অসমৰ নৈপৰীয়া পৰিস্থিতিতন্ত্ৰঃ সংৰক্ষণ আৰু সম্ভাৱনা

অসমৰ নৈপৰীয়া পৰিস্থিতিতন্ত্ৰঃ সংৰক্ষণ আৰু সম্ভাৱনা

✍ অৰ্চনা গীতা শইকীয়া


২৬ আগষ্ট, ২০২৪- ৰাষ্ট্ৰসংঘই 'পৰিস্থিতিতন্ত্ৰ পুনৰুদ্ধাৰ দশক' ঘোষণা কৰাৰ ইমান বছৰৰ পিছতো আজি আমি ২০২১ বৰ্ষৰ বিশ্ব পৰিৱেশ দিৱসৰ দৰেই পৰিস্থিতিতন্ত্ৰ পুনৰুদ্ধাৰৰ চিন্তাৰ প্ৰসাংগিকতা বিচাৰি আছো।

সি যি নহ'লেও, অসমৰ নৈপৰীয়া পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰৰ প্ৰসংগলৈ যোৱাৰ পূৰ্বে আমি জানি লোৱা উচিত যে, পৰিস্থিতিতন্ত্ৰ অথবা নৈপৰীয়া পৰিস্থিতিতন্ত্ৰনো কি আৰু আমি ইয়াৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা কি? 

পৰিৱেশ বিজ্ঞানী স্মিথৰ মতে, মূলতঃ 'পৰিস্থিতিতন্ত্ৰ' হৈছে  পৰিৱেশ বিজ্ঞানৰ মুখ্য সাংগঠনিক আৰু কাৰ্যকৰী একক, যাৰ গাঁথনি ইয়াৰ জৈৱ বৈচিত্ৰ্যৰ সৈতে ওতপ্ৰোতভাৱে সম্পৰ্কিত। ই হৈছে জৈৱপ্ৰজাতিৰ আন্তঃক্ৰিয়াৰ লগতে পৰিৱেশৰ অজৈৱ উপাদানবোৰৰ দ্বাৰা গঠিত এক সংযুক্ত প্ৰণালী। আনহাতে, পৰিৱেশ তন্ত্ৰ এটা চলাবলৈ প্ৰয়োজনীয় শক্তিৰ পৰিমাণ ইয়াৰ গাঁথনিৰ ওপৰত নিৰ্ভৰ কৰে।
স্বাভাৱিক অৱস্থাত আমি বিভিন্ন ধৰণৰ পৰিস্থিতিতন্ত্ৰ দেখিবলৈ পাওঁ, যিসমূহৰ ভিতৰত নৈপৰীয়া পৰিস্থিতিতন্ত্ৰ হৈছে আটাইতকৈ বেছি ভাবুকিগ্ৰস্ত পৰিস্থিতিতন্ত্ৰ। ইয়াৰ কাৰণ হিচাপে আমি বৰ্ধিত প্ৰদূষণ, পানীৰ বিমূৰ্ততা, নদীৰ channelisation, আৰু জলবিদ্যুৎ প্ৰকল্প নিৰ্মান আদিলৈ আঙুলিয়াব পাৰো।

'নৈপৰীয়া পৰিস্থিতিতন্ত্ৰ' বুলিলে বিশেষকৈ সেইধৰণৰ পৰিস্থিতিতন্ত্ৰক বুজায় যিবোৰ নদীৰ যিকোনো পৃষ্ঠত বাস কৰা জীৱ আৰু চৌপাশৰ ভৌতিক আৰু ৰাসায়নিক উপাদান তথা পৰিৱেশৰ সৈতে তেওঁলোকৰ সম্পৰ্কৰ দ্বাৰা গঠিত হয়। আনহাতে ভাৰতৰ উত্তৰ-পূবত অৱস্থিত অসম হ'ল মূলতঃ সমভূমি আৰু নদী উপত্যকাৰ দেশ, য'ত ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ লগতে ইয়াৰ উপনৈসমূহ, আৰু সমভূমি অঞ্চলত জলাহভূমিৰ লগতে বিভিন্ন আকৃতি, আকাৰ আৰু গভীৰতাৰ চিৰস্থায়ী জলাশয় আছে যাক স্থানীয়ভাৱে বিল, জলাশয়, দলনি, পিটনি, হোলা আদি বুলি কোৱা হয়। তাৰোপৰি জয়সাগৰ, দীঘলিপুখুৰী আদি মানুহৰ দ্বাৰা নিৰ্মিত টেংকবোৰ আৰু দীপৰ বিলৰ বাবেও অসমে পৰিস্থিতিতন্ত্ৰ অনন্য। সমূদায় ভিত্তিত অসমত প্ৰায় ৩,৫১৩ খন বিল, ১,৮৫,৬২৩ টা পুখুৰী আৰু টেংক আৰু কেইবাটাও জলাশয় আছে। 
কিন্তু কথাটো হ'ল, জনগাঁথনিগত চাপ, উন্নয়নমূলক প্ৰকল্প আৰু অত্যাধিক শোষণৰ ফলত অসমৰ এই নৈসৰ্গিক পৰিৱেশ ক্ৰমাগতভাৱে ক্ষয় হৈ গৈ আছে। বৰ্ধিত কাৰ্বন নিৰ্গমনৰ পৰা আৰম্ভ কৰি বনধ্বংস আৰু ভূমিৰ অৱক্ষয়লৈকে, নৃতাত্ত্বিক কাৰ্যকলাপসমূহে এতিয়া আমাৰ পৰিৱেশ তন্ত্ৰ আৰু পাৰিপাৰ্শ্বিক জৈৱ বৈচিত্ৰ্যৰ ওপৰত যথেষ্ট ক্ষতিকাৰক প্ৰভাৱ পেলাইছে। আৰু ইয়াৰ বাবে একমাত্ৰ দায়ী হ'ল মানৱজাতি।

নৈপৰীয়া পৰিস্থিতিতন্ত্ৰত ভাৰসাম্যহীনতাঃ
গোলকীকৰণ আৰু বিশ্বায়নৰ মলয়াজাকত উটি-ভাঁহি ফুৰা মানৱজাতিৰ অসংযত কৰ্মকাণ্ডৰ বাবেই বা অন্য কিবা
কাৰণত নৈপৰীয়া পৰিস্থিতিতন্ত্ৰ ক্ৰমাণ্বয়ে সন্তুলন হেৰাই গৈছে। উদাহৰণস্বৰূপে- উচ্চ পৰিমাণৰ নাইট্ৰেট শোষণৰ সময়ত সাধাৰণতে শেলায়ে পানী আৱৰি ৰাখে। এই অতিপুষ্টি প্ৰক্ৰিয়াই পানীত অক্সিজেনৰ পৰিমাণ হ্ৰাস কৰে আৰু পোহৰ পানীৰ ভিতৰভাগত প্ৰৱেশ কৰাত বাধা দিয়ে; যাৰ ফলত জলজ জীৱৰ ক্ষতি হয়। লগতে, তাপ বিদ্যুৎ প্ৰকল্প, পাৰমাণৱিক শক্তিৰ উৎস আদিৰ পৰা নিৰ্গত পানী অত্যন্ত গৰম হয় আৰু সেই পানী ওচৰৰ হ্ৰদ, নদী আদিত পৰিলে হঠাতে তাপমাত্ৰা বৃদ্ধি পায়। ফলস্বৰূপে, মাছ আৰু কাছৰ দৰে এক্টোথাৰ্মিক প্ৰাণীৰ সৈতে জলজ উদ্ভিদৰ ক্ষতি আৰু বিলুপ্তিও হয়। শেহতীয়া এক প্ৰতিবেদন অনুসৰি, এনে কাৰণৰ বাবে, ২৫ টা প্ৰজাতিৰ মাছৰ বৈচিত্ৰ্য বিপদাপন্ন বুলি ইতিমধ্যে চিনাক্ত কৰা হৈছে। আনকি নদীত নিৰ্মাণ কৰা বান্ধবোৰৰ পৰা জলবিদ্যুৎ উৎপাদন কৰোতে, বান্ধটো খহি পৰাৰ ফলত ইয়াৰ জলবিদ্যুৎ ক্ষমতা হ্ৰাস হয়, জলজ জন্তুৰ প্ৰব্ৰজনত বাধা হয়, আৰু নদীৰ প্ৰবাহো বহুসময়ত অস্বাভাৱিক হৈ পৰে।
বিশেষকৈ নদী বা অন্যান্য জলাশয়ত নিষ্কাশন হোৱা ঘৰৰ পৰা ওলোৱা আৱৰ্জনাবোৰ যিবোৰত মূলতঃ প্লাষ্টিক, এলুমিনিয়াম, গ্লাছ ইত্যাদি থাকে, সিয়ে নদীবোৰক প্ৰভাৱিত কৰে আৰু ই জলজ জীৱৰ বাবেও ক্ষতিকাৰক কিয়নো এই আৱৰ্জনাবোৰ পানীৰ ভিতৰত সহজে অৱনমিত নহয়। ঔদ্যোগিক আৱৰ্জনাবোৰ সাধাৰণতে সীহ, পেট্ৰ'কেমিকেল আদিৰ দৰে অতি ক্ষতিকাৰক পদাৰ্থৰে গঠিত হয়, যি জলজ জীৱন আৰু মানুহ আৰু পানীৰ মানদণ্ডৰ বাবে বিপদজনক। আনকি, কেৱল আৱৰ্জনা সহজে পেলাই দিয়াৰ বাবেই বৰ্তমান সময়ত নদীৰ ওচৰত বিভিন্ন ধৰণৰ উদ্যোগ নিৰ্মাণ কৰা হৈছে। ইয়াৰ ভিতৰত বস্ত্ৰ কাৰখানা, সাৰ কল, কাগজ কল, চিকিৎসালয়ৰ আৱৰ্জনা আদিবোৰ উল্লেখযোগ্য যিয়ে নদীবোৰত তৰল আৰু কঠিন আৱৰ্জনা সৃষ্টি কৰে নৈপৰীয়া পৰিস্থিতিতন্ত্ৰটো দূষিত কৰে। আনহাতে, যদিও এচিড বৰষুণ এক প্ৰাকৃতিক সমস্যা যেন লাগে, কিন্তু দূষিত বায়ুত এচিডিক কণাৰ উপস্থিতিৰ ফলত এচিড বৰষুণ হয়। বায়ুমণ্ডলৰ এই কণাবোৰ পানীৰ বাষ্পৰ সৈতে মিহলি হয় আৰু ইয়াৰ ফলতহে এচিড বৰষুণ হয়, যি নদীবোৰৰ ক্ষতি কৰে। ইয়াৰ ফলত তাপ প্ৰদূষণ হয় যি জলাশয়ৰ উষ্ণতা বৃদ্ধি কৰে আৰু এই মানৱ-নিৰ্মিত কাৰ্যকলাপৰ বাবে এই পৰিৱৰ্তন সংঘটিত হয়। এই বিষাক্ত সামগ্ৰীবোৰ মুকলি কৰিলে, স্থানীয় উদ্ভিদৰ লগতে জলজ প্ৰাণীৰ বাবে ক্ষতিকাৰক হৈ উঠে।

এনেবোৰ কাৰণত বহুতো পৰিস্থিতিতন্ত্ৰৰ ইতিনধ্যেই অৱনতি ঘটিছে। এই ভাবুকিবোৰৰ ফলত কেৱল নৈপৰীয়া পৰিৱেশতন্ত্ৰই নহয়, ইয়াৰ চাৰিওফালেও আকস্মিক ৰূপান্তৰ হ'ব পাৰে বা জৈৱীয় প্ৰক্ৰিয়াৰ ক্ৰমান্বয়ে ব্যাঘাত ঘটিব পাৰে আৰু পৰিৱেশ তন্ত্ৰৰ অজৈৱিক পৰিস্থিতিৰ অৱক্ষয় হ'ব পাৰে।

অসমৰ নৈপৰীয়া পৰিস্থিতিতন্ত্ৰৰ প্ৰতি ভাবুকিঃ
পৰিৱেশ তন্ত্ৰৰ যিকোনো পুষ্টিৰ স্তৰে এক নিৰ্দিষ্ট হাৰত আৰু ক্ষেত্ৰত এক নিৰ্দিষ্ট সময়ৰ ব্যৱধানত বায়'মাছৰ পৰা শক্তি সংশ্লেষণ কৰে। এই প্ৰক্ৰিয়াত উৎপাদিত উৎপাদনৰ পৰিমাণ পৰিৱেশৰ বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰে।পৰিৱেশ তন্ত্ৰ এটাৰ উৎপাদন ক্ষমতা পৰিৱেশগত উপাদান যেনে পোহৰ, পানী, সৌৰ বিকিৰণ, মাটিৰ প্ৰকাৰ, আৰ্দ্ৰতা আদিৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা হয়। এনে পাৰস্পৰিক নিৰ্ভৰশীলতাৰ বাবেই, পৰিৱেশ প্ৰদূষিত কৰিলে এক পৰিৱেশ তন্ত্ৰৰ অন্তৰ্ভুক্ত জীৱবোৰৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়।
       
অসমৰ ক্ষেত্ৰত নৈপৰীয়া পৰিস্থিতিতন্ত্ৰলৈ ভাবুকি কঢ়িয়াই অনা কাৰকসমূহ হ'ল-
▪ নিৰ্বিচাৰ আৰু অবৈজ্ঞানিক বালি খননৰ ফলত নৈপৰীয়া পৰিস্থিতিতন্ত্ৰৰ অৱক্ষয় ঘটিছে।
▪ বীজাণুৰ উপস্থিতিঃ জলাশয়বোৰত এৰি দিয়া ৰাসায়নিক পদাৰ্থবোৰ নদীৰ তলত থিতাপি লোৱাৰ পিছত এক ডাঠ স্তৰ গঠন কৰে। পানীত থকা বেক্টেৰিয়াবোৰে সেইবোৰক খাদ্য যোগান ধৰাৰ ফলত অক্সিজেনৰ মাত্ৰা হ্ৰাস হয় যি নদীত থকা জলজ জীৱনৰ ক্ষতি কৰে।
▪ চৰকাৰী পৃষ্ঠপোষকতাত নদীৰ ওপৰত নিৰ্মিত বান্ধ য'ত নদীৰ বাসস্থান খণ্ডিত হৈছে আৰু ফলশ্ৰুতিত জলজ উদ্ভিদ, জীৱজন্তু আৰু জৈৱ বৈচিত্ৰ্যৰ যথেষ্ট পৰিমানে ক্ষতি হৈছে। উদাহৰণস্বৰূপে, সোৱণশিৰি নদীৰ ওপৰত নিৰ্মিত নদীবান্ধ, কপিলী নৈৰ ওপৰত নিৰ্মিত 'খাণ্ডং' নদীবান্ধ, পাগলাদিয়া আৰু ৰঙানদীৰ ওপৰত নিৰ্মিত নদীবান্ধ, 'উমৰং' নদীবান্ধ, বৰপানী নৈৰ ওপৰত 'কাৰ্বি লাংপি নদীবান্ধ' ইত্যাদিয়েই প্ৰধান।
▪ অন্যান্য মানৱসৃষ্ট কাৰণত হোৱা জল-প্ৰদূষণ, ইত্যাদি।
পৰিস্থিতিতন্ত্ৰত হোৱা এনে অস্বাভাৱিক পৰিৱৰ্তনৰ বাবে কেৱল জলজ জীৱনেই যে ক্ষতিগ্ৰস্ত হয় তেনে নহয়, মানুহো গভীৰভাৱে প্ৰভাৱিত হয়। কিয়নো শেষত মানুহেও সেই প্ৰদূষিত পানী খায়, দৈনন্দিন কামৰ বাবে ব্যৱহাৰ কৰে আৰু বিভিন্ন ৰোগ অৰ্থাৎ টাইফইড, জণ্ডিচ, কলেৰা আদিৰ দৰে পানীবাহিত ৰোগৰ ক্ষেত্ৰত নিজকে অসুৰক্ষিত কৰি তোলে।  আনহাতে মানুহ তেওঁলোকৰ দৈনন্দিন কাম যেনে পৰিষ্কাৰ কৰা, ধোৱা আদিৰ বাবে ৰাসায়নিক ভাৱে শোধিত পানীৰ সংস্পৰ্শলৈ আহে যিয়ে সংক্ৰামক ৰোগ বিয়পাৰ সম্ভাৱনা বৃদ্ধি কৰে। এনে অস্বাভাৱিকতাৰ ফলত একো একোটা ভঙ্গুৰ পৰিস্থিতিতন্ত্ৰ ধ্বংস হ'ব পাৰে। যদি এনেদৰে পানী প্ৰদূষিত হৈ থাকে তেন্তে অসমৰ নৈপৰীয়া পৰিস্থিতিতন্ত্ৰ খহি পৰিব আৰু তাত বাস কৰা প্ৰজাতিসমূহৰ বিলুপ্তিৰ পথ প্ৰশস্ত হ'ব।

অসমৰ নৈপৰীয়া পৰিস্থিতিতন্ত্ৰঃ সংৰক্ষণ আৰু সম্ভাৱনাঃ
শেহতীয়াকৈ, Central Pollution Board-য়ে নদীবোৰত জৈৱিক অক্সিজেনৰ চাহিদাৰ স্তৰৰ ওপৰত ভিত্তি কৰি অসমৰ ৪৪খন নদী, আৰ্দ্ৰভূমি আৰু জলাশয়ক প্ৰদূষিত বুলি চিনাক্ত কৰিছে, যি হৈছে সমগ্ৰ দেশৰ ভিতৰত মহাৰাষ্ট্ৰৰ পিছতে দ্বিতীয় স্থান। সেয়েহে, অসমৰ জলাশয় বা নৈপৰীয়া পৰিস্থিতিতন্ত্ৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা আজি সঁচাকৈয়ে আছে।

অসমৰ নদীসমূহত পোৱা শিহুৰ উপস্থিতিয়ে খাদ্যশৃংখলত এক উচ্চখাপৰ ভাৰসাম্যতা প্ৰদান কৰে । সেয়েহে শিহুৱে বাস কৰা নদীসমূহৰ জলজ পৰিস্থিতিতন্ত্ৰটো সদায় অন্য নদীতকৈ উচ্চ গুন সম্পন্ন হয় । শিহু নদীৰ মোহনা, নদীদ্বীপ তথা বালিচৰৰ দাঁতিকাষৰীয়া সুঁতি আৰু নদীৰ ভাঁজ আদিত বেছিকৈ দেখা পোৱা যায়। নদীৰ এই অঞ্চল সমূহৰ বিষেশত্ব হ’ল যে- নদীৰ বাকীবোৰ অঞ্চলতকৈ ইয়াত জলজ উৎপাদনৰ (productivity) হাৰ বেছি। কিন্তু মানুহৰ অসংযত কৰ্মকাণ্ড আৰু অৰ্থনৈতিক লাভালাভে অত্যাধিক গুৰুত্ব পোৱাৰ ফলত অসমৰ নদীতন্ত্ৰত শিহুৰ উপস্থিতিও যথেষ্ট কমি যোৱা দেখা গৈছে।

এইবোৰৰ বাহিৰেও, কেৱল সৰু আৰু ভালদৰে সংলগ্ন উদ্ভিদৰ প্ৰকাৰ যেনে শেলাই আদি  নৈপৰীয়া পৰিস্থিতিতন্ত্ৰত জীয়াই থাকিব পাৰে। সেয়েহে কেৱল কেইটামান উদ্ভিদৰ উপস্থিতিৰ বাবে, ইয়াৰ জীৱ-জন্তুৰ পুষ্টিৰ আধাৰ হৈছে জৈৱিক  অপচয়, যি বোৰ নিষ্কাশন ক্ষেত্ৰৰ পৰা নদীলৈ পৰিৱহিত  হয়। যদি মানুহে তেওঁলোকৰ অসংযত আচৰণৰ জৰিয়তে এই পৰিস্থিতিতন্ত্ৰ ধ্বংস কৰে, তাত বাস কৰা জীৱবোৰো ধ্বংস হ'ব আৰু প্ৰজাতিটোও নিশ্চিতভাৱে বিলুপ্ত হ'ব। অসমৰ ক্ষেত্ৰত এই নৈপৰীয়া পৰিস্থিতিতন্ত্ৰ ধ্বংসই ইয়াৰ চাৰিওদিশটো অত্যাধিক মাত্ৰাত প্ৰভাৱিত কৰিব এইবাবেই যে, অসমৰ জনসাধাৰণৰ মুখ্য জীৱিকা যেনে কৃষি, দুগ্ধজাত সামগ্ৰী উৎপাদন, জল পৰিবহন আৰু বাণিজ্য আদি নদীৰ ওপৰত নিৰ্ভৰশীল। সেয়েহে ইয়াত প্ৰজাতিৰ জীৱন সুৰক্ষিত কৰাৰ বাবে নৈপৰীয়া পৰিস্থিতিতন্ত্ৰ সংৰক্ষণ কৰাটো অতি গুৰুত্বপূৰ্ণ।

অৱশ্যে, শেহতীয়াকৈ, কেন্দ্ৰীয় চৰকাৰে সুৰক্ষিত এলেকাৰ চাৰিওফালে পৰিৱেশ-সংবেদনশীল অঞ্চলবোৰৰ বিষয়ে অৱগত কৰিবলৈ পৰিৱেশ সুৰক্ষা আইন, ১৯৮৬ আৰু পৰিৱেশ সুৰক্ষা নিয়ম  ব্যৱহাৰ কৰিছিল। পৰিৱেশ-সংবেদনশীল ক্ষেত্ৰত, সকলো কাৰ্যকলাপ তিনিটা শ্ৰেণীত বিভক্ত কৰা হৈছে – নিষিদ্ধ, নিয়ন্ত্ৰিত, বা অনুমতিপ্ৰাপ্ত। এইটো এটা আৰ্হি যাক নদী সংৰক্ষণৰ বাবেও ব্যৱহাৰ কৰিব পাৰি। নদী সংৰক্ষণৰ বাবে এই ব্যৱস্থাবোৰ প্ৰয়োজনীয় কিয়নো ই মানুহক নদী সংৰক্ষণৰ বাবে ক্ষতিকাৰক কাৰ্যকলাপত লিপ্ত হোৱাৰ পৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে।

ৰাষ্ট্ৰীয় নদী ৰক্ষণশীল সঞ্চালকালয় হৈছে জল শক্তি মন্ত্ৰালয়ৰ অধীনৰ এক কাৰ্যকৰী সংস্থা যাক সংশ্লিষ্ট ৰাজ্য চৰকাৰৰ অনুমতিত ৰাষ্ট্ৰীয় নদী সংৰক্ষণ পৰিকল্পনা আৰু ৰাষ্ট্ৰীয় হ্ৰদ সংৰক্ষণ পৰিকল্পনাৰ অধীনত সমগ্ৰ ভাৰতৰ নদী আৰু হ্ৰদসমূহৰ সুৰক্ষা কাৰ্যকৰী কৰিবলৈ ব্যৱহাৰ কৰা হয়। অসমৰ ধনশিৰি নৈৰ ক্ষেত্ৰত ইয়াৰ উপযোগিতা আমি ইতিমধ্যেই দেখিবলৈ পাইছো।

অৱশ্যে, ইমানবোৰ আইনী ব্যৱস্থা ৰখা স্বত্বেও ভাৰতবৰ্ষত পৰিৱেশ সংৰক্ষণৰ অৱস্থা বৰ এটা সন্তোষজনক নহয়। নদী আৰু হ্ৰদবোৰ নৰ্দমা আৰু ঔদ্যোগিক আৱৰ্জনাৰ দ্বাৰা প্ৰদূষিত হৈয়েই আছে, আৰু পৰিণতিত জৈৱ সম্পদো নাইকিয়া হৈ গৈ আছে।
      
ইয়াৰ আঁৰতো বিভিন্ন দিশে ক্ৰিয়া কৰি আছে। উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ, কোম্পানীবোৰৰ সুৰক্ষা প্ৰণালী আৰু সঁজুলিবোৰ তদাৰক কৰা, আৰু অনাপত্তি প্ৰমাণপত্ৰ প্ৰদান বা অস্বীকাৰ কৰাত জড়িত কৰ্তৃপক্ষৰ অনিয়ন্ত্ৰনাধীন ক্ষমতা। অৱশ্যে কেতিয়াবা পৰ্যাপ্ত পুঁজিৰ অভাৱৰ বাবেও আইন প্ৰৱৰ্তন কঠিন হয়।
     
কিন্তু সকলো বাধাৰ পিছতো, শেহতীয়াকৈ 'অসমৰ মৃত্যুমুখত পৰা নদী: তেওঁলোকৰ পুনৰুজ্জীৱিতকৰণৰ বাবে এক সম্প্ৰদায়-আধাৰিত কাৰ্য পৰিকল্পনা বিকশিত কৰাৰ বাবে ব্ৰহ্মপুত্ৰ উপত্যকাত নিৰ্বাচিত নদী আৰু নদীৰ পৰিৱেশ তন্ত্ৰৰ অৱক্ষয়ৰ ওপৰত এক অধ্যয়ন'  (Dying rivers of Assam: A study on degradation of selected rivers and riverine ecosystems in the Brahmaputra Valley for developing a community-based action plan for their rejuvenation) শীৰ্ষক এক কাৰ্য গৱেষণা প্ৰকল্প আৰম্ভ হৈছে। আৰণ্যাকৰ 'পানী, জলবায়ু আৰু সংশয়'  বিভাগৰ পৃষ্ঠপোষকতাত সম্পাদন কৰা এই প্ৰকল্পটো অসম চৰকাৰৰ ৰাজ্যিক উদ্ভাৱন আৰু পৰিৱৰ্তন আয়োগৰ দ্বাৰা সমৰ্থিত। এই অধ্যয়নটোৰ সামগ্ৰিক লক্ষ্য হৈছে বিশেষজ্ঞ আৰু অংশীদাৰ সম্প্ৰদায় দুয়োকে অন্তৰ্ভুক্ত কৰি অসমৰ নিৰ্বাচিত পৰিৱেশবিজ্ঞানৰ দ্বাৰা অৱনমিত  নদীবোৰৰ বহনক্ষম নদী ব্যৱস্থাপনা আৰু পুনৰুজ্জীৱিতকৰণৰ বাবে সম্প্ৰদায়/নাগৰিক-আধাৰিত পৰিকল্পনা প্ৰস্তুত কৰা আৰু বিশেষজ্ঞ আৰু মানুহৰ স্থানীয় জ্ঞান দুয়োটাকে একত্ৰিত কৰা। এই প্ৰকল্পটোৰ অধীনত ভৰলু, দীপৰ বিল, কলং, ৰঙানদী আদি ১০ খন নদীক মূলতঃ লক্ষ্য কৰি লোৱা হৈছে। 
এই প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিলে, এক বহনক্ষম নদী ব্যৱস্থাপনা নীতি আৰু ৰণনীতিত অৰিহণা যোগাব বুলি আশা কৰা হৈছে, যি বৰ্তমান সময়ৰ পৰিৱেশৰ স্থিৰতা আৰু মানৱ কল্যাণৰ বাবে ৰাজ্যখনৰ বাবে অতিকৈ প্ৰয়োজনীয়।

কিন্তু একেসময়তে, এই প্ৰকল্পৰ প্ৰায় সমান্তৰালভাৱে  চৰকাৰী পৃষ্ঠপোষকতাত গৃহীত EIA-2020 (পাৰিৱেশিক প্ৰভাৱ নিৰূপণ) ৰ বিষয়েও আমি উল্লেখ কৰিব লাগিব। এই নতুন খচৰাখনে প্ৰকল্প নিৰ্মানৰ সকলো দিশ শিথিল কৰি দিয়াৰ লগতে আটাইতকৈ দুৰ্ভাগ্যজনক কথা এইটোৱেই যে কোনো প্ৰতিষ্ঠানে পৰিৱেশ সুৰক্ষা আইন উলংঘা কৰিলেও চৰকাৰৰ বাহিৰে কোনো জনসাধাৰণে তাত মন্তব্য দিব নোৱাৰিব।  তাৰোপৰি, সীমান্ত এলেকাৰ ১০০ কি মি দূৰত্বৰ ভিতৰত পৰা এলেকাত চৰকাৰে কিবা প্ৰকল্প হাতত ললে তাত কোনেও কোনোধৰণৰ আপত্তি কৰিব নোৱাৰিব। কেন্দ্ৰীয় চৰকাৰৰ এনেধৰণৰ সুবিধাবাদে যে অসমৰ লগতে উত্তৰ পূৱৰ আন ৰাজ্যসমূহৰ জৈৱবৈচিত্ৰ মষিমূৰ কৰি পেলাব সেয়া উপলব্ধি কৰাৰ ক্ষমতা অসম চৰকাৰৰ আছিলনে নাই, সেয়া সন্দেহৰ আৱৰ্তত।

সি যি নহ'লেও, সাম্প্ৰতিক প্ৰেক্ষাপটত পৰিৱেশ অধ্যয়নৰ ক্ষেত্ৰত আটাইতকৈ মন কৰিবলগীয়া কথাটো হ'ল বিশ্বায়নে Global village লৈ পৰিণত কৰা বিশ্বখনক পুনৰ মানুহৰ কাণ্ডজ্ঞানহীনতাই global pillage লৈ ৰূপান্তৰিত কৰাৰ পৰা আমি নিজ নিজ ভূ-খণ্ডক বচাই ৰাখিব লাগে। কিন্তু কথা হ'ল, আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰব্যৱস্থাটোৰ মাজত থাকি সকলো কাম কৰাটো নিশ্চিতভাৱে সম্ভৱপৰ নহয়। কিয়নো, এনে গোলকীয় সমস্যা সমাধানৰ বাবে বিশ্বৰ প্ৰত্যেকখন ৰাষ্ট্ৰৰ সহযোগিতা  প্ৰয়োজনীয়, যিটো ক্ষমতাকেন্দ্ৰিক অঁৰিয়া-অঁৰিৰ বাবেই বিশ্বৰ ৰাষ্ট্ৰসমূহৰ পক্ষে যথেষ্ট কঠিন হ'ব। গতিকে গোলকীয়ভাৱে পৰিৱেশকেন্দ্ৰিক সমস্যা সমাধানৰ বাবে বাট নাচায় আমি প্ৰত্যেকেই পৰিৱেশ প্ৰদূষণ ৰোধ কৰি পৰিস্থিতিতন্ত্ৰসমূহ পুনৰুদ্ধাৰৰ লগতে বিশ্বজগতৰ আটাইবোৰ জীৱই সহবাস কৰি থকাটোতহে গুৰুত্ব প্ৰদান কৰা উচিত হ'ব। যিহেতু নদীৰ ক্ৰমহ্ৰাসমান মূল্য আৰু ক্ৰমবৰ্দ্ধমান ভাবুকিৰ বিশ্বজনীন আৰু ভাৰতীয় দৃশ্যৰ কথা মনত ৰাখি আৰু একে সময়তে অসমত নদীসমূহৰ বৰ্তমান আৰু ভৱিষ্যতৰ দুৰ্বলতাৰ কথা বিবেচনা কৰি, বিজ্ঞান আৰু পৰম্পৰাগত জ্ঞানৰ ওপৰত আধাৰিত অভিযোজিত ভৱিষ্যত কেন্দ্ৰিক নীতি গ্ৰহণ আৰু বহনক্ষম ব্যৱস্থাপনা সমন্বয়ৰ বাবে দীৰ্ঘম্যাদী পৰিকল্পনা প্ৰস্তুত কৰাৰ বাবে এয়াই সুৱৰ্ণ সময়। সেয়েহে নদীবোৰক আৱৰ্জনা পেলোৱা ঠাই হিচাপে চোৱাৰ নগৰীয়া দৃষ্টিভংগী সলনি কৰি নৈপৰীয়া পৰিস্থিতিতন্ত্ৰৰ লগতে সমগ্ৰ বিশ্বখনকে সেউজীয়া কৰি ৰখাৰ বাবে সংকল্পৱদ্ধ হওঁ আহক।
_______________________