰ চৰ্তকহে নস্যাৎ কৰে। কিন্তু যিসকল ব্যক্তি এনে অস্বাভাৱিক দৰ্শনৰ পৰা মুক্ত, তেওঁলোকেই যাপন কৰে এক স্বাভাৱিক আৰু সুখী জীৱন। এনে পৰিপ্ৰেক্ষিতত দিলীপৰ দেউতাকৰ বাৰ্ধক্যৰ ওচৰত পৰাজয়বৰণ আৰু নিষ্ঠুৰ সত্যৰে হোৱা সংঘাতে দিলীপক আত্মোপলব্ধিৰ মাৰ্গ দৰ্শন কৰোৱাটো হৈছে উপন্যাসখনৰ আটাইতকৈ ইতিবাচক দিশ তাৰোপৰি, এক অতি সুন্দৰ আৰু মননশীল উপলব্ধিৰে উপন্যাসখনৰ সামৰণি ঘটিছে এনেদৰে- তুমি এই পৃথিৱীখনক খুব ভালপাইছিলা। এই জীৱনটোক খুব ভালপাইছিলা। আজি তুমি শূন্যত বিলীন হৈ গলা, কিন্তু তোমাৰ সেই গভীৰ ব্যাকুল প্ৰেম পৰিব্যাপ্ত হৈ ৰল এই সুন্দৰ ভূৱনৰ প্ৰতিটো অণু পৰমাণুৰ মাজত। মানুহ আহিব আৰু যাব, কিন্তু যিটো বস্তু অনন্তকাল অজৰ-অমৰ হৈ থাকিব সেইটো হল এই সুন্দৰ ভূৱন আৰু ৰহস্যময় জীৱনৰ প্ৰতি মানুহৰ সুগভীৰ প্ৰেম। সেই প্ৰেমৰ মাজতেই তুমি চিৰকাল জীয়াই থাকিবা। 

        পৰিশেষত, উপন্যাসখন পঢ়ি উঠি আমাৰ অনুভৱ হল যে চিন্তাজগতৰ কলম্বাচ বৰগোহাঞিদেৱৰ অনুপম সৃষ্টি অস্তৰাগ জীৱনৰ প্ৰতি বৈৰাগ্য ওপজা প্ৰত্যেকজন মানুহৰ বাবে নিশ্চিতভাৱে মহাবিশল্যকৰণী হব। সেইবাবেই, পাঠকসমাজলৈও আমাৰ অনুৰোধ, অস্তৰাগৰ সৈতে এটা মায়াবী সন্ধ্যাৰ অভিজ্ঞতা লৈ চাওক, কি ঠিক, অনাগত সময়ৰ কোনোবাখিনি মুহুৰ্তত কিজানিবা আপোনাৰ মনোজগতৰ অস্তমিত সূৰ্যটো পুনৰোদয় কৰাত অস্তৰাগেই ইন্ধন যোগায়! সমাপ্ত।।

অৰ্চনা গীতা শইকীয়া