বিহংগম দৃষ্টিৰে অসমীয়া সমাজ জীৱনত নামঘৰ

বিহংগম দৃষ্টিৰে অসমীয়া সমাজ জীৱনত নামঘৰ





"হৰিমন্দিৰ চৰ্চ্চনত হৈছে গৰুড়ৰ পখাই গৃহ, উদ্ধৱ মৈত্ৰেয় আদি ভক্তসকলে খুটি, ভক্তিৰ ৰসে বেত-বাহ, দুৱাৰ-দলিত নাৰদ, দুৱাৰত জয় বিজয়, মহা-ধৰ্ম্মে দুৱাৰ ৰক্ষাকৰ্তা গুৰু, শুদ্ধ ধৰ্ম্মে নামঘৰৰ ভেটি, ভক্তি-মাতৃয়ে কপাট, অনন্ত থাপনাৰ ভেটি, চাৰি বেদে চাৰি বেৰ"।

বৃহত্তৰ অসমীয়া সামাজিক-সাংস্কৃতিক জীৱনত প্ৰধানতঃ যিসমূহ ধৰ্মীয় অনুষ্ঠানে প্ৰভাৱ বিস্তাৰ কৰি আহিছে, তাৰ ভিতৰত নামঘৰ উল্লেখযোগ্য। অসমৰ ভক্তি আন্দোলনৰ পৰিণতিত সৃষ্ট নামঘৰৰ মূল আধাৰ হৈছে নাম-কীৰ্ত্তন। নামঘৰ সৃষ্টিৰ পূৰ্বে তেনে কোনো ধৰ্মীয় অনুষ্ঠান অসমত আছিল যদিও সেই সম্পৰ্কে বিশেষ তথ্য লাভ কৰা নাযায়। নামঘৰক যদিও এক ধৰ্মীয় অনুষ্ঠানৰূপে গণ্য কৰা হয়, তথাপি ই বহুসময়ত অসমীয়া সমাজৰ বাবে ন্যায়তন্ত্ৰৰ ধাৰক হিচাপেও কাম কৰি আহিছে। তাৰোপৰি, একাংশ অসমীয়াৰ বিচাৰত নামঘৰ আৰু কীৰ্ত্তন ঘৰ একেই বুলি বিবেচনা কৰা দেখা যায়। কিন্তু কাৰ্যতঃ ইয়াৰ উদ্দেশ্য একে হ'লেও নামঘৰ আৰু কীৰ্ত্তন ঘৰৰ মাজত কিঞ্চিত পাৰ্থক্য আছে। সাধাৰণতে এখন সমাজ একেলগ হৈ মণিকূট, মূল কীৰ্ত্তন ঘৰ, ছোঁ ঘৰ আৰু বাট চ'ৰা সম্বলিত ৰাজহুৱা নামঘৰ নিৰ্মান কৰা দেখা যায়। আনহাতে ভকত-বৈষ্ণৱসকলে ব্যক্তিগতভাৱে ঘৰত তিনি-কুঠলীয়া একোটি সৰু কীৰ্ত্তন ঘৰ সাজি তাতে নিত্য-কৰ্ম কৰা দেখা যায়, য'ত নামঘৰৰ দৰে মণিকূট নাথাকে।

নামঘৰৰ নিৰ্মাণ-তত্ত্বঃ
নামঘৰ নিৰ্মাণৰ দিশটো আপেক্ষিকভাৱে ভকত-বৈষ্ণৱৰ অৰ্থাৱস্থাৰ ওপৰত নিৰ্ভৰশীল। যিসমূহ অঞ্চলৰ আৰ্থিক অৱস্থা বৰ বিশেষ টনকিয়াল নহয়, তেনে ঠাইত নামঘৰৰ আটাই চাৰি অংশ- মণিকূট, মূল কীৰ্ত্তন ঘৰ, ছোঁ ঘৰ আৰু বাট চ'ৰাৰ সলনি কেৱল মূল কীৰ্ত্তন ঘৰটোকে নিৰ্মান কৰা দেখা যায়। 
প্ৰচলিত নিয়ম অনুসৰি, নামঘৰৰ ভেটি তুলিব লগা ঠাইৰ লগতে মাটি আনিব লগা ঠাইৰ পৰাও চাৰি আঙ্গুল মাটি খান্দি পেলাব লাগে। নামঘৰৰ ছাল সত্বঃ ৰজঃ তমঃ তিনি গুণৰ তিনিখন বুলি কোৱা হয়।
সি যি নহ'লেও, মূল নামঘৰ বা কীৰ্ত্তন ঘৰটো পুৱা-পশ্চিমাকৈ সজা হয়, আৰু  নামঘৰৰ পূৱৰ কোঠাতে উত্তৰা-দক্ষিণাকৈ মণিকূটভাগ সজা হয়। সেইদৰে নামঘৰটোৰ শেষৰফালে বিশেষকৈ টুপৰ কোঠাতে লগাই দক্ষিণ পশ্চিম চুকত ছোঁ ঘৰটো নিৰ্মান কৰা হয়, আৰু নামঘৰলৈ প্ৰৱেশ পথৰ মুখতে বাট চ'ৰাটো সজা হয়। অৱশ্যে বৈকুন্ঠৰ ৬ ভক্ত, ১২ বৈষ্ণৱ আৰু ১৪ পাৰিষদসকল গোলাকাৰে বহি কীৰ্ত্তন কৰাৰ বাবে নামঘৰৰ টুপ গোলাকাৰ কৰা উচিত বুলি কোৱা হয়।

নামঘৰৰ মণিকূটটোৰ সোঁমাজত এখন সিংহাসন বা থাপনা থাকে, য'ত গুৰু দুজনাৰ দ্বাৰা ৰচিত কীৰ্ত্তন, দশম, নামঘোষা আদি যিকোনো এখন পুথি থোৱা হয় বা ভাগৱত প্ৰতিষ্ঠা কৰি ৰখা হয়। বহু সমাজত গুণমালা পুথিখনৰ স্থাপনাক অধিক মানী গণ্য কৰা হয়।  সি যি নহ'লেও, এই সিংহাসনখন অসমৰ সত্ৰীয়ৱ সংস্কৃতিৰ হীৰক খণ্ড। গুৰুজনাই লিখিছিল,
"হেন মন্দিৰে ৰত্ন সিংহাসনে।
আসন্ত বসি প্ৰভূ নাৰায়ণে॥" (ধ্যান বৰ্ণন)
এই সিংহাসনখনৰ একেবাৰে তলত চাৰি কোণত পাখিলগা চাৰিটা সিংহ আৰু তাৰ তলত আঁঠু লৈ থকা চাৰিটা হাতী থাকে। সিংহই আগ ঠেংগ দুখনেৰে হাতীৰ মূৰত আৰু পিছ ঠেং দুখনেৰে পৃষ্ঠদেশত ধৰি থকা দেখা যায়। কোনো কোনো সিংহাসনত অৱশ্যে একেবাৰে তলত চাৰিটা কাছৰ প্ৰতিকৃতি থকাও দেখা যায়।
এই সিংহাসনখন সাধাৰণতে তিনি খলপাৰ পৰা সাত খলপা পৰ্যন্ত হোৱা দেখা যায় আৰু একেবাৰে ওপৰৰ খলপাটোক আমহী ঘৰ বুলি কোৱা হয়। এই আমহী ঘৰটোক সত্ৰীয়া পৰম্পৰা অনুসৰি ভাগৱত-গৃহ বুলিও কোৱা হয়। ইয়াৰ পশ্চিম দিশটো মুকলি হৈ থাকে আৰু আন তিনিটা দিশ ঢকা।  সাত খলপীয়া সিংহাসনৰ আমহী ঘৰটোৰ সৈতে আঠ খলপীয়া হয়গৈ। সাত খলপীয়া সিংহাসনৰ চাৰিও কোণত চাৰিটাকৈ সিংহ থাকিলে মুঠ আঠাইশটা সিংহ হয়গৈ আৰু ইয়াক 'সত্ৰীয়া সংস্কৃতিৰ স্বৰ্ণৰেখা' গ্ৰন্থখনত 'অষ্টবিংশতি তত্ত্ব'ৰ চাক্ষুস ৰূপ বুলি কোৱা হৈছে। পঞ্চ তন্মাত্ৰ- শব্দ, স্পৰ্শ, ৰূপ, ৰস আৰু গোন্ধ; পঞ্চ মহাভূত- ক্ষিতি, অপ্, তেজ, মৰুৎ আৰু ব্যোম; পঞ্চ কৰ্মেন্দ্ৰিয়- বাক্, পাণি, পাদ, পায়ু আৰু উপস্থ; পঞ্চ জ্ঞানেন্দ্ৰিয়- চক্ষু, কৰ্ণ, ত্বক, জিভা, আৰু ঘ্ৰাণ; তিনি গুণ- সত্ত্ব, ৰজ আৰু তমঃ; প্ৰকৃতি, পুৰুষ, মহৎ, অহংকাৰ আৰু মন- এই অষ্টবিংশতিতত্ত্ব সিংহাসনত বিৰাজমান। এই সিংহাসনখনৰ ওপৰত এখন চন্দ্ৰতাপ অঁৰা থাকে যাৰ চাৰি চুকে চাৰিটা আৰু মাজত এটা চোঁৱৰ আঁৰি দিয়া হয়। এই থাপনা বা সিংহাসনৰ সন্মুখত প্ৰতি সন্ধ্যা চাকি জ্বলোৱাৰ লগতে ডবা-কাঁহ-তাল আদি বজোৱা হয়।
সাধাৰণতে, 'মণিকূট' শব্দটোৱে ৰত্ন থোৱা ঘৰ বা ৰত্নগৃহ সূচায়। কিন্তু নামঘৰৰ প্ৰসংগত ই ভক্তিৰ সাৰ-সংকলিত গুৰু দুজনাৰ ৰচনাকহে বুজাইছে।
নামঘৰৰ মণিকূটভাগ দৰাচলতে এটা দুচলীয়া ঘৰ। অৱশ্যে সাম্প্ৰতিক যুগত দৌলৰ আৰ্হিত জোঙা কৰি তাৰ ওপৰত কলচী দি শিখৰ ভাগ নিৰ্মান কৰা ধৰণৰ মণিকূটো পৰিলক্ষিত হয়। 
আনহাতে, ছোঁ ঘৰটোতে ভাওনাত প্ৰয়োজনীয় মুখা আদি বিভিন্ন ছোঁ সামগ্ৰী, পোছাক-পৰিচ্ছদ, আভূষণ ৰখা হয়। ভাৱৰীয়াই ইয়াৰ পৰাই ভাওনাস্থলীত প্ৰৱেশ কৰে।

অসমীয়া সমাজ জীৱনত নামঘৰঃ
অসমীয়া সমাজ জীৱনত নামঘৰৰ স্থান অতি উচ্চ। ভক্তি-তত্বৰ অভিনৱ বান্ধোনত বান্ধ খাই থকা অসমীয়া সমাজ-জীৱনত নামঘৰে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। নাম-কীৰ্ত্তনৰ উপৰিও অসমীয়া গ্ৰাম্য সমাজে নামঘৰত ৰাইজৰ সৰ্বপ্ৰকাৰ মঙ্গলৰ অৰ্থে বাৰ্ষিক বৰসবাহ পাতে, ৰাজহুৱা নাম পাতি ভোজ খায়, পালনাম আদিৰ লগতে ঘোষা পাঠ তথা ব্যাখ্যাও নামঘৰত কৰা দেখা যায়। এই নামঘৰতে আধুনিক ৰূপত ভাওনা পতা হয়। সেইবাবেই হয়তো ড° বিৰিঞ্চি কুমাৰ বৰুৱাই নামঘৰক অসমীয়া জাতীয় সংস্কৃতিৰ যাদুঘৰ আৰু জাতীয় ভাওনা ঘৰ বুলি অভিহিত কৰিছে। তাৰোপৰি তিনি বিহুত মাহ প্ৰসাদ আগবঢ়াই নাম-কীৰ্তনেৰে সেৱা জনোৱা, গুৰু দুজনাৰ তিথি পালন, দেশত মাৰী-মৰক, হাইজা-বসন্ত আদি ৰোগৰ পৰা পৰিত্ৰান পাবলৈ সেৱা-সকাম, ইত্যাদি সকলোবোৰ নামঘৰৰ মজিয়াতেই হয়। 
আনহাতে গাঁৱৰ লোকসকলক থলুৱা নৃত্য-গীত-বাদ্যৰ শিক্ষাও নামঘৰত দিয়া হয়। বিশেষকৈ গায়ন-বায়ন, সূত্ৰধাৰ, বৰগীত, ইত্যাদিৰ শিক্ষা দিয়া দেখা যায়। এটা সময়ত গাঁৱৰ নামঘৰক কেন্দ্ৰ কৰিয়েই গা-কৰি উঠিছিল উচ্চ মানবিশিষ্ট ঘৰুৱা শিল্প আৰু খনিকৰী শিল্প-চৰ্চা। ফলশ্ৰুতিত গাঁৱৰ খনিকৰসকলে তেওঁলোকে নামঘৰৰ প্ৰয়োজনীয় তিনি খলপীয়া, পাঁচ খলপীয়া, সাত খলপীয়া আসন, গৰুড়াসন, কৰণি, ৰাঙলি শৰাই, ঠগা আদি সাজি উলিওৱাৰ লগতে লতা, ফুল, মূৰ্তি কাটি উলিয়াইছিল। নামঘৰলৈ দিয়া ঠগা ভদ্ৰাসন, চাকি থোৱা গছা, উড়াল, উড়াল মাৰি, খুন্দনা আদিত শিল্পীসকলে লতাফুল, বিভিন্ন চিত্ৰ আদি কাৰুকাৰ্য কৰিছিল। নামঘৰৰ মণিকূট, বেৰ-দুৱাৰ আদিত বিষ্ণুৰ দশাৱতাৰ, বাইশ অৱতাৰ, চৌব্বিশ অৱতাৰৰ লগতে বৈষ্ণৱ ধৰ্মৰ লগত জড়িত বিভিন্ন পুৰাণ কাহিনীৰ চিত্ৰ অংকন কৰি তাত হেঙুল হাইতাল বোলাইছিল।
এইসমূহৰ উপৰিও ভাওনাত প্ৰয়োজন হোৱা ধনু, কাঁড়, তৰোৱাল, গদা, মুকুট, কিৰীটি, চুলি, বিভিন্ন দেৱ-দেৱতা, ৰাক্ষস, কিন্নৰ, নাগ, জন্তু আদিৰ মুখা সঁজাৰ চৰ্চা নামঘৰৰ যোগেদিয়েই চলি আহিছে।
এই শিল্প চৰ্চাই অৱশ্যে বহুতো অসমীয়া মানুহৰ অৰ্থনৈতিক দিশটোতো গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছে। ভাওনাৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ নিৰ্মান কৰি চহৰৰ ভাওনা অনুষ্ঠানৰ বাবে ভাড়াত দি বহুতেই পেটে-ভাতে খাই থাকিবলৈ সক্ষম হৈছে। 

শিল্প চৰ্চাৰ উপৰিও পূৰ্বতে উল্লেখ কৰাৰ দৰে নামঘৰে গ্ৰামাঞ্চলৰ ৰাইজৰ বাবে লোকআদালত হিচাপেও কাম কৰে। অঞ্চলটো বা গাঁৱৰ সামাজিক সমস্যাসমূহৰ আলোচনা তথা সমাধান নামঘৰতে কৰা দেখা যায়। দোষীক শাস্তি দি নিৰ্দোষীজনক ন্যায় দিয়াৰ বাবে বিচাৰ প্ৰক্ৰিয়া নামঘৰতে গাওঁবুঢ়া, বিলনীয়া, দেউৰী, ৰাইজ সকলো মিলি অনুষ্ঠিত কৰে। ৰাইজৰ বিচাৰ অমান্য কৰাজনক সমাজৰ পৰা এঘৰীয়া কৰা হয় আৰু সম্পূৰ্ণ ৰাইজখনে তেওঁৰ সৈতে সামাজিকভাৱে সম্পৰ্ক শেষ কৰে। অৱশ্যে এই শাস্তিৰ পৰা উদ্ধাৰৰ নিয়ম-নীতিও ৰাইজেই নিৰ্দ্ধাৰণ কৰি ৰাখে। এই এঘৰীয়া হৈ থকাৰ সময়ছোৱাত এঘৰীয়া হোৱাজনৰ ঘৰৰ কোনো অনুষ্ঠানতে আনসকলে ভাগ ল'ব নোৱাৰে বা সেইলোকজনেও ৰাইজৰ ঘৰলৈ অহা-যোৱা বা অনুষ্ঠানাদিত ভাগ ল'ব নোৱাৰে। এইক্ষেত্ৰত ড° নগেন শইকীয়াদেৱেও "বিষয় শঙ্কৰদেৱ"ত লিখিছে, "নামঘৰ একোটিক কেন্দ্ৰ কৰি থকা সমজুৱাৰ ব্যক্তিগত, সমষ্টিগত, সামাজিক, বা পাৰিবাৰিক সংঘাত আৰু সকস্যা সমাধানৰ বাবে সমালোচনা কৰা আৰু সিদ্ধান্ত গ্ৰহণ কৰাৰ স্থান হ'ল নামঘৰ। নামঘৰে দৰাচলতে আধ্যাত্মিক, নৈতিক, সাংস্কৃতিক আৰু সামাজিক শিক্ষানুষ্ঠানৰ দায়িত্ব পাপন কৰি আহিছে। পৃথিৱীৰ কোনো ঠাইত নামঘৰৰ দৰে এনেভাৱে আটাইকেউটা বিষয়ৰ শিক্ষা আৰু প্ৰয়োগৰ অনুষ্ঠান নাই। 

একতাৰ ভক্তিভূমি নামঘৰত বিভাজন আৰু খেলৰ সৃষ্টিঃ
শংকৰদেৱ গুৰুজনাই যি মহান উদ্দেশ্যৰে নামঘৰ সৃষ্টি কৰি বহুধাবিভক্ত অসমীয়া সমাজৰ ভকত-বৈষ্ণৱসকলক একেখন চোতালতে থিয় কৰাবলৈ বিচাৰিছিল, সেই নামঘৰত আজি ৰাজনীতি-ক্ষমতা-শক্তিৰ অনাকাংক্ষিত পয়োভৰে ইয়াৰ ভিতৰচ'ৰাত খেলি মেলিৰ সৃষ্টি কৰিছে। একেখন গাওঁ বা একেটা অঞ্চলতে মানুহৰ মাজত বিভেদ সৃষ্টি কৰি দুই-তিনিটাকৈ খেলৰ সৃষ্টি হোৱাটো ইয়াৰ আটাইতকৈ ডাঙৰ আৰু চাক্ষুস উদাহৰণ। পৱিত্ৰ হৰিমন্দিৰৰ ভিতৰতে এনে ক্ষমতাকেন্দ্ৰিক লবীৰ বাবেই কোনো কোনো ঠাইত নামঘৰে  প্ৰকৃত মৰ্যদা হেৰুৱাইছে। অসমীয়া সমাজ-জীৱনত আদিৰে পৰা নামঘৰৰ যি স্থান তাক সৰ্বদা নিষ্কলুষ কৰি ৰখাৰ দায়িত্ব ৰাইজৰেই। গতিকে ধৰ্মীয়-ৰাজনৈতিক-ক্ষমতাকেন্দ্ৰিক বিষবাষ্প বিয়পাই গুৰুজনাই সজাই যোৱা একত্ৰিত সমাজখনক মত-ভিন সমাজ সজোৱাৰ পৰা আমি প্ৰত্যেকেই বিৰত থাকিব পাৰিলেহে একতাৰ ভক্তিভূমি নামঘৰ অনাদি কাললৈ অসমীয়া জনজীৱনৰ অবিচ্ছেদ্য অংগ হৈ ৰ'ব।

অসমীয়া জাতীয় জীৱনৰ এই অবিচ্ছেদ্য অংগবিশেষৰ সম্পৰ্কে ড° সৰ্বেশ্বৰ ৰাজগুৰুৱে "শঙ্কৰী সাহিত্যৰ অধ্যয়ন" গ্ৰন্থত লিখিছে, "নামঘৰসমূহৰ পৰা প্ৰৱাহিত হৈ থকা ধৰ্মীয়, সামাজিক, আৰু সাংস্কৃতিক চিন্তাৰ পুত-পৱিত্ৰ, সুবিমল প্ৰৱাহেই নানা সামাজিক আৰু ৰাজনৈতিক দুৰ্যোগৰ মাজেদিও সুদূৰ ষোড়শ শতাব্দীৰ পৰা অসমীয়া জাতিক স্বকীয় ধ্যান-ধাৰণা, সাংস্কৃতিক আৰু চাৰিত্ৰিক বৈশিষ্ট্যৰে মহিমামণ্ডিত কৰি জীয়াই ৰাখিছে"। 

পৰিশেষত, শ্ৰৱণ, কীৰ্ত্তন, অৰ্চ্চন, বন্দন, দাস্য, সখিত্ব, স্মৰণ, পদ সেৱন, আৰু আত্মনিবেদন- এই ন বিধ ভক্তি যি পৱিত্ৰ স্থানত সিদ্ধি হ'ব পাৰে, সেয়াই নামঘৰ। এই নামঘৰেই এখন সমাজ-একোটা অঞ্চলক বান্ধি ৰাখে। অসমীয়া সমাজ জীৱনত এই একতাৰ বন্ধন অটুত ৰাখিবলৈকে ভিন্নতাক আঁতৰাই নামঘৰৰ মজিয়াত লগ হোৱাৰ আমি সকলোৱে প্ৰয়াস কৰা উচিত। তেতিয়াহে উত্তৰ প্ৰজন্মৰ বাবে এখন সুস্থ-ঐক্য-শান্তিপূৰ্ণ সমাজৰ ভেটি আমি গঢ়ি যাব পাৰিম।অৱশ্যে এই প্ৰতিটো উদ্দেশ্য সফল হ'বলৈ হ'লে আমাৰ স্থানীয় নামঘৰসমূহত সৰুকৈ হ'লেও একো-একোটা পুথিভঁৰালৰ প্ৰয়োজন। আন নহ'লেও কীৰ্ত্তন, দশম, ঘোষা, ৰত্নাৱলী, গুণমালা, ভাগৱত, গুৰু চৰিত আদি ধৰ্মীয় পুথিসমূহ নামঘৰ এটাত থাকিলে সোণতে সুৱগা চৰিব। লগতে এই আপুৰুগীয়া পুথিসমূহৰ নিয়মীয়া চৰ্চ্চাৰ এটা পৰিৱেশেহে নতুন প্ৰজন্মক বৌদ্ধিক-আধ্যাত্মিকভাৱে প্ৰভাৱিত কৰিবলৈ সক্ষম হ'ব। 

প্ৰসংগ পুথিঃ
গোস্বামী, তীৰ্থনাথঃ নামঘৰ, ধলৰসত্ৰ পুথিভঁৰাল, ২০১৫ (সঃ)

গোস্বামী, তীৰ্থনাথঃ বৈষ্ণৱ মালা, ধলৰসত্ৰ পুথিভঁৰাল, ২০১৩ (পুনঃ)

দাস, নাৰায়ণ & ৰাজবংশী পৰমানন্দঃ অসমীয়া সংস্কৃতিৰ কণিকা, স্নাতকোত্তৰ অসমীয়া অধ্যয়ন কেন্দ্ৰ, অসমীয়া বিভাগ, প্ৰাগজ্যোতিষ মহাবিদ্যালয়, ১৯৯৬ (সঃ)

হাজৰিকা, সঞ্জয় কুমাৰঃ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু যুৱপ্ৰজন্ম, ৮৭ সংখ্যক বাৰ্ষিক অধিৱেশন, শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ, দেৰগাওঁ 

[প্ৰকাশিতঃ আলোক প্ৰভঞ্জন]