জাতীয় বিভ্ৰান্তিৰ নিৰসনঃ হীৰেন গোঁহাই

 জাতীয় বিভ্ৰান্তিৰ নিৰসন

গ্ৰন্থৰ নামঃ জাতীয় বিভ্ৰান্তিৰ নিৰসন (ৰচনা সংকলন)

স্ৰষ্টাঃ ড° হীৰেন গোহাঁই

প্ৰথম প্ৰকাশঃ অক্টোবৰ, ২০১১

প্ৰকাশকঃ শান্তি প্ৰকাশন

মূল্যঃ ৮০ টকা


কুৰি শতিকাৰ ৭০ দশকৰ পৰায়ে অসমৰ জাতীয় জীৱনৰ প্ৰত্যেকটো স্পৰ্শকাতৰ বিষয়েৰে জড়িত হৈ থকা এজন বিতৰ্কিত তথা বহুল চৰ্চ্চিত ব্যক্তি হ'ল ড° হীৰেন গোহাঁই। যাৰ মৌলিক চিন্তা-চেতনা, প্ৰজ্ঞা, সুক্ষ্ম অধ্যয়ন আৰু বিজ্ঞানমনস্কতাৰ ফচল  তেখেতৰ অধিকাংশ সৃষ্টিয়েই পাঠক সমাজত বহুলভাৱে সমাদৃত তথা চৰ্চ্চিত। কিন্তু "জাতীয় বিভ্ৰান্তিৰ নিৰসন" তেখেতৰ এনে এক সৃষ্টি, যি আনকেইখনতকৈ তুলনামূলকভাৱে কম চৰ্চ্চিত। 

যিহেতু, বৰ্তমান সময়ত উন্নত মানদণ্ডৰ গ্ৰন্থ বুলিলে কেৱল জনপ্ৰিয় লেখকৰ জনপ্ৰিয় সৃষ্টিসমূহকহে  ধৰা হয় কিন্তু অখ্যাত লেখকৰ ভাল সৃষ্টি বা জনপ্ৰিয় লেখকৰ কম চৰ্চ্চিত গ্ৰন্থসমূহক মানদণ্ড নিৰূপনৰ আওতালৈ অনা নহয়। সেয়েহে বিখ্যাত লেখকৰ অখ্যাত সৃষ্টি "জাতীয় বিভ্ৰান্তিৰ নিৰসন" পৰ্যালোচনাৰ বাবে নিৰ্বাচন কৰা হৈছে।

উক্ত সংকলনখনে লেখকৰ বিভিন্ন সময়ত প্ৰকাশিত ১৮ টা লেখাক সামৰি লৈছে আৰু প্ৰত্যেকটো লেখাই প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে অসম তথা ভাৰতৰ ৰাজনৈতিক প্ৰেক্ষাপটখনৰ সৈতে সাঙোৰ খাই আছে। সেইবাবেই হয়তো লেখকে স্বেচ্ছাই গ্ৰন্থখন "সাংবাদিকতাধৰ্মী ৰচনাৰ সংকলন" বুলি উল্লেখ কৰিছে। 


এজন ছাত্ৰ অথবা নাগৰিক হিচাপে ৰাজনৈতিকভাৱে সক্ৰিয় নহ'লেও সচেতন হোৱাতো খুৱেই জৰুৰী। পংগু ব্যৱস্থা এটা পুলিয়ে পোখাই উৎখাত কৰি সুস্থ প্ৰজন্মৰ সুস্থ চিন্তাধাৰাৰ প্ৰসাৰ কৰাটো সহজসাধ্য নহয় যদিও অভিজ্ঞতা আৰু অধ্যয়নে ইয়াক সম্ভৱপৰ কৰি তুলিব পাৰে। বিশেষভাৱে অসমৰ ৰাজনৈতিক ইতিহাসলৈ মন কৰিলে এটা কথা স্পষ্ট হৈ উঠে যে ৰাষ্ট্ৰযন্ত্ৰৰ শাসন আৰু ঔপনিৱেশিকতাবাদী শাসনৰ মাজত বৰ বিশেষ এটা পাৰ্থক্য নাই। দুয়োটাতে শোষিত শ্ৰেণীটো সদায়েই খাটিখোৱা লোক, যাৰ শ্ৰেণী-সংগ্ৰামৰ বুৰঞ্জীখন আজিও ৰক্তাক্ত।

সেই একেখন অসমৰ ৰাজনীতিত শেহতীয়াকৈ আঞ্চলিকতাবাদকে ধৰি স্বাধীন অসমৰ প্ৰসংগই তুমুলভাৱে প্ৰাণ পাই উঠিছে। অগপে দিয়া বিশ্বাসঘাটকতাৰ দলিলখন পঢ়ি উঠাৰে পিছৰে পৰা বেছ কিছুদিনলৈ অসমীয়াই নাম নোলোৱা "আঞ্চলিকতাবাদ" এতিয়া পুনৰোজ্জ্বীৱিত হৈ উঠিছে। পিছে ২০১১ চনতেই এই লেখকে আঞ্চলিকতাবাদৰ প্ৰাসঙ্গিকতা বিচাৰ কৰি "অসমত আঞ্চলিকতাবাদ এতিয়াও প্ৰাসংগিক নে?" শীৰ্ষক ৰচনাখন লিখিছিল। এই ৰচনাতেই  আঞ্চলিক ৰাইজৰ দাৰিদ্ৰ্য, অনগ্ৰসৰতা, চৰকাৰযন্ত্ৰৰ অৱহেলাৰ প্ৰতি উৎপন্ন হোৱা ক্ষোভৰ ভেটিত জন্ম লোৱা  জাত্যাভিমানে ভৱিষ্যত অসমৰ ৰাজনীতিত আঞ্চলিকতাবাদৰ পুনৰুত্থানত সহায় কৰাৰ সম্ভাৱনীয়তা সম্পৰ্কেও ব্যাখ্যা কৰিছিল, যিটো আজিৰ তাৰিখত  বাস্তৱৰূপত পৰিলক্ষিত হৈছে।

এটা কথা প্ৰাৰম্ভতে উল্লেখ কৰি লোৱা ভাল যে, এই লেখাটোত গ্ৰন্থখনৰ বিষয়বস্তুৰ বিশদ আলোচনা কৰা হোৱা নাই। কিয়নো তেনে কৰিলে স্বকীয় দৃষ্টিভংগীৰে গ্ৰন্থখনৰ আলোকপাত কৰাৰ মাদকতা নতুন পাঠক সকলে নাপাব।  

যিকি নহওঁক, আন্না হাজাৰে আৰু লোকপাল বিধেয়কৰ প্ৰসংগেৰে ৰচিত এখন ৰচনাই ভাৰতবৰ্ষৰ তদানীন্তন প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৰাজনৈতিক ইতিহাস খুচৰি হিন্দুত্ববাদী নেতাগৰাকীৰ গোড়ামীৰ বাবেই গুজৰাটৰ জনজীৱন ওলট পালট কৰি দিয়া কিছু ভয়ংকৰ ঘটনাৰ তথ্য ডাঙি ধৰিছে (সঞ্জীৱ ভাটৰ এফিডেভিট ভিত্তিক), যিবোৰ তথ্যই স্বাভাৱিকতেই জনসাধাৰণৰ মনৰ নেতাগৰাকীৰ তথাকথিত ভাৱমূৰ্তিটো ভাঙি চূড়মাৰ কৰি দিব। ৰচনাখনে বহুল বিতৰ্কিত "গুজৰাটৰ নলাৰে মুছলিমৰ তেজ যায়" শীৰ্ষক মন্তব্যটোক যেন সঁচা প্ৰমাণিত কৰে, তেনে লাগিল।


সংকলনখনৰ বহুকেইখন ৰচনাই আন্না হাজাৰে আৰু অখিল গগৈৰ প্ৰসংগটো উপস্থাপন কৰিছে। অৱশ্যে বহুকেইখন  ৰচনাত অখিল গগৈক অপ্ৰাসংগিকভাৱে টানি অনা যেন অনুমান হয়। 

আনহাতেদি "সমালোচনাৰ সমিধান" শীৰ্ষক এক ৰচনাত লেখকে তেখেতৰ 'অখিল গগৈৰ অসচেতন নেতৃত্ব আৰু কাৰ্যপন্থা(?)' সম্পৰ্কীয় মন্তব্যৰ উত্তৰত অহা বিভিন্ন চিঠিৰ উত্তৰ দিয়াৰ চেষ্টা কৰিছে। আলফাৰ দাবীচনদ আৰু সন্মিলিত  জাতীয় অভিৱৰ্তন সম্পৰ্কীয় ৰচনা দুখনে বিষয়টোৰ সাৱলীল বিশ্লেষণ আগবঢ়াইছে। গ্ৰন্থখনৰ ৰচনাকালচোৱাত অতিকৈ প্ৰাসংগিক এই বিষয়সমূহৰ নিৰপেক্ষ বিশ্লেষণৰ অভাৱটো এই লেখা কেইটাই পূৰাব পাৰিছে বুলি অনুমেয়। ।

তাৰোপৰি, তেখেতৰ লেখাৰ চিৰাচৰিত মৌলিকতা, বিষয়বস্তুৰ বস্তুনিষ্ঠ তথা বিজ্ঞানসন্মত বিচাৰ-বিশ্লেষণ আনসমূহ ৰচনাতো পৰিস্ফূট হৈছে।

আনহাতেদি, অসমীয়া ভাষা-সাহিত্যৰ পৰিসৰ গল্প-উপন্যাস-কবিতাৰ গণ্ডীত সীমাৱদ্ধ নোহোৱা বাবে আজিৰ তাৰিখত সেইসমূহ সাহিত্যৰ সমান্তৰালভাৱে ৰাজনৈতিক, বৌদ্ধিক লেখাসমূহৰো গুৰুত্ব যথেষ্ট বেছি। গতিকে সেইফালৰ পৰাওঁ "জাতীয় বিভ্ৰান্তিৰ নিৰসন" নিশ্চিতভাৱে অসমীয়া সাহিত্যৰ এক উল্লেখযোগ্য সম্পদ।


কিন্তু কথা হ'ল, মানৱসমাজত "perfect creation" ৰ ধাৰণাটো আজিও আপেক্ষিক। গতিকে হীৰেন গোহাঁইৰ দৰে বিশ্ববিশ্ৰুত পণ্ডিতৰ সৃষ্টিয়েও সকলোকে স্পৰ্শ কৰিব নোৱৰাটো কোনো অস্বাভাৱিক কথা নহয়। সেয়ে , ঠিক বিফলতা বুলি নকওঁ, কিন্তু উক্ত সংকলনখনত যদি লেখকে কি কৰিছে, বা কি বিচাৰে তাতকৈ সৰ্বসাধাৰণে কি বিচাৰে বা ভাৱে তাৰ আলোকপাত হ'ল হয়, হয়তো সংকলনখন আৰু উপভোগ্য হৈ উঠিল হেঁতেন। 

দ্বিতীয়তে, সংকলনটিৰ প্ৰায়সমূহ লেখাতে এটা কথা অনুভৱ হয় যে তেখেতৰ ৰচনাসমূহ যেন নিজকে নিৰ্দোষী অথবা নিখুঁট সজাবলৈহে লিখা হৈছে। উদাহৰণস্বৰূপে, 'সমালোচনাৰ সমিধান' ৰচনাখনত তেখেতৰ চিঠিৰ উত্তৰ দিয়া শৈলীটো যেন সামাজিক ব্যক্তিৰ নহয়। গতিকে এনে অপ্ৰয়োজনীয় বিষয়বোৰ উপেক্ষা কৰি যদি তাৰ ঠাইত নতুন আলোচনা সন্নিৱিষ্ট কৰিলে হয়, হয়তো সংকলনখনৰ গাম্ভীৰ্যতা অটুট থাকিলহেঁতেন।


অৱশ্যে সংকলনখনৰ তথ্যসমৃদ্ধ আটাইবোৰ ৰচনাই যথেষ্ট গুৰুত্বপূৰ্ণ যদিও সামগ্ৰিকভাৱে লেখকৰ চিন্তাৰ প্ৰাচুৰ্যতা আৰু নতুনত্বৰ আংশিক অভাৱ অনুভৱ হ'ল।  তথাপি স্বদেশৰ ৰাজনৈতিক প্ৰেক্ষাপট সম্পৰ্কে প্ৰচুৰ ধাৰণা দি যাবলৈ সক্ষম হোৱা এই সংকলখন গোহাঁইদেৱ সম্পৰ্কে সততে শুনা 'জটিল ভাষা' ৰ আওতাৰ পৰা মুক্ত। গতিকে জটিলতাৰ গহ্বৰত সোমাই যোৱাৰ পূৰ্ৱে সাধাৰণ পাঠকশ্ৰেণীৰ বাবে সংকলনখনৰ অধ্যয়ন যথেষ্ট ফলপ্ৰসূ হ'ব।


এটা কথা ঠিক যে, সংকলনখনৰ প্ৰকাশৰ সময়ছোৱাত হয়তো অসমৰ জনসাধাৰণে ইয়াৰ অন্তৰ্গত ৰচনাসমূহৰ সাৰমৰ্ম উপলব্ধি কৰা হ'লে আজিৰ তাৰিখত অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটখন কিছু পৃথক হ'লহেঁতেন। তথাপি আজিও যদি তেখেতৰ শংকাবোৰ আমি উপলব্ধি কৰিব পাৰোঁ, অনাগত দিনত কৰিবলগীয়া এটা ভুলৰ পৰা নিশ্চিত পৰিত্ৰান পাম।।


✍ অৰ্চনা গীতা শইকীয়া