হাৰিয়া ঘাটত তোমাৰ নাওঁ

 💫হাৰিয়া ঘাটত তোমাৰ নাওঁ💫


সমাধিস্থ সপোনৰ শ্মশানত আন্ধাৰ ফালি পুনশ্চঃ জ্বলি উঠা জুইকুৰাই প্ৰেম। 

হঠাতে জ্বলি উঠে, হঠাতেই নুমাই যায়। 

কাৰোবাৰ বাবে পৰিত্যক্ত এটুকুৰা শিল; 

কাৰোবাৰ বাবে উৰি ফুৰা এটা জিঞা; 

কাৰোবাৰ বাবে আকাশৰ নীলাখিনিও একুৰা-একুৰা জুই- 

বুকুত জ্বলা জুই..

মনত জ্বলা জুই।



হাৰিয়া ঘাটত তোমাৰ নাওঁ










ল'ৰালিৰ কোনোবা এটা অচিন ঘাটত দুভৰি খেলি খেলি ঢৌবোৰ ভাঙি থাকোতে আকাশৰ নীলাখিনি আহি এদিন গালে-মুখে চুমি গৈছিল। সেই নীলাত ইমানেই ৰাগি আছিল যে তুমি আৰু 'তুমি' হৈ থকা নাছিলা। অস্তগামীৰ হেঙুলীয়াখিনিৰ সৈতে বিলীন হৈ গৈছিলা মোৰ বুকুত। সেই দিন ধৰি তোমাক কঢ়িয়াই লৈ ফুৰিছো জানা..! 


কতবাৰ যে মই সলনি কৰিছো মোৰ ঠিকনা, তথাপিচোন বুকুৰ কোনোবাখিনিত কঢ়িয়াই ফুৰো এটুকুৰা কেঁচা ঘাঁ.. যেন কাহানিও নুশুকাবই...। 


বিষবোৰ নৈ হৈ দুচকুলৈ বয়..; তুমিনো কি কৰিবা!!


সেই তাহানিতেই দি গ'লা শিকলিত আৱদ্ধ এটি হৃদযন্ত্ৰ, মোৰ নিষ্পাপ প্ৰেমৰ প্ৰত্যোপহাৰ। ডাৱৰবোৰ মেলি দি ঢাকি দিলা মোৰ কণমানি স্বৰ্ণিল পৃথিৱী। 


ল'ৰালি বিচাৰি কোনো ঘাটলৈ মই এতিয়া যাব নোৱাৰো... তুমি মৰীচিকা হৈ ধৰা দিয়া। সেই মৰীচিকা মাফিয়াৰাজত মই মোকতো আৰু হেৰুৱাব নোৱাৰো। প্ৰেম আজিও একুৰা জুই মোৰ বাবে। কি ঠিক! আজিৰ দৰেই দহি দহি সেই জুইতে শেষ হৈ যাওঁ যদি!! তুমি কি কৰিবা?


হাৰিয়াঘাটত তোমাৰ নাওঁ নাবান্ধিবা.... 

পলসত শেষ হৈ নাযাওক এই প্ৰেমৰ জুই..  

জ্বলি থাকক উমি উমি.. 

আ-জী-ৱ-ন... 

তোমাৰ-মোৰ অথবা আন কাৰোবাৰ হিয়াই হিয়াই।◻

বৈৰী (Mother of a Traitor)


মূলঃ Mother of a Traitor 

লেখকঃ মেক্সিম গৰ্কী


বৈৰী

মাকবোৰৰ বিষয়ে নিৰৱিচ্ছিন্নভাৱে কথা পাতিব পাৰি। যোৱা বহুসপ্তাহ ধৰি শত্ৰুসেনাই নগৰখন লৌহ পিঞ্জৰাৰ দৰে ঘেৰি ৰাখিছিল৷ ৰাতি হ'লেই ঠায়ে ঠায়ে জুই জ্বলিছিল- হাজাৰটা তেজৰঙা চকুৰ দৰে জুইৰ শিখাই ৰাতিৰ অন্ধকাৰ ভেদি অৱৰুদ্ধ নগৰখনৰ বাসিন্দাসকলৰ অন্তৰত ত্ৰাসৰ সৃষ্টি কৰিছিল৷

লাহে লাহে নগৰবাসীয়ে দেৱালৰ পৰা শত্ৰু সেনানী ওচৰ চাপি অহা বুলি অনুমান কৰিলে৷ জুইৰ ওচৰে-পাজৰে ছাঁবিলাকৰ চাল-চলন দেখা গ’ল৷ হৃষ্ট-পুষ্ট ঘোঁৰাবিলাকৰ হিঁ-হিয়নি, অস্ত্ৰ-শস্ত্ৰৰ ঝন্‌ঝননি, শত্ৰু সেনানীৰ কিৰিলি আৰু নিশ্চিত জয়ৰ আত্মবিশ্বাসেৰে উল্লাসিত হৈ গান গোৱাও শুনা গ'ল৷ শত্ৰুৰ হাঁহি-ধেমালি, গীত-মাত আদিতকৈ আৰু বিৰক্তিকৰ কি হ’ব পাৰে?

শত্ৰুৱে নগৰখনৰ পানী খোৱা জান-জুৰিবোৰ মৰাশৰে পুতি পেলাইছিল৷ দেৱালৰ কাষে কাষে থকা দ্ৰাক্ষাক্ষেত্ৰবোৰ জ্বলাই দিয়াৰ লগতে খেতি-বাতিও উচ্ছেদ কৰি পেলাইছিল আৰু বাগিচাবোৰো কাটি পেলাইছিল৷ মুঠৰ ওপৰত নগৰখন শূন্যতাই গ্ৰাস  কৰি পেলাইছিল। তাতে চাৰিওফালৰ পৰা উদং পথাৰ যেন হৈ পৰা ঠাইখনত শত্ৰুপক্ষৰ গোলাবৰ্ষণ অবিৰতভাৱে চলি আছিল৷

দেশৰ দুৰ্ভিক্ষপীড়িত, যুদ্ধক্লান্ত আৰু অৱসাদগ্ৰস্ত সৈনিকবিলাকে উদাসীনভাৱে নগৰখনৰ গলিবোৰত পহৰা দিছিল৷ ঘৰবোৰৰ খিৰিকীৰে আহতসকলৰ চিঞৰ, বিকল প্ৰলাপ, তিৰোতাৰ আকুল কাকুতিৰ লগতে কেঁচুৱাৰ কান্দোন শুনা গৈছিল৷ কথাৰ মাজে মাজে ৰৈ ৰৈ মানুহবিলাকে ভয়ত ত্ৰস্তমান হৈ ফুচ্‌ফুচাই ইজনে সিজনক সোধাসুধি কৰিছিল, “শত্ৰু পাৰ হৈ গ'ল নেকি?”

আটাইতকৈ ভয়লগা আছিল ৰাতবোৰ। জয়াল ৰাতিৰ নিস্তব্ধতাত পীড়িত মানুহৰ চিঞৰ-বাখৰ, কান্দোনৰ ধ্বনি আৰু অধিক স্পষ্ট হৈ উঠিছিল৷ দূৰৈত পাহাৰৰ তলৰ খাদবোৰৰ পৰা শত্ৰু-ছাউনীটো লুকুৱাই ৰাখি শত্ৰুপক্ষই ভগ্ন প্ৰাচীৰৰ ফালে সোমাই আহিছিল আৰু পাহাৰৰ মূধচেৰে জোনটো অস্ত্ৰৰে ক্ষত-বিক্ষত হোৱা ঢালখনৰ দৰে অলপ অলপকৈ ওপৰলৈ উঠিছিল৷

নগৰবাসীয়ে পৰিত্ৰাণৰ আশা প্ৰায় এৰি দিছিল৷ ভোকে-পিয়াহে জৰ্জৰিত হোৱা মানুহবিলাকৰ মুক্তিৰ আশা ক্ষীণ হৈ আহিছিল৷ তেওঁলোকে ভয়ত আতংকিত হৈ সেই জোনটো, পাহাৰৰ চূড়াসমূহ, পাহাৰৰ ওপৰত ছিটিকি পৰা ঘন আন্ধাৰ আৰু কোলাহলপূৰ্ণ শত্ৰু শিবিৰ- এই সকলোবোৰ নিৰীক্ষণ কৰিছিল৷ প্ৰত্যেকেই যেন তেওঁলোকলৈ বহন কৰি আনিছিল মৃত্যুৰ বাতৰি৷ তেওঁলোকক সান্ত্বনা দিবলৈ আকাশত এটাও তৰা নাছিল৷

মানুহবোৰে ঘৰৰ ভিতৰখন পোহৰাই ৰাখিবলৈ ভয় কৰিছিল৷ বাট-পথবিলাকো ঘোৰ অন্ধকাৰত ডুব গৈ আছিল৷ সেই ঘোৰ অন্ধকাৰৰ মাজেদিয়েই সৰ্বশৰীৰ ক’লা কাপোৰেৰে আবৃত এগৰাকী মহিলাই নৈৰ দ পানীত লৰচৰ কৰি থকা মাছ এটাৰ দৰে নিঃশব্দে আগবাঢ়িছিল৷ তেওঁক দেখি সকলোৱে নিজৰ ভিতৰতে কোৱা-কুই কৰিলে- 

“এওঁৱেই তেওঁ নেকি?”

“এওঁৱেই তেওঁ৷”

লগে লগে মানুহবোৰ তোৰণৰ দাঁতিত বহি পৰিছিল অথবা তেওঁক মাত নিদিয়াকৈ খৰ খেদাকৈ পাৰ হৈ গৈছিল৷ তহলদাৰী প্ৰধানসকলে তেওঁক সতৰ্ক কৰি দিলে, “ম’না মাৰিয়ান্না, আকৌ বাহিৰলৈ ওলালা, কোনফালে? সাৱধান! চাই-চিতি যোৱা৷ ৰাস্তাত তোমাক কোনোবাই মাৰি পেলালে হত্যাকাৰীৰ সন্ধান কৰিবলৈও কোনো নোলাব…৷”

নিজকে প্ৰস্তুত কৰি তেওঁ থমকি ৰৈছিল যদিও প্ৰহৰীবোৰ আঁতৰিহে গ'ল। হয়তো কোনেও তেওঁক একো ক’বলৈ সাহস নকৰিলে, অথবা তেওঁৰ গাত হাত উঠাবলৈকো ঘিণ কৰি সশস্ত্ৰ প্ৰহৰীবিলাকে তেওঁক এটা পৰিত্যক্ত মৰাশৰ দৰেই উপেক্ষা কৰি আঁতৰি গ’ল৷ সেই অন্ধকাৰত নগৰখনৰ দুৰ্ভাগ্যৰ সময়ত এক নিঃশব্দ-নিসংগ অৱতাৰৰ দৰে নগৰৰ পথ-উপপথবোৰত ম’না মাৰিয়ান্না ঘূৰি ফুৰিলে৷ ৰাতিৰ বিষণ্ণতাৰ শব্দ, আৰ্তনাদ, কান্দোন, প্ৰাৰ্থনা আৰু বিজয়ৰ আশা হেৰুৱাই পেলোৱা সৈন্যসকলৰ হা-হতাশাই যেন তেওঁৰ পিছ লৈছিল৷

এফালে তেওঁ এজন নাগৰিক আৰু আনফালে এগৰাকী মাতৃ। দুয়োফালৰ পৰাই তেওঁ নিজৰ পুতেক আৰু নিজৰ দেশখনৰ কথা ফঁহিয়াই চায়৷ কাৰণ তেওঁৰ নিজৰ চহৰখনত ধ্বংসলীলা সৃষ্টি কৰা মানুহবোৰৰ নেতৃত্ব দিয়াজন তেওঁৰেই পুত্ৰ- তেওঁৰেই সদায় প্ৰফুল্লিত হৈ থকা, সুদৰ্শন অথচ হৃদয়হীন পুত্ৰ৷ এই অলপ দিনৰ আগলৈকে তেওঁ ভাবিছিল যে তেওঁৰ পুত্ৰ এই চহৰখনৰ কাৰণে এক অনন্য উপহাৰ৷ যি চহৰখনত ম’নাই নিজে জন্মগ্ৰহণ কৰি লালিত-পালিত হৈছে, সেই চহৰখনৰ সুৰক্ষাৰ কাৰণে তেওঁৰ পুত্ৰৰ দৰে এক ব্যক্তিত্বৰ জন্ম দিব পাৰিছে বুলি তেওঁ গৰ্ব অনুভৱ কৰিছিল৷ তেওঁৰ পূৰ্বপুৰুষসকলে সজোৱা ঘৰবোৰ, চহৰৰ প্ৰাচীন প্ৰাচীৰবিলাকৰ প্ৰতিটো ইটাৰ লগত তেওঁৰ সম্পৰ্ক হৃদয়ৰ৷ এই চহৰতেই তেওঁৰ পূৰ্বপুৰুষসকলো সমাধিস্থ হৈছে৷ এই চহৰৰ মাটিৰ ইতিহাস, কিম্বদন্তী, নৃত্য-গীত আৰু ইয়াৰ অধিবাসীসকলৰ আশা-আকাংক্ষা সকলো তেওঁৰ সুপৰিচিত আৰু তেওঁৰ হৃদয়ৰ প্ৰতিটো স্পন্দন জড়িত হৈ আছে ইয়াতে, এই চহৰতে৷ এতিয়া সেই হৃদয়ে ব্যথিত আত্মাৰ দৰে উচুপি উঠিছে৷ তেওঁৰ নিজ চহৰখনৰ, দেশখনৰ প্ৰতি থকা প্ৰগাঢ় প্ৰেম আৰু পুত্ৰস্নেহ- এই দুয়োটাকে যেন তুলাচনীত উঠাইছে৷ কিন্তু কোনোটোৰ ওজনে তেওঁৰ দৃষ্টি নিখোজ কৰিব পৰা নাই৷

ৰাতি তেওঁ ৰাস্তাত এনেকৈ গৈ থাকোঁতে কোনেও তেওঁক চিনি পোৱা নাছিল৷ ক’লা আৱৰণেৰে আবৃত্ত তেওঁৰ দেহটোক মানুহবিলাকে মৃত্যুৰূপী কাল বুলি ভাবি ভয়তে ঘূৰি গৈছিল আৰু কোনোবাই চিনি পালেও তেওঁক ‘বিশ্বাসঘাতকৰ মাতৃ’ বুলি মুখ ঘূৰাই লৈছিল৷

এদিন তেওঁ মহানগৰীৰ সুৰক্ষা দেৱালৰ অলপ আঁতৰত এটা কোণত পৰি থকা এটা মৃতদেহৰ ওচৰত এগৰাকী তিৰোতাই আঁঠু কাঢ়ি থকা দেখিলে, মানুহগৰাকী ইমান নিঃসাৰ হৈ আছিল যে তেওঁক এটা কাঠ-চপৰাৰ দৰে লাগিছিল৷ শোকবিহ্বল তিৰোতাগৰাকীয়ে আকাশৰ তৰাবিলাকলৈ চাই চাই প্ৰাৰ্থনাৰত হৈ আছিল৷ দেৱালখনৰ সিটো পাৰে সশস্ত্ৰ সৈন্যবিলাকে লাহে লাহে কথা পাতি পাতি শিলবিলাকত অস্ত্ৰ-শস্ত্ৰবোৰ ঘঁহাই আছিল৷

ম’না মাৰিয়ান্নাই সুধিলে- “তোমাৰ স্বামী?”

“নহয়৷”

“তোমাৰ ভাই?”

“মোৰ পুত্ৰ৷ তেৰ দিনৰ আগেয়ে মোৰ স্বামীৰ মৃত্যু হৈছে৷ আজি মোৰ পুত্ৰ৷” মাতৃগৰাকী উঠি থিয় হ’ল আৰু শান্ত ভাবেৰে উত্তৰ দিলে- “মা মেৰীয়ে সকলো দেখিছে, সকলো জানে আৰু মই তেওঁৰ ওচৰত কৃতজ্ঞ৷”

“কিহৰ বাবে?”

তেওঁ ক’লে- “এই কাৰণেই যে মোৰ পুত্ৰই দেশৰ কাৰণে যুঁজ কৰি সন্মানসহ মৃত্যুবৰণ কৰিছে৷ ভোজ-ভাত আৰু মৌজ-মজলিচক ভাল পোৱা আৰু বৰ স্ফূৰ্তি মনৰ আছিল বাবে মোৰ ভয় হৈছিল যে সময়ত ইয়ো মাৰিয়ান্নাৰ পুতেকৰ দৰে তাৰ দেশক প্ৰতাৰণা কৰিব; আমাৰেই শত্ৰুৰ দলপতি হ’ব! ঈশ্বৰ আৰু মানুহৰ বিদ্বেষী তেওঁ আৰু তেওঁক ধাৰণ কৰা মাতৃৰ ওপৰত যেন অভিশাপ বৰ্ষণ হওক৷”

মাৰিয়ান্নাই মুখখন ঢাকি কোনোমতে তেওঁৰ পথত অগ্ৰসৰ হ’ল৷ তাৰ পাছদিনা তেওঁ চহৰৰ নাগৰিক সুৰক্ষা সমিতিৰ আগত গৈ ক’লে- “মোৰ পুত্ৰ তোমালোকৰ শত্ৰু হৈছে৷ মোক মাৰি পেলোৱা নতুবা দুৱাৰ খুলি মোক তাৰ ওচৰলৈ যাবলৈ দিয়া৷”

তেওঁলোকে ক’লে- “আপুনি এগৰাকী মানুহ আৰু জনমভূমি আপোনাৰ বাবে মূল্যবান৷ আপোনাৰ পুত্ৰ যিদৰে আমাৰ প্ৰত্যেকৰে শত্ৰু, ঠিক সেইদৰে আপোনাৰো শত্ৰু৷”

“মই তাৰ মাক৷ মই তাক ভাল পাওঁ আৰু ভাবিছো তাৰ এই দুষ্কাৰ্যৰ বাবে ময়েই দায়ী৷”

তাৰ পাছত তেওঁলোকে নিজৰ ভিতৰতে আলোচনা কৰি ক’লে- “আপোনাৰ ল’ৰাৰ পাপৰ বাবে আপোনাক মৰাটো উচিত নহ’ব৷ আমি জানো যে এই ভয়ংকৰ গৰ্হিত কাম কৰিবলৈ আপুনি আপোনাৰ ল’ৰাক কেতিয়াও উচটোৱা নাই৷ কিন্তু এই চহৰৰে এজন যুদ্ধবন্দী হিচাপে আপোনাৰ আৱশ্যক নাই৷ আপোনাৰ ল’ৰাই আপোনাক একো সোধা নাই৷ আমি বুজিছোঁ যে সেই চয়তানটোৱে আপোনাক পাহৰি গ’ল৷ আপুনি যদি নিজকে দণ্ড পোৱাৰ যোগ্য বুলি ভাবিছে, তেতিয়াহ’লে সেইটোৱেই আপোনাৰ দণ্ড৷ আমি ভাবিছো, মৃত্যুতকৈয়ো এয়া বেছি কষ্টকৰ৷”

“হয়, সঁচাকৈয়ে বৰ কষ্টকৰ৷” মাৰিয়ান্নাই ক’লে৷

তাৰ পাছত তেওঁলোকে মাৰিয়ান্নাক চহৰ এৰি যাবলৈ বাট খুলি দিলে৷ তেওঁৰেই পুতেকে বোৱাই দিয়া তেজৰ নৈত খলি লৈ থকা জনমভূমিখন এৰি থৈ যোৱাৰ দৃশ্য সুৰক্ষা সমিতিৰ নাগৰিকসকলে টোপ মাৰিবলৈ বেৰত কৰা বিন্ধাইদি বহুত পৰলৈকে চাই থাকিল৷ মাৰিয়ান্না লাহে লাহে আগবাঢ়ি থাকিল৷ ভৰি দুটাই যেন এই মাটিৰ পৰা বিচ্ছিন্ন হৈ যাবলৈ অস্বীকাৰ কৰিছিল৷ চহৰখনৰ কাৰণে নিজৰ প্ৰাণ উছৰ্গা কৰা মৃতদেহবিলাকক তেওঁ প্ৰণিপাত জনাই অ’ত-ত’ত পৰি থকা অস্ত্ৰ-শস্ত্ৰসমূহ অতি ঘৃণাৰে ভৰিৰে ঠেলি আগবাঢ়ি থাকিল৷ কাৰণ জীৱন ৰক্ষা কৰা এগৰাকী মাতৃয়ে সকলো অস্ত্ৰ-শস্ত্ৰক সদায় ঘৃণাৰ চকুৰেই চায়৷

তেওঁ নিজৰ কাপোৰৰ তলত মূল্যবান এটা পানীৰ বটল লৈ অতি সন্তৰ্পণে খোজ কাঢ়িছিল৷ বেৰৰ বিন্ধাইদি নিৰীক্ষণ কৰি থকা লোকসকলৰ দৃষ্টিত তেওঁৰ চলন্ত মূৰ্তিটো লাহে লাহে সৰু হৈ আহিল৷ মানুহবিলাকৰ মনত এনেকুৱা ভাব হ’ল যেন তেওঁৰ প্ৰস্থানৰ লগে লগে চহৰবাসীৰ নৈৰাশ্য আৰু বিষণ্ণতাৰো অৱসান ঘটিল৷

তেওঁলোকে দেখিলে যে মাৰিয়ান্নাই মাজবাটতে ৰৈ মূৰৰ ওৰণিখন পিঠিলৈকে খহাই পিছফালে ঘূৰি চহৰখন একেথৰে চাই আছে৷ ম’না মাৰিয়ান্নাক অকলে থিয় হৈ থকা দেখি তেওঁৰ দৰেই ক’লা কাপোৰেৰে আবৃত্ত শত্ৰু শিবিৰৰ প্ৰহৰীবিলাক সন্তৰ্পণে তেওঁৰ ওচৰলৈ আহি তেওঁনো কোন, ক’ৰ পৰা আহিছে, সুধিলেহি৷

“তোমালোকৰ সেনাপতি মোৰ পুত্ৰ”- ম’নাই ক’লে৷ কোনেও তেওঁৰ কথাত সন্দেহ নকৰিলে৷ তেওঁলোকে মাৰিয়ান্নাৰ ওচৰত মূৰ দোৱাই তেওঁৰ পুত্ৰৰ চাতুৰ্য, সাহস আদিৰ প্ৰশংসাৰে পঞ্চমুখ হ’ল৷ মাৰিয়ান্নাই মূৰ ওপৰলৈ তুলি তেওঁলোকৰ সকলো কথা শুনিলে৷ তেওঁৰ মুখত আশ্চৰ্যৰ একো লক্ষণ ফুটি উঠা নাছিল, কাৰণ তেওঁৰ পুত্ৰ এনেকুৱাই হ’ব৷

অৱশেষত তেওঁ আহি সেইজনৰ ওচৰত থিয় হ’লহি, যিজনক মাৰিয়ান্নাই ন মাহ গৰ্ভত ধাৰণ কৰিছিল, যিজনক তেওঁ নিজৰ হৃদয়ৰে এটা অংশ বুলি গণ্য কৰিছিল৷ সুন্দৰ আভূষণেৰ সৈতে মাৰিয়ান্নাই সপোনত পুত্ৰক এনেদৰেই দেখিছিল- সমৃদ্ধ, যশস্বী, আৰু প্ৰশংসিত ৰূপত৷

মাকৰ হাতত চুমা খাই পুতেকে ক’লে- “মা! তুমি এতিয়া মোৰ ওচৰলৈ আহিলা, মোৰ লগতেই আছা আৰু মই কাইলৈয়ে সেই অভিশপ্ত চহৰখন ছাৰখাৰ কৰি দিম৷”

“সেই চহৰখনতে তোৰ জন্ম হৈছিল৷” মাৰিয়ান্নাই পুতেকক মনত পেলাই দিলে৷

নিজৰ পৰাক্ৰমত অহংকাৰী, মাত্ৰাধিক গৌৰৱৰ লালসাত অন্ধপ্ৰায় আৰু যৌৱনৰ ঔদ্ধত্যৰে উদ্ধত হৈ পুতেকে ক’লে- “মই এই পৃথিৱীৰ কাৰণে পৃথিৱীতেই জন্ম হৈছিলো৷ মোৰ আচৰিত পৰাক্ৰমত পৃথিৱী কঁপি উঠক, মই তাকে বিচাৰোঁ৷ কেৱল তোমাৰ কাৰণেই মই এই চহৰখন এৰি দিছিলো৷ মোৰ দেহত এয়া কাঁইটেহে যেন বিন্ধিছে, মোৰ উত্থানৰ পথত এই চহৰে প্ৰতিবন্ধক ৰূপে দেখা দিছে৷ কালিলৈ মই অকলেই এই মূঢ়, মূৰ্খ মানুহবোৰক শেষ কৰি দিম৷”

“তাৰ প্ৰতি টুকুৰা শিল তোৰ শৈশৱৰ পৰাই পৰিচিত৷” মাৰিয়ান্নাই ক’লে৷

“শিলে কেতিয়াও কথা নকয়, মানুহেহে শিলক কথা কোৱাব৷ এই পাহাৰ, পৰ্বত সকলোৱে মোৰ কথাকে কওক, মই ইয়াকে বিচাৰোঁ৷”

“আৰু মানুহে?” মাৰিয়ান্নাই সুধিলে৷

“হয় মা, মই তেওঁলোকৰ কথা পাহৰিছিলোৱেই, মই তেওঁলোককো বিচাৰোঁ৷ কাৰণ কেৱল মানুহৰ স্মৃতিতেই বীৰ অমৰ হৈ থাকে৷”

মাৰিয়ান্নাই ক’লে- “তেওঁৱেই হৈছে বীৰ, যিজনে মৃত্যুকো অস্বীকাৰ কৰি জীৱনৰ সৃষ্টি কৰে৷ যিজনে মৃত্যুক জয় কৰে…৷”

“নহয় নহয়”- পুতেকে আপত্তি দৰ্শালে, “এখন চহৰৰ নিৰ্মাতা যি গৌৰৱৰ অধিকাৰী, সেই চহৰখনৰ ধ্বংসকৰ্তাও সেই গৌৰৱৰ অধিকাৰী৷ চোৱা, ৰোম নগৰখন আইনাচ নে ৰোমিউলচে নিৰ্মাণ কৰিছিল, সেয়া আমি নাজানো; কিন্তু চহৰখন ধ্বংস কৰা বীৰ আহাৰিকৰ আৰু আন বীৰসকলৰ নাম আমি মনত ৰাখিছোঁ৷”

“বীৰৰ স্থান এইবিলাক নামতকৈ বহুত ওপৰত৷” তাৰ মাকে মনত পেলাই দিলে৷

অস্তমিত সূৰ্যৰ অনুভৱ নোহোৱালৈকে তেওঁলোকে কথা-বতৰা পাতিলে, পুত্ৰৰ বিশৃংখল, অসভ্য কথা শুনি থাকোঁতে মাৰিয়ান্নাই তেওঁক বাধা দিয়া নাছিল, কিন্তু তেওঁৰ দীপ্ত মুখমণ্ডল লাজত নত হৈ পৰিছিল৷

মাতৃয়ে সৃষ্টি কৰে, মাতৃয়ে ৰক্ষাও কৰে৷ গতিকে এগৰাকী মাতৃৰ আগত ধ্বংসৰ কথা কোৱা মানে তেওঁৰ বিৰুদ্ধাচৰণ কৰা৷ কিন্তু সি যে নিজেই মাকৰ অস্তিত্বৰ কাৰকক অস্বীকাৰ কৰিছে, সেয়া সি বুজিবই পৰা নাছিল৷

এগৰাকী মাতৃ সদায়েই মৃত্যুৰ বিৰোধী৷ যি হাতে মানুহৰ ঘৰলৈ মৃত্যুক আহ্বান কৰে, সেয়া মাতৃৰ বাবে ঘৃণনীয় আৰু অবাঞ্ছিত৷ পুতেকে এই কথাটো অনুভৱেই কৰা নাছিল৷ কাৰণ হৃদয়ক নিৰ্জীৱ কৰি দিয়া ক্ষমতাই তাক ইতিমধ্যেই অন্ধ কৰি তুলিছিল৷

সি এইটোও নাজানিছিল যে এগৰাকী মাতৃ যিমান নিৰ্ভয় হ’ব পাৰে সিমানেই চতুৰ আৰু নিৰ্দয়ো হ’ব পাৰে, যদি সেই মাতৃয়ে সৃষ্টি কৰা জীৱনৰ ওপৰত প্ৰশ্নৰ উদ্ৰেক হয়৷

মাৰিয়ান্নাই তললৈ মূৰ কৰি বহি আছিল আৰু সেনাপতি পুত্ৰৰ সজ্জিত তম্বুৰ ফাঁকেৰে চহৰখন লক্ষ্য কৰি আছিল, য’ত তেওঁ নিজৰ ভিতৰত প্ৰথম জীৱনৰ সৃষ্টিৰ পুলক অনুভৱ কৰিছিল আৰু তেওঁৰ সেই পুত্ৰই এতিয়া এজন ধ্বংসপিপাসু ব্যক্তিত পৰিণত হৈছে৷

সূৰ্যাস্তৰ ৰক্তিম আভাই চহৰখনৰ দেৱালবিলাক ৰক্তোজ্জ্বল কৰি তুলিছিল৷ খিৰিকীৰ আইনাত পৰা সূৰ্যৰশ্মিয়ে গোটেই চহৰখন ক্ষত-বিক্ষত ঘাঁৰে যেন ভৰাই পেলাইছিল আৰু মুকলি হৈ থকা সেই কেঁচা ঘাঁবোৰৰ পৰা যেন টপ্‌ টপ‌কৈ তেজ নিগৰি পৰিছিল আৰু লাহে লাহে চহৰখন মৰাশৰ দৰে ক’লা হৈ পৰিছিল৷ সমাধিৰ ওপৰত জ্বলা জুইৰ শিখাৰ দৰে আকাশত তৰাবোৰো দপ্‌ দপাই‌ উঠিছিল৷

মাৰিয়ান্নাই চাকি নজ্বলোৱা আন্ধাৰ ঘৰবিলাক দেখিছিল, দ’ম দ’ম মৰাশ আৰু অৱসাদগ্ৰস্ত ৰাস্তাবোৰো তেওঁৰ দৃষ্টিগোচৰ হৈছিল৷ মৃত্যুৰ অপেক্ষাত আতংকিত হৈ থকা চহৰবাসীৰ মনে মনে পতা কথাৰ শব্দও যেন তেওঁৰ কাণত পৰিছিলহি৷ তেওঁ সকলো দেখিছিল৷ তেওঁৰ অতি আপোন, অতি প্ৰিয় সকলো তেওঁৰ চকুৰ সন্মুখলৈ আহিছিল, সকলোৱে মৃত্যুৰ ক্ষণ গণি আছিল, মাৰিয়ান্নাৰ এনেকুৱা লাগিছিল যেন তেওঁ সকলো দেশবাসীৰেই মাতৃ৷

এনে লাগিছে যেন ক’লা পাহাৰৰ শিখৰৰ পৰা মেঘৰ টুকুৰাবিলাক উপত্যকাৰ ভিতৰলৈ সোমাই আহিছে আৰু পাখিলগা ঘোঁৰাৰ দৰে অভিশপ্ত চহৰখনৰ ওপৰত তীব্ৰ বেগেৰে যেন জঁপিয়াই পৰিছে৷

“আমি আজি ৰাতিয়েই আক্ৰমণ কৰিব পাৰোঁ”- মাৰিয়ান্নাৰ পুত্ৰই ক’লে, “যদি ৰাতি আন্ধাৰ ঘন হয়৷ চকুত সূৰ্যৰ ৰশ্মি পৰিলে মাৰিবলৈ অলপ কষ্ট হয়৷ তীক্ষ্ণ অস্ত্ৰৰ ওপৰত ৰ’দৰ চিক্ মিকনিয়ে চকুত ধৰে আৰু কিছুমান অস্ত্ৰ এনেয়ে যায়৷” সি তাৰ তৰোৱালখন পৰীক্ষা কৰি কৰি ক’লে৷

মাৰিয়ান্নাই পুতেকক ক’লে, “আহ বাছা, মোৰ বুকুতে মূৰ গুজি বিশ্ৰাম কৰ৷ মনত পেলাচোন, সৰুতে তই কিমান স্ফূৰ্তিবাজ আছিলি, সকলোলৈকে তোৰ কিমান দয়া আছিল, সকলোৱে তোক কিমান ভাল পাইছিল…৷”

তেওঁৰ কথা মানি সি তেওঁৰ কোলাত মূৰটো থৈ টোপনিয়াবলৈ চেষ্টা কৰি কৰি ক’লে- “মই কেৱল যশস্বী আৰু বিখ্যাত হোৱাটোকে বিচাৰোঁ আৰু ভাল পাওঁ৷ তদুপৰি মোক ডাঙৰ-দীঘল কৰি আজিৰ এই অৱস্থালৈ আনি দিয়াৰ বাবে তোমাক ভাল পাওঁ৷”

“আৰু মাইকী মানুহক?” মাৰিয়ান্নাই পুতেকলৈ চাই প্ৰশ্ন কৰিলে৷

“আছে দুই-চাৰিগৰাকী৷ যিকোনো বস্তু অত্যধিক হ’লে বিতৃষ্ণা জন্মে৷”

“সন্তান-সন্ততিৰ ইচ্ছা নাই নেকি তোৰ?” শেষত মাকে সুধিলে৷

“কি কাৰণে? কিয়, সিহঁতৰ মৃত্যু হ’বৰ কাৰণে? মোৰ নিচিনাকৈ কোনোবাই সিহঁতক মাৰি পেলাব৷ তেতিয়া মই অত্যন্ত দুখ পাম৷ মোৰ বল, বয়সো নাথাকিব যে মই তাৰ প্ৰতিশোধ ল’ম৷”

“তই দেখিবলৈ ইমান ধুনীয়া৷ কিন্তু গাটো বিজুলীৰ দৰে একেবাৰে নিষ্ফল…, বন্ধ্যা৷”

“অ অ, একেবাৰে বিজুলীৰ দৰে৷” সি অলপ হাঁহি উত্তৰ দিলে৷ লাহে লাহে সৰু ল’ৰাটোৰ দৰে মাকৰ কোলাত তাৰ টোপনি গ’ল৷

তাৰ পাছত মাৰিয়ান্নাই পুতেকক নিজৰ ক’লা কাপোৰখনেৰে ঢাকি তাৰ বুকুত চুৰীখন সুমুৱাই দিলে৷ অলপ দেৰি ছট্ ফটাই‌ থাকি তাৰ প্ৰাণবায়ু উৰি গ’ল৷ তেওঁৰ পুতেকৰ হৃৎপিণ্ড কোনখিনিত, সেয়া তেওঁতকৈ ভালকৈ আৰু কোনে জানিব? স্তব্ধ, সচকিত প্ৰহৰীজনৰ ভৰিত পুতেকৰ শৱটো ঠেলি পেলাই দি মাৰিয়ান্নাই চহৰখনক উদ্দেশ্যি ক’লে- “এগৰাকী নাগৰিক হিচাপে দেশৰ কাৰণে যি কৰিব লাগে, মই কৰিছোঁ৷ মাতৃ হিচাপে মই মোৰ পুত্ৰৰ লগত থাকিম৷ আৰু এটা সন্তান গৰ্ভত ধাৰণ কৰিবলৈ মোৰ আৰু সময় নাই৷ মোৰ জীৱন আৰু কাৰোৰে প্ৰয়োজন নহয়৷”

পুত্ৰক হত্যা কৰা একেখন তেজেৰে লুতুৰি পুতুৰি চুৰী এখন হাতেৰে ধৰি তেওঁ নিজৰ বুকুতো সুমুৱাই দিলে৷ এইবাৰো চুৰিখনে ঠিকেই লক্ষ্যভেদ কৰিলে৷ কিয়নো বেদনাৰ্ত মাৰিয়ান্নাৰ কাৰণে নিজৰ হৃৎপিণ্ডৰ সন্ধান পোৱাটো সেই মুহুৰ্তত কোনোপ্ৰকাৰেই কঠিন নাছিল৷


--------------সমাপ্ত-----------------

কায়কল্প

কায়কল্প












নৈখনে মোৰ সৈতে তোমাৰ কথা আলচ কৰোতে তুমি ক'ত আছিলা

নৈখনে মোৰ সৈতে তোমাৰ কথা আলচ কৰোতে তুমি ক'ত আছিলা


নৈখনে মোৰ সৈতে তোমাৰ কথা আলচ কৰোতে তুমি ক'ত আছিলা?

উঘালি নিয়া দুজোপা গছৰ শিপা বিচাৰি 
নৈখন সিদিনা মোৰ কাষলৈ আহিছিল,
যিদিনা মোৰ উশাহত কোনোবা দৈৱ-পুৰুষৰ সুগন্ধি আতৰে পিৰ্ পিৰাই আছিল।
ঘূৰি চাই সেইদিনা কিন্তু তোমাক নেদেখিলো।

নৈখনে সুধিছিল- শৈশৱৰ ৰাজকুমাৰজনে জানেনে তোমাক অচিনা ফাগুনে কোবাই যোৱাৰ কথা!
মই নিশ্চুপ হৈ ৰৈছিলো
বিচাৰিছিলো উত্তৰটো তুমি দিয়া, 
তুমি কিন্তু কাষত নাছিলা সিদিনা।

এদিন কামৰ পৰা ঘৰলৈ ঘূৰোতে
মোৰ সতীত্বৰ ডুবো-ডুবো অৱস্থা
তোমালৈ মনত পেলাওঁতে তুমি সেইদিনা উধাতু খাই ওলাইছিলাহি
আন্ধিকণা অতীতৰ পৃষ্ঠাবোৰ লুতিয়াই চকুলো টোকোতেও 
তুমি আহিছিলা..আৱেগেৰে সামৰি লৈ মোক ভৰুণ কৰিছিলা।

অথচ যিদিনা 'মই' 'মোক' কোনোদিন নোসোধা প্ৰশ্নৰ শেলপাত লৈ
নৈখন মোৰ কাষলৈ আহিছিল
তুমি নাছিলা মোৰ ছাঁ হৈ
বুকুত তোমাক বান্ধি শিৰত সীৰলু খন্দাৰ অধিকাৰ আনক দিয়াৰ কাৰণ বিচাৰি
নৈখনে মোক প্ৰশ্ন কৰোতে, 'সকলো ঠিকেইচোন আছে' বুলি ক'বলৈ
তুমি কিন্তু নাহিলা সিদিনা।

নৈখনে মোৰ সৈতে তোমাৰ কথা আলচ কৰোঁতে তুমি ক'ত আছিলা?

- অৰ্চনা গীতা শইকীয়া



















নিষিদ্ধ চহৰত এনিশা বিষ্ণুৰাভা

নিষিদ্ধ চহৰত এনিশা বিষ্ণুৰাভা

এহাতে চিফুং আৰু এহাতে ষ্টেনগান লৈ সৌজন বিষ্ণুৰাভা।
আজিৰ 'নিষিদ্ধ স্বাধীনতা পিয়াসী'ৰ স্বাধীন অসমত
অলিয়ে গলিয়ে তেতিয়া তেওঁৰ অবাধ অহা-যোৱা।
হৰ্ডিঙত তেতিয়া অহৰ্নিশে জিলিকিছিল-
'গাদান্ যুগনি গৗদান ভাৱনি ৰৗনানি যুজিগাৰা
থু চিগাং থু থু দুখীয়া ফৗৰা'।

চহৰত তেতিয়া যেনিয়েই তেনিয়েই 
সাম্যবাদ-প্ৰ'লিটেৰিয়েটৰ নিৰবধি শ্ৰেণীসংগ্ৰাম।
ৰাজপথত মুক্তিকামী জনতাৰ মিছিল-সমদল।
জাতি-জনজাতিৰ উথপ থপ- স্বাধীনতা ক'ত, স্বাধীনতা ক'ত?
তাৰমাজতে হাতত সাৰে ভৰিত সাৰে খৰমৰাই থাকে 
তেওঁৰ কুচি মুচি আত্মা।

তেওঁ যে নিচেই নিছলা
বুকুত শোষণৰ ভাৰ, দুচকুত অৰ্ধোদিত এটা সূৰ্য
অকলেই তেওঁ গঢ়ি থাকে সম্প্ৰীতিৰ সেঁতু-
সাবটি থাকে বুকুত দেশৰ কণমান কলিজা।
শেষনিশা আকাশ কঁপাই সাৰপাই উঠে বিপ্লৱ,
মুক্তিৰ কবিতা-গীতেৰে ঝংকাৰিত হয় পৃথিৱীৰ চোতাল।

সময় গুছি যায়
বিষ্ণুৰ কথাৰে মাৰ বান্ধি থিয় দিয়ে অসমীয়া ডেকা
বুকুত সিহঁতৰ উত্তপ্ত শিখা।

হঠাৎ এদিন খবৰ আহে- পলা! পলা বিষ্ণুৰাভা,
ৰঙাঘৰে ৰিঙিয়াই, হৃদয় তাম্ৰফলিত লিপিত খাই থকা 
স্বাধীনতাৰ পোকটোৱে ৰমলিয়াই
বেয়া খবৰ, বেয়া খবৰ
বিষ্ণুৰাভা, তই অঁৰা ক'লা পতাকাত 
আঁকি দিয়া হ'ল নগ্ন পৰাধীনতা 
পোতাশাল এতিয়া তোৰ নতুন ঠিকনা।

নিৰুপায় বিষ্ণুৰাভা। 
সেইনিশা যে তেওঁ নিষিদ্ধ স্বাধীনতাৰ কঁপালত সম্প্ৰীতিৰ সেন্দুৰ অঁকাৰ কথা আছিল
খোচনিত ভৰাই ৰখা আধলিমান সপোনটো বাস্তৱক গতাই দিয়াৰ কথা আছিল
দিয়াৰ কথা আছিল এখন বৰঅসম।
স্বাধীনতা...স্বাধীনতা!
মেলা মুখবোৰত সোপা ধৰাকৈ
বৃটিছে চটিয়াই দিলে স্বাধীনতা।

ভাৰত স্বাধীন হ'ল
কৃত্ৰিম আৱেগত বিহ্বল মাহী আই (?)
নাই নাই.. ক'ৰবাত এডাল অস্থিৰ প্ৰশ্নবোধ
শেষ নিশা পুনৰ বিষ্ণুৰাভাই কিয় চিঞৰি যায়
'য়ে আজাদী ঝ্যুথী হ্যায়
ইচ দেচ কী জনতা ভুখী হ্যায়'।

- Archana Gita Saikia

Trend of Library Service in Assam

Trend of Library Service in Assam

✍ Archana Gita Saikia

"Libraries store the energy that fuels the imagination. They open up windows to the world and inspire us to explore and achieve, and contribute to improving our quality of life."-  Sidney Sheldon

Libraries have long been the storehouse of knowledge and culture, and it is essential for them to develop in order to fulfil the ever-changing demands of the society. With its rich literary heritage and diverse cultural landscape, the state of Assam has benefited greatly from the knowledge-sharing and educational efforts of
libraries. Similar to how urban communities serve as the hubs of political and administrative activity, rural communities serve as the basic unit of socio-economic and cultural life in Assamese society. Therefore, organised information generation,
communication, and distribution for the local population are essential to the overall
socio-economic development of Assam. All of these are only feasible with the aid of adequate library services.

Libraries of Assam in the ancient period:

Libraries have a longstanding history in Assam, with notable organizations in both local communities and educational institutions. These traditional libraries have played a crucial role in safeguarding and promoting local literature, old manuscripts and other historical records. But, especially libraries in this period were the nucleus of an effective repository of our cultural heritage for preservation and storage and not for
dissemination of information. 

Libraries of Assam in the medieval period:

During the period of 1449-1568 AD, Assam witnessed the Vaishnava renaissance which was initiated by Srimanta Shankardeva and was followed by an enlightened king Naranarayana. They were responsible for the production of new
books and translation into Assamese of various religious books. The NeoVaishnavism was actually instrumental in the establishment of mutts and libraries which were known as- Sattra and Namghara and these two places were the
repositories of old Manuscripts. Moreover, several Ahom kings have been bibliophiles, viz. lovers of books and libraries and they used to keep the Buranjis written in Ahom (Tai) and Assamese language in the Royal Archives called Gandhiya Bhasal. The first public library of Assam was established in 1854 at Guwahati Seminar.

Libraries of Assam in the modern period:

In the modern period, the library environment in Assam was dramatically changed. In 1903, the Assam Government public library was started in Shillong by the British government whose services was limited to the officials of the state government in particular and the inhabitant of the capital in general. Later on, this library was amalgamated with the State Central Library, Assam. A sound number of Public and Personal libraries were also developed in this period. For example, Personal libraries of Laboram Dutta (Dibrugarh), Akshay Ghose (Sibsagar), Bhagavati Prasad Baruah (Sibsagar), etc. are well known at that time which were able to cater to the needs of the localities to a greater extent. However, in 1984, the Directorate of Library Service, Assam was formed by the Govt. of Assam as the head of the Department to improve, supervision, and control with better administration which resulted the vesting of responsibility of the State Central Library, to its shoulder. Establishment of Raja Rammohan Roy Library foundation (1972) also brought an internal revolution in the library environment of Assam. However, at present a total of 1173 community libraries exist in Assam and they have been serving the society to the fullest.

The changing trends of library services in Assam:

Though in ancient Assam, there was a process of preservation of books under the royal patronage but these were only for the scholarly persons and not for the commons. After that, those libraries opened for the public also followed the traditional methods of services. But the use of technology has totally revolutionised library services in Assam. Information is now accessible to a larger audience and crosses geographic borders, only because of digitalization of books and resources. Research and learning are made easier by e-books and internet databases, which have improved reading experiences. By using less paper, this trend has not only increased the reach of knowledge dissemination but also improved the sustainability of libraries.

The growth of outreach programmes and mobile libraries has been a notable trend in recent years. Reaching remote and underserved communities in Assam has been a challenge, but these initiatives have handled it. Mobile libraries deliver information to the doorsteps of students and communities in remote areas by providing books and digital resources. Outreach programmes have been crucial in fostering a reading culture among people of all ages and developing a quest for
information outside the parameters of formal education, in addition to mobile libraries.

Collaboration between libraries and educational institutions has become a hallmark of modern library services in Assam. In order to pool resources and provide access to a greater selection of resources and research possibilities, universities, colleges and institutions have teamed up with libraries. These partnerships have also
strengthened the sense of community among educational institutions encouraging the sharing of knowledge and improving the state's overall educational environment.

The present trend in library services places a strong emphasis on equality and accessibility. Libraries of Assam have taken proactive measures to make sure that users from all backgrounds can take advantage of their offerings. Accessible
technologies and specialised resources have been integrated in an effort to accomodate individuals with disabilities. Libraries have also launched programmes to support underserved groups, encouraging diversity and inclusivity in the pursuit of knowledge.

Today, all the housekeeping operations starting from Acquisition to maintenance of the library holdings are done digitally. That means library automation has been playing a crucial role in the library environment of Assam since the day of
its implementation. In short, libraries have evolved into virtual spaces, allowing users to explore and borrow materials online. This shift has made information more accessible, especially to those in remote areas with limited physical access to libraries.

Challenges to the changing trends:

There are a lot of factors that fuels in the adoption of ICT in every aspect of libraries. But there are also a number of challenges that the libraries have been facing to cop up with the changing trends at national or global level. These challenges can be
discussed as follows-

 Lack of Library legislation: There is a need for library legislation to ensure effective financial support to all public libraries so that they can serve the people free of charge. It is responsible for the performance, uniform development and efficiency with at least the minimum standard to the satisfaction of readers. Finance is a major thing for improvement of all non profit making organisations and as such for a library also. The Assam government also neglects the role of
libraries in the rural communities most of the time.

 Poorly developed infrastructure: Most of the rural library in Assam do not have their own library building and they are housed as part of the building owned by the village club/ Sangha etc. The libraries having own building are not also modular and lack proper lighting facilities and are congested.

 Irrelevant book stock: The book selection procedure of the rural libraries is highly centralized and bureaucratic procedure in which the RRRLF or the Directorate of Library Service take the active part and local needs of the community have no bearing on the acquisition of books for the library.

 Lack of Library Extension services: In Rural Assam the major portion of the population are still illiterate, among the literate also there is only a small portion that have desire to study or time to study after their day long livelihood job in the
agricultural field. In such an environment, if rural libraries limit its scope in providing services to its user only then it must lose its support from the
community. So it is the demands of the time to extend the rural library services beyond its scope to reach the illiterate people by undertaking various initiatives.

 Lack of subsequent management: The number of rural libraries that make its origin in Assam is really commendable. But the astonishing fact is that every year a great number of rural libraries were also lost in the dark ages due to lack of
finance, proper leadership and other factors. Along with the government, the Sadau Asom Gramya Puthibharal Santha and others show keen interest in establishing rural libraries in different places of Assam and their subsequent registration to show the number but sufficiently inactive in reactivating the rural libraries that are already established.

Each and every facet of human life will alter as human civilization develops. It is up to us to decide whether we want to follow the crowd or offer a fresh take on all that is going on. The trends of library services are ever changing and so our needs and demands. In order to fulfil those demands, ICT, AI is here today, and something new
will come tomorrow. That is why we need to focus on how libraries can fulfil its user's information needs at the right time with the right information even after adopting new systems and overlap the existing one.

References:
Barman, B. (2022). A comprehensive book on       library and information science. LIS Links.

Gupta, R. (2022). Library science. Ramesh     Publishing House.

[Published: The Assam Rising]




অসমৰ নৈপৰীয়া পৰিস্থিতিতন্ত্ৰঃ সংৰক্ষণ আৰু সম্ভাৱনা

অসমৰ নৈপৰীয়া পৰিস্থিতিতন্ত্ৰঃ সংৰক্ষণ আৰু সম্ভাৱনা

✍ অৰ্চনা গীতা শইকীয়া

Easterine Kire's "Sky is My Father: A Naga Village Remembered"

"Sky is my Father: A Naga Village Remembered"- The socio-cultural fabric of the Anagami Naga Community

Oppenheimer: A Christopher Nolan's Biopic

 

Decoding History: A Review of Christopher Nolan’s Biopic “Oppenheimer”

জয়ন্ত মহাপাত্ৰৰ কবিতা Her Hands-ৰ অসমীয়া অনুবাদ "নগ্ন প্ৰহৰ"

Her Hands by Jayanta Mahapatra








নগ্ন প্ৰহৰ


তমস‍াই সী থোৱা কণমানিজনীৰ হাতখন
মই কেনেকৈ ধৰিম?

চ্ছেদিত মুৰৰ দৰে ওলমি থাকে ৰাস্তাৰ নিয়ন চাকিবোৰ
আমাৰ মাজৰ সেই ভয়ানক দুৱাৰখন উন্মুক্ত কৰে তেজে

দেশৰ বহল মুখখন যন্ত্ৰনাত বিদ্ধ
আৰু নখৰ বিচনাত শিহঁৰি উঠে ইয়াৰ কায়া

কণমানিজনীৰ ধৰ্ষিত শৰীৰটোতেই 
মই তাইক পাব লাগিব

অথচ প্ৰতিৰোধ অতিক্ৰমি তাইক সাৱটি ধৰিবলৈ
অক্ষম মোৰ অপৰাধবোধৰ ভাৰ।

Arundhati Subramaniam's "I Live On A Road"

Arundhati Subramaniam's "I Live On A Road": Refraction of urban odyssey

Tengani 2017


'টেঙানি ২০১৭' পঞ্চানন হাজৰিকাৰ "আন্ধাৰতকৈ উদাস বতাহতকৈ স্বাধীন" সংকলনখনৰ অন্তৰ্গত

Story: Tengani, 2017/ Panchanan Hazarika

Published in translatorsassam, October 04, 2020

অসমীয়া শিশু সাহিত্যৰ ইতিহাসঃ এক অধ্যয়ন

অসমীয়া শিশু সাহিত্যৰ ইতিহাসঃ এক অধ্যয়ন      

    ✍ অৰ্চনা গীতা শইকীয়া

         সাহিত্য হ'ল সভ্যতাৰ মানসিক অথবা বৌদ্ধিক যিকোনো বন্ধ্যাত্বক শক্তিশালীভাৱে অতিক্ৰম কৰিব পৰা যোগাত্মক উপাদানৰ মিশ্ৰণ আৰু শিশু সাহিত্য এখন সমাজৰ ঐতিহ্য আৰু ক্ৰমবিকাশৰ একো একোখন Manuscript. অসমীয়া শিশু সাহিত্যও ঠিক তেনেকুৱাই এখন দাপোন য'ত প্ৰতিফলিত হয় প্ৰতিটো প্ৰজন্মৰ স্বকীয় চিন্তা-চেতনাৰ এক গঠনাত্মক প্ৰতিবিম্ব। 

        ভিন্ন উপাদানেৰে সংমিশ্ৰিত অসমীয়া শিশু সাহিত্যৰ ধাৰাটো যদিওবা বৰ বেছি পুৰণি নহয়, তথাপি ক্ৰমবিকাশৰ পথত ই কেইবাটাও স্তৰ অতিক্ৰম কৰিহে আজিৰ পৰ্যায় পাইছেহি। আজিৰ নৱ্য আধুনিকতাবাদৰ যুগত যিকোনো লেখাৰ প্ৰচাৰ-প্ৰসাৰ তেনেই সহজ, কিন্তু যিটো সময়ত অসমীয়া শিশু সাহিত্য বুলি নিৰ্দিষ্টকৈ একোৱেই নাছিল, তাত সাহিত্যৰ এটা ধাৰা সৃষ্টি কৰি আগুৱাই লৈ যোৱাটো খুবেই কঠিন কাম। তাতে আকৌ শিশুৰ মনোজগতখন ইমানেই প্ৰহেলিকাময় যে কোনবোৰ বিষয়ে তেওঁলোকক আমোদ দিব সেয়া নিৰ্দিষ্ট কৰিব নোৱাৰি। গতিকে তেনে এখন মনোজগতলৈ প্ৰৱেশ কৰি তেওঁলোকৰ কল্পনাপ্ৰৱণতাৰে কিবা এটা লিখি উলিয়াবলৈ সকলোৱে সাহস কৰিব নোৱাৰে। সেইবাবেই হয়তো সাম্প্ৰতিক শিশু সাহিত্যৰ ভঁৰালত প্ৰকৃতাৰ্থত সৰ্বাঙ্গসুন্দৰ সৃষ্টিৰ পৰিমাণ তেনেই কম। তথাপি পাশ্চাত্য সাহিত্যৰ সমসাময়িকভাৱে অসমতো বহুকেইগৰাকী সাহিত্যিকৰ সহযোগিতাৰে শিশু সাহিত্যৰ দুৱাৰ উন্মুক্ত হৈছিল।

        সাধাৰণভাৱে 'শিশু সাহিত্য' বুলি ক'লে আমাৰ মনলৈ দুটা কথা আহে- 

                ক) শিশুৰ বাবে লিখা সাহিত্য 

                খ) শিশুৱে লিখা সাহিত্য। 

        এতিয়া কথা হ'ল, 'শিশু' শব্দটোৱে কোনটো বয়সৰ ল'ৰা - ছোৱালীক প্ৰতিনিধিত্ব কৰিছে! যিহেতু ইয়াৰ কোনো সাৰ্বজনীন সংজ্ঞা নাই, সেয়ে 'শিশু' শব্দটোৱে সামৰি লোৱা বয়সৰ প্ৰজন্মটোৱে লিখা, ভালপোৱা আৰু তেওঁলোকৰ উপযোগী সাহিত্যকে আমি "শিশু সাহিত্য" হিচাপে ধৰি ল'ম।

        অসমৰ প্ৰেক্ষাপটত শিশু সাহিত্যৰ ধাৰাটোৰ আৰম্ভনিৰে পৰা আনকি আজিও একাংশৰ মাজত "শিশু সাহিত্য'' মানে- কবিতা, সাধু, আৰু গল্প। কিন্তু প্ৰকৃতাৰ্থত এই সাহিত্যই পৰম্পৰাগত সাহিত্য, তথ্যসমৃদ্ধ ৰচনা, কাহিনী, জীৱনী-আত্মজীৱনী, পদ্য-কবিতা, ইত্যাদি সকলোকে সামৰি লয়। যদিওবা অসমীয়া সাহিত্যৰ যুগ বিভাজনৰ দৰে অসমীয়া শিশু সাহিত্যক বিশেষভাৱে  বিভক্ত কৰা হোৱা নাই তথাপি ইয়াৰ ইতিহাস বিশ্লেষণ অধিক স্পষ্ট হৈ উঠিবলৈ কেইবাটাও ভাগত বিভক্ত কৰি আলোচনা কৰিবলৈ প্ৰয়াস কৰা হৈছে।


অসমীয়া লোক শিশুসাহিত্যঃ 

        অসমৰ সাহিত্যৰ ধাৰাটোক মৌখিক আৰু লিখিত দুটা ভাগত ভাগ কৰিলে দেখা যায় যে অসমীয়া শিশু সাহিত্যৰ ইতিহাস সামগ্ৰিকভাৱে মৌখিক সাহিত্যৰ ভেটিতে গা কৰি উঠিছে। নিচুকণী গীত, ওমলা গীত, ৰজা মহাৰজা-পৰীৰ সাধু, ইত্যাদিবোৰ মৌখিক সাহিত্যৰ অন্তৰ্গত আৰু এইসমূহেই আছিল অসমীয়া  শিশু সাহিত্যৰ আৰম্ভণি, যিসমূহক অসমীয়া লোক শিশুসাহিত্য হিচাপে ধৰিব পাৰি। এইসমূহৰ ৰচনাকাল সম্পৰ্কে বিশেষ কোনো তথ্য পোৱা নাযায় বা কোনে ৰচনা কৰিছিল তাৰো কোনো নিশ্চিত তথ্য নাই। মানুহৰ মুখ বাগৰি জনসমাজত বিয়পি পৰা এই সাহিত্যসমূহৰ ভিতৰত 'আমাৰে মইণা শুব এ' ,শিয়ালী এ নাহিবি ৰাতি' আদি নিচুকণী গীত,ফুলকোঁৱৰ-মণিকোঁৱৰৰ গীত ইত্যাদিৰ কথা ক'ব পাৰি।


শংকৰী বা বৈষ্ণৱ যুগৰ শিশু সাহিত্যঃ  

        অসমীয়া লিখিত সাহিত্যৰ আৰম্ভনি হৈছিল 'চৰ্যাপদ' ৰ পৰা। ইয়াৰো প্ৰায় কেইবা দশকৰ পিছতহে লিখিত অসমীয়া শিশু সাহিত্যৰ উন্মেষ ঘটে। ১৬-১৭ শতিকাৰ কবি শ্ৰীধৰ কন্দলিদেৱৰ দ্বাৰা নিচুকনী গীতৰ আৰ্হিত ৰচিত "কাণখোৱা" পুথিখনেই লিখিত শিশু সাহিত্যৰ প্ৰথম চানেকি। অৱশ্যে ৰাম সৰস্বতীৰ "ভীম চৰিত", মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহো মূলতঃ শিশু মনস্তাত্বিক আছিল আৰু সেই ঝুমুৰাসমূহকে অসমীয়া শিশু নাটৰ প্ৰাচীনতম নিদৰ্শন হিচাপে ধৰা হয়। 

        তাৰ পিছত, খ্ৰীঃ পঞ্চদশ শতিকাৰ শেষভাগৰ পৰা সপ্তদশ শতিকাৰ আৰম্ভনিলৈকে যিসমূহ সাহিত্য ৰচিত হৈছিল,সেইসমূহ মূলতঃ ধৰ্মকেন্দ্ৰিক আছিল। সেয়ে এই সময়ছোৱাত যি দুই-এক শিশু কৃষ্ণ কেন্দ্ৰিক কবিতাৰ সৃষ্টি হৈছিল, তাক নিৰ্দিষ্টকৈ আজিও অসমীয়া শিশু সহিত্য হিচাপে নামাংকিত কৰা হোৱা নাই। তাৰ পৰৱৰ্তী সময়ত আহোম সকলৰ ৰাজত্ব কালতো চৰিত সাহিত্য, বুৰঞ্জী সাহিত্য ইত্যাদিৰ ৰচনা হৈছিল যদিও শিশু সাহিত্যৰ আওতাত পৰা তেনে কোনো বিশেষ সাহিত্যৰ তথ্য পোৱা নাযায়। 



অৰুণোদই যুগৰ শিশু সাহিত্যঃ 

        ১৮২৬ চনত অসমখন বৃটিছৰ অধীনলৈ যোৱাৰ লগে লগেই অসমৰ শিক্ষা আৰু সাহিত্যৰ ক্ষেত্ৰখনে ঠন ধৰি উঠাৰ সমান্তৰালভাৱে অসমীয়া ভাষাৰ প্ৰথম বাতৰি কাকত "অৰুণোদই" ৰ প্ৰথম বছৰ নৱম সংখ্যাত 'অৰুণোদই পৰ্হা সৰু ল'ৰাবিলাকৰ প্ৰতি প্ৰথম প্ৰণই পত্ৰ' (First letter to the little readers of Arunodoi) শীৰ্ষক লেখাৰে প্ৰথমবাৰৰ বাবে মাইলছ ব্ৰনচনে শিশুসকলক সাহিত্যৰ সৈতে জড়িত কৰিছিল। এই কাকতৰ পৃষ্ঠাতেই পৰৱৰ্তী সময়ত বিভিন্ন দেশ-বিদেশৰ সাধুকথা, নৈতিক গল্প ইত্যাদি শিশুৰ উপযোগীকৈ প্ৰকাশ কৰা হৈছিল।

         সেই সময়ছোৱাতেই আনন্দৰাম ঢেকিয়াল ফুকনৰ "অসমীয়া ল'ৰাৰ মিত্ৰ" (১৮৪৯),হেমচন্দ্ৰ বৰুৱাৰ বিদ্যালয়ৰ ছাত্ৰোপযোগী "অসমীয়া ল'ৰাৰ ব্যাকৰণ","আদিপাঠ", "পঢ়াশালীয়া অভিধান", "পাঠমালা" ইত্যাদি ৰচনাই শিশুসাহিত্যৰ ক্ষেত্ৰখনক উজ্জ্বীৱিত কৰি তুলিছিল। এই সময়ৰে অন্যতম সৃষ্টি বলদেৱ মহন্তৰ "উজুপাঠ" অসমীয়া ভাষাৰ প্ৰথমখন ছপা শিশু কবিতা পুথি। তাৰোপৰি এই সময়ছোৱাৰ শিশু সাহিত্য আলোচনাত ছোলেইমান খাঁৰ শিশু মনস্তাত্বিক কবিতাসমূহ, বিনন্দ চন্দ্ৰ বৰুৱাৰ "ল'ৰাৰ বেজবৰুৱা", "অসম গৌৰৱ", "আমাৰ লক্ষ্মীনাথ",  বেনুধৰ ৰাজখোৱাৰ "সৰু ল'ৰাৰ গান" ইত্যাদিৰ নাম অন্তৰ্ভূক্ত নকৰিলে হয়তো লিখনিটো আধৰুৱা হৈ ৰ'ব।

        এইখিনিতে এটা কথা প্ৰণিধানযোগ্য যে অসমীয়া শিশু সাহিত্যৰ ধাৰাটোক আজিৰ পৰ্যায়লৈ লৈ অহাত অসমীয়া শিশু আলোচনী সমূহৰ যথেষ্ট ভূমিকা আছে। অৰুনোদই কাকতে কৰা আৰম্ভনিৰ দ্বাৰা অনুপ্ৰাণিত হৈ কৰুণাভিৰাম বৰুৱাই প্ৰথমবাৰৰ বাবে ১৮৮৬ চনত প্ৰকাশ কৰিছিল শিশু আলোচনী "ল'ৰাবন্ধু।" কিন্তু দুৰ্ভাগ্যবশতঃ এই আলোচনীখন দুটা বছৰৰ পিছতে বন্ধ হৈ পৰিছিল। ইয়াৰ প্ৰায় ডেৰকুৰি বছৰৰ পিছত অসমীয়া শিশু আলোচনীৰ ধাৰাটোত লাগি থকা যতি ডাল আঁতৰাই পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ সম্পাদনাত প্ৰকাশ পায় দ্বিতীয়খন শিশু আলোচনী "অকণ।" কিন্তু অকণো অকণিৰ মাজত বেছিদিন স্থায়ী হৈ নাথাকিল।

         অৱশ্যে 'অকণ' প্ৰকাশৰ আগেয়েই ১৯১১ চনত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা দেৱে মুখে মুখে প্ৰচলিত সাধুকথা সমূহত স্বকীয়তাৰ প্ৰলেপ সানি ছপা কৰি উলিয়াইছিল "বুঢ়ী আইৰ সাধু।" পুথিখনৰ অন্তৰ্ভূক্ত 'তেজীমলা', 'লটকন' আদি সাধু আজিও অসমীয়া সমাজত বিদ্যমান। সম্ভৱত এইখনেই অসমীয়া ভাষাৰ প্ৰথমখন ছপা শিশু পুথি আছিল। তেখেতৰ "ককাদেউতা আৰু নাতি ল'ৰা", "জুনুকা" আদি অসমীয়া শিশু সাহিত্যৰ আপুৰুগীয়া সম্পদ। তেখতৰ "মুক্তি" গল্পটোও অসমীয়া শিশু চুটিগল্পৰ প্ৰথম নিদৰ্শন। 

        ইয়াৰ পিছত ছেগা-ছোৰোকাকৈ "মইণা"(১৯২৩), "অৰুণ"(১৯২৬), "আমাৰ দেশ"(১৯৩১), "পখিলা"(১৯৩৩), "পাৰিজাত"(১৯৪০) ইত্যাদি শিশু আলোচনী কিছু দিনৰ বাবে হ'লেও প্ৰকাশ হৈ শিশু আলোচনীৰ ধাৰাটো অব্যাহত ৰাখিছিল। 


আধুনিক যুগৰ শিশু সাহিত্যঃ  

        দ্বিতীয় বিশ্বযুদ্ধৰ মলয়াজাকে সমগ্ৰ বিশ্বকে জোকাৰি যোৱাৰ পিছৰ পৰায়েই সামগ্ৰিকভাৱে অসমীয়া সাহিত্যৰ ধাৰাটোলৈ নতুনত্বৰ ঢল বৈ আহিছিল। সেয়া লাগিলে ৰচনা শৈলীৰ ক্ষেত্ৰতেই হওঁক বা মানদণ্ডৰ ক্ষেত্ৰতেই। শিশু সাহিত্যৰ ধাৰাটোকো এই নতুনত্বৰ ধুমুহাজাকে চুই গৈছিল। যাৰ ফলত নতুন নতুন চিন্তাধাৰাৰে বহুতো শক্তিশালী শিশুসাহিত্যৰ সৃষ্টি হৈছিল।

        ১৯৪৮ চনত দেৱকান্ত বৰুৱা দেৱৰ "ৰংঘৰ" কবিতাটো সামৰি লৈ বিৰিঞ্চি কুমাৰ বৰুৱা দেৱৰ সম্পাদনাত প্ৰকাশ পাইছিল "ৰংঘৰ" নামৰ এখন শিশু আলোচনী। এই আলোচনীখনৰ পাততেই জ্যোতিপ্ৰসাদ আগৰৱালা, নৱকান্ত বৰুৱাদেৱৰ দৰে ব্যক্তিসকলেও লিখা-মেলা কৰিছিল। আগৰৱালা দেৱে শিশু উপযোগী "কম্পুৰ সপোন" কে আদি কৰি প্ৰায় ১৩ টা মান কবিতাৰ লগতে "সোণটিৰ অভিমান" শিশু চুটিগল্পটোও লিখিছিল। 

        এখুদ ককাইদেউ খ্যাত নৱকান্ত বৰুৱাদেৱে"নিভাঁজ অসমীয়া পদ্য", "শিয়ালী পালেগৈ ৰতনপুৰ"(১৯৫৪), "আখৰৰ জখলা"(১৯৫৬), "ভত ঊ কাৰে ভূ"(১৯৬৮), "ককাদেউতাৰ হাড়"(১৯৭৩), "কপিলীপৰীয়া সাধু"(১৯৫২) , কীৰ্তিনাথ হাজৰিকাদেৱে "ফুটুকাৰ ফেন","অলৌগুটি টলৌগুটি","হুঁচৰিয়ে হাওঁ" ইত্যাদি ৰচনা কৰি শিশু সাহিত্যৰ ভেটিটোত যথেষ্ট সাৰ-পানী দি গৈছে। 

        তাৰ পাছতেই অসমীয়া শিশু আলোচনীৰ ক্ষন্তেকীয়া স্থায়ীত্বক প্ৰত্যাহ্বান জনাই পাহাৰ-ভৈয়ামৰ অকণি লেখক লেখিকাক লৈ সুদীৰ্ঘ সোতৰ বছৰ একেৰাহে প্ৰকাশ হৈ একপ্ৰকাৰ অভিলেখ ৰচা (সেইটো সময়ত) আলোচনীখন আছিল "দীপক"(১৯৫৪)। গৌৰীকান্ত তালুকদাৰ আৰু অতুল চন্দ্ৰ হাজৰিকা ক্ৰমাগত ভাৱে আলোচনীখনৰ সম্পাদনাৰ দায়িত্বত আছিল। এইখিনিতে উল্লেখ কৰা প্ৰয়োজনীয় যে অতুল চন্দ্ৰ হাজৰিকাদেৱে শিশুৰ উপযোগীকৈ  "নীলা চৰাই", "ৰামায়নৰ ৰহঘৰা", "গ্ৰীমৰ সাধু" কে ধৰি প্ৰায় ৪০ খন গ্ৰন্থ ৰচনা কৰিছিল। 

        পৰৱৰ্তী সময়ত ১৯৭৬ চনত মাদ্ৰাজৰ পৰা প্ৰকাশিত "চান্দমামা" ৰঙীন শিশু আলোচনীৰ অসমীয়া সংস্কৰণৰ প্ৰকাশো আৰম্ভ হয়।

        অৱশ্যে সঁচা অৰ্থত আধুনিক অসমীয়া শিশু সাহিত্যত এক নতুন ধাৰাৰ সূচনা কৰে কুৰি শতিকাৰ শেষৰ দশক দুটাত প্ৰকাশিত কেইখন মান শিশু আলোচনীয়ে। ভৱেন্দ্ৰনাথ শইকীয়া দেৱৰ অনুপম সাহিত্যৰাজিৰ কথা সৰ্বজনবিদিত। তেখেতৰ সম্পাদনাতেই ১৯৮৩ চনৰ পৰা প্ৰকাশিত হয় "সঁফুৰা" আলোচনী। মহাদুষ্টৰ দুষ্ট বুদ্ধি, সঁচাও নহয় মিছাও নহয় ইত্যাদি বিভিদ শিতানে আলোচনীখনক শিশুৰ মাজত কম সময়তে জনপ্ৰিয় কৰি তুলিছিল। যাৰ বাবে শইকীয়া দেৱৰ মৃত্যুৰ পিছতো আজি পৰ্যন্ত আলোচনীখন পাঠক সমাজত বহুল ভাৱে সমাদৃত হৈ আছে।

         "সঁফুৰা" প্ৰকাশৰ পিছৰ বছৰৰ পৰায়েই অকণিৰ মাজত মৌচাক মামা হিচাপে খ্যাত শান্তনু তামুলীদেৱে "মৌচাক" আলোচনীৰ মাধ্যমেৰে অসমীয়া শিশু সাহিত্যৰ ক্ষেত্ৰখন বহু ওপৰলৈ তুলি ধৰাৰ লগতে এক নতুন যুগৰ সূচনা কৰিবলৈ সক্ষম হ'ল। হয়তো "মৌচাক" খনেই বৰ্তমান সময়লৈকে প্ৰকাশিত হোৱা শিশু আলোচনীসমূহৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় তথা উচ্চ মানদণ্ডৰ আলোচনী। হেৰি পটাৰ চিৰিজৰ কাহিনী সমূহৰ অসমীয়া অনুবাদৰ সোৱাদ দিয়া কৰৱী ডেকা হাজৰিকা, অভিজিৎ শৰ্মা বৰুৱা, ৰাতুল শৰ্মা, ৰঞ্জু হাজৰিকা আদিৰ ৰচনাই এই আলোচনীখনৰ পাত শুৱনি কৰি আছে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে কণ কণ শিশু-কিশোৰৰ লগতে বয়োজ্যেষ্ঠসকলকো জ্ঞানৰ মাণিক বিলোৱা এই আলোচনীখন নপঢ়াকৈ শৈশৱ পাৰ কৰা ল'ৰা ছোৱালী আমাৰ প্ৰজন্মটোত হয়তো খুউৱ কমেই ওলাব। 

        শিশু আলোচনীৰ এই ভাগটোৰ ধাৰাবাহিকতা বজাই ৰাখি বৰ্তমানেও প্ৰকাশ হৈ থকা কেইখনমান শিশু আলোচনী হ'ল- মুকুতা(১৯৮৭), ৰংমেলা, বাৰ ওঠৰ, বিজ্ঞান জেউতি আদি।

         তাৰোপৰি, শিশু সাহিত্যৰ এই ধাৰাটোক অন্য এক গতি প্ৰদান কৰে অসমীয়া ভাষাত ৰচিত বিশেষ কিছু সাহিত্যৰ সংযোজনে। এইসমূহক তলত ভিন্ন ভাগত আলোচনা কৰা হ'ল-

                 ক) শিশু বিজ্ঞান সাহিত্যঃ বিজ্ঞান জনপ্ৰিয়কৰণৰ ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত সাহিত্যিক শান্তনু তামুলী দেৱৰ সম্পাদনাত "নতুন আৱিস্কাৰ" নামৰ বিজ্ঞান আলোচনীখন ১৯৮৮ চনৰ পৰা বৰ্তমানলৈকে প্ৰকাশিত হৈ আছে। এই আলোচনীখনৰ লগতে তেখেতে বিজ্ঞান সাহিত্যৰ শিশু উপযোগী গ্ৰন্থ যেনে "জোন আৰু ,জোনলৈ'', "আকাশ মহাকাশ" ইত্যাদি ৰচনা কৰিছে। তাৰোপৰি, পূৰ্ৱতে প্ৰকাশিত "পখিলা" আৰু "পাৰিজাত" শিশু আলোচনী দুখনেও বিজ্ঞান বিষয়ক বিভিন্ন কাহিনী প্ৰকাশৰ পোষকতা কৰিছিল। বৰ্তমান সময়ত এই ধাৰাৰ আন কেইগৰাকীমান শক্তিশালী লেখক হ'ল ড° বিজয়কৃষ্ণ দেৱ শৰ্মা, দীনেশ চন্দ্ৰ গোস্বামী, বন্দিতা ফুকন, অভিজিত শৰ্মা বৰুৱা ইত্যাদি। 

                খ) অনুবাদ সাহিত্যঃ অসমীয়া শিশু সাহিত্যৰ ধাৰাটো সমৃদ্ধিশালী কৰি তোলাত গল্প, কবিতা, সাধুকথাৰ লগতে বিশেষ ভূমিকা লৈছিল অনুবাদ সাহিত্যসমূহেও। এনে সাহিত্যৰ জড়িয়তে অসমীয়া শিশু সাহিত্যলৈ বিদেশী শিশু সাহিত্যৰো আগমন ঘটে। এই শ্ৰেণীৰ কেইখন মান উল্লেখযোগ্য শিশু গ্ৰন্থ হ'ল- মিত্ৰদেৱ মহন্তৰ "মৌ মহাভাৰত", আজলিতৰা নেওঁগৰ "আলাদ্দিন", ইলা শৰ্মাৰ "কোনো নোহোৱা ল'ৰাটো" (মূল- হেক্টৰ মেলৰ ন'ৰডিজ ছাইল্ড), বৰ্ণালী শইকীয়াৰ "ৰে'লআলিৰ কণমানিহঁত" (মূল- দ্য ৰেইলৱে' চিল্ড্ৰেন), আবুল লেইচৰ "অৰণ্যৰ সাধু" (দ্য জাংগল বুক), অবনী চন্দ্ৰ গোস্বামীৰ "ৰাজকুমাৰ আৰু ভিকহু"শান্তনু তামূলী দেৱৰ "মহাকাশৰ তাৰকা", "মাষ্টাৰ অৱ দ্য ৱৰ্ল্ড", জ্ঞানদাভিৰাম বৰুৱাৰ "দদাইৰ পঁজা", প্ৰদীপ বৰুৱাৰ "অস্কাৰ ওৱাইল্ডৰ বাছকবনীয়া গল্প" কীৰ্তিনাথ হাজৰিকাৰ "এহেজাৰ এনিশাৰ সাধু" ইত্যাদি। লগতে শান্তনু তামুলী দেৱৰ "Joy in the jungle", "Bubu Bulbuli's Garden" আদি কেইবাখনো গ্ৰন্থ অন্যান্য ভাৰতীয় ভাষালৈয়ো অনুদিত হৈছে।

                গ) ভ্ৰমণ সাহিত্যঃ অসমীয়া শিশুসাহিত্যৰ বহুধা চৰিত্ৰৰ অন্য এক উল্লেখযোগ্য অন্তৰ্ভূক্তি হ'ল ভ্ৰমণ সাহিত্য। অৱশ্যে অসমীয়া ভাষাৰ শিশু আলোচনীসমূহত প্ৰকাশিত ভ্ৰমণ কাহিনীসমূহক বাদ দিলে গ্ৰন্থাকাৰত প্ৰকাশিত শিশুভ্ৰমন সাহিত্যৰ পৰিমাণ তেনেই নগন্য। তাৰ ভিতৰত "ট'কিঅত তেৰ দিন", "কলম্বোত সাত দিন" ইত্যাদি এই শ্ৰেণীৰ লেখত ল'বলগীয়া সাহিত্য।

                ঘ) কল্পবিজ্ঞান সাহিত্যঃ  কল্পবিজ্ঞান সাহিত্যৰ নতুন ধাৰাৰে অসমীয়া শিশু সাহিত্যক শক্তিশালী কৰা ব্যক্তি বুলিলে সততে মনলৈ অহা নামটো হৈছে ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাদেৱ। "গান ফাইটাৰ চিৰিজ", "জেছন চিৰিজ", "পৱন চিৰিজ" ইত্যাদিৰ প্ৰায় ২০০ ৰো অধিক শিশু গ্ৰন্থ তেখেতে ৰচনা কৰিছে। কল্পবিজ্ঞানৰ এই ধাৰাটো আগুৱাই নিয়াত সহায় কৰা আন এগৰাকী ব্যক্তি হৈছে মৌচাক মামা। "অসমীয়া কল্পবিজ্ঞান গল্প সংকলন"(২০১৭), "ইলেক্ট্ৰনিক নামৰ ল'ৰাটো" (১৯৯৩) ইত্যাদি ৰচনাৰে তেখেতে শিশু সাহিত্যৰ ক্ষেত্ৰখনক মজবুত কৰি তুলিছে। ২‍০১৬ চনত প্ৰকাশিত তেখেতৰ "অসমীয়া শিশু সাহিত্যৰ নিৰ্বাচিত চুটিগল্প", অনুভৱ পৰাশৰৰ "নিৰ্বাচিত অসমীয়া শিশুসাহিত্য", সত্যেন্দ্ৰনাথ শৰ্মাৰ "অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত", মহিম বৰাৰ শিশু সাহিত্য সমগ্ৰ ইত্যাদি গ্ৰন্থত অসমীয়া শিশুসাহিত্যৰ বিভিন্ন প্ৰেক্ষাপট সম্পৰ্কে ইতিমধ্যে আলোচনাও হৈছে।

                ঙ) শিশু নাটঃ অসমীয়া শিশু সাহিত্যৰ ভঁৰালটো সমৃদ্ধিশালী কৰি ৰখাত নাটকৰ ভূমিকাও উল্লেখনীয়। মঞ্চস্থ নাটকসমূহে শিশুৰ মনোজগতত খলকনি তোলাৰ সুবিধাটো আগেয়ে পায় যদিও লিখিত নাটকসমূহেও তেওঁলোকৰ মনত বিশেষ প্ৰভাৱ পেলায়। ভৱ পূজাৰীৰ "বকুল তলৰ ধেমালি"(নাট), দুলাল দত্তৰ "মকৰা"(নাট), মাধৱদেৱৰ "চোৰধৰা", "পিম্পৰা গুচোৱা", "ভোজন বিহাৰ", "ভূমি লেটোৱা" (ঝুমুৰা), মৃণাল দত্তৰ "মন বননি", পংকজ হাজৰিকাৰ "ঘোঁৰা কংস বধ"(নাট), মৌচাকমামাৰ "নিৰ্বাচিত অসমীয়া শিশু-নাট" (সংকলন), দ্বীজেন নাথৰ "আইৰ কথা মোৰ ভাষা"(সংকলন) ইত্যাদি হৈছে এই শ্ৰেণীৰ কেইখনমান উল্লেখযোগ্য সাহিত্য।

                চ) জীৱনী সাহিত্যঃ ৰজত চন্দ্ৰ ভৰালীৰ "আমাৰ বিষ্ণুপ্ৰসাদ ৰাভা", নুৰুল ইছলাম শইকীয়াৰ "বিষ্ণুৰাভা", মৌচম গগৈৰ "আইনষ্টাইন", শংকৰদেৱ - মাধৱদেৱৰ জীৱনভিত্তিক ৰচিত পুথিসমূহকে আদি কৰি শিশু উপযোগী বিভিন্ন জীৱনীমূলক সাহিত্য অসমীয়া ভাষাত উপলব্ধ।

        উল্লিখিত সাহিত্যসমূহৰ উপৰিও বিদ্যালয়ৰ বাৰ্ষিক আলোচনী, মইনা পাৰিজাতৰ মুখপত্ৰ বা স্মৃতিগ্ৰন্থ সমূহ, সময়ে সময়ে প্ৰকাশ পোৱা "সমগ্ৰ জানানে", নতুন জানানে" ইত্যাদি কুইজবিষয়ক গ্ৰন্থ সমূহে অসমীয়া শিশু সাহিত্য ক্ষেত্ৰখনলৈ কিছুপৰিমানে হ'লেও অৱদান আগবঢ়াই আহিছে। আৰু তেওঁলোকক উৎসাহিত কৰিছে সাহিত্য ক্ষেত্ৰৰ বিভিন্ন বঁটা সমূহে। তাৰ ভিতৰত এক উল্লেখযোগ্য বঁটা হ'ল সাহিত্য অকাদেমিৰ বাল সাহিত্য পুৰস্কাৰ। বৰ্তমান সময়লৈকে বন্দিতা ফুকনৰ "সেউজীয়া ধৰণী", দীনেশ চন্দ্ৰ গোস্বামীৰ "বিজ্ঞানৰ অনুপম জগত", যুগললোচন দাসৰ "বাগিচাৰ ভূত", স্বামিম নাছৰিনৰ "মিলি অমিয়া আৰু এখন নদী" গ্ৰন্থৰ লগতে কেইবাগৰাকী বিশিষ্ট সাহিত্যিকে শিশুসাহিত্যৰ ক্ষেত্ৰত আগবঢ়োৱা সামগ্ৰিক বৰঙনিৰ বাবে এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।


অসমীয়া ভাষাৰ অন্যান্য শিশুসাহিত্যঃ 

         শিশু আলোচনী, ভ্ৰমন সাহিত্য, বিজ্ঞান সাহিত্য ইত্যাদিৰ সমান্তৰালভাৱে অসমীয়া শিশু সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰি ৰখা আন কিছু কালজয়ী সাহিত্য হ'ল- ভৱেন্দ্ৰ নাথ শইকীয়া দেৱৰ "মৰমৰ দেউতা", "শান্ত শিষ্ট হৃষ্ট পুষ্ট মহাদুষ্ট" , হোমেন বৰগোঁহাঞি দেৱৰ "সাউদৰ পুতেকে নাও মেলি যায়", "বিপদৰ বন্ধু", গগন চন্দ্ৰ অধিকাৰী দেৱৰ "মাখন মামাৰ মনোৰম সাধু", "টকাত একোটা হাতী", "মাৰ গুলি, পকা চুলি ভিজা মেকুৰীৰ অতপালি", নীলা বাইদেউৰ "ওমলা গীত", "চিল চিল চিলা বাগী চিল মিলা", হীৰেণ ভট্টাচাৰ্য দেৱৰ "ল'ৰালিৰ ধেমালি" , "ৰৈ ৰৈ ধেমালি", "অকণ ধেমালি", চৈয়দ আব্দুল মালিক দেৱৰ "এখন সোণোৱালী দুৱাৰ", কৰৱী ডেকা হাজৰিকাৰ "বেজবৰুৱাৰ সাধুকথা","মইণাৰ মৌ কবিতা", ৰঞ্জু হাজৰিকাৰ "বীৰবলৰ কাহিনী", "এণ্ডাৰচনৰ সাধু", অৰবিন্দ ৰাজখোৱাৰ শিশু গল্প সংকলন "কাকৈ হাবিৰ ভূত আৰু অন্যান্য কাহিনী" ইত্যাদি। ইয়াৰোপৰি জয়ন্ত মাধৱ বৰা,হৰপ্ৰিয়া বাৰুকিয়াল বৰগোঁহাঞি, নুপুৰ মোমাইদেউ, আকাশদীপ্ত ঠাকুৰ আদিৰ ৰচনাৰ লগতে সময়ে সময়ে বিভিন্ন কাকত আলোচনীত শিশুৰ বাবে লিখা গল্প-কবিতা আৰু শিশুসকলৰ ৰচনা আদি সৰ্বদা উৰ্দ্ধত।

        লগতে সীমিত সংখ্যক শিশু-কিশোৰৰ ৰচনাও বিভিন্ন কাকত-আলোচনীত অথবা গ্ৰন্থাকাৰে প্ৰকাশিত হৈ আহিছে। উদাহৰণস্বৰূপে মনস্বিতা কলিতাৰ "এখন ৰহস্যময় দাপোনৰ সিপাৰে", পৰিণীতা হাজৰিকাৰ "এমুঠি হৃদয়ৰ অনুভৱ" ইত্যাদি।

       এনেদৰেই বিভিন্ন দিশ সামৰি লৈ নৱ্য প্ৰযুক্তিৰ প্ৰয়োভৰৰ বাবে একাংশৰ মাজত সৃষ্টি হোৱা অনীহাৰ পিছতো অসমীয়া ভাষাটোক ভালপোৱা, স্বকীয় সাহিত্যখিনিয়ে খেদি ফুৰা সকলক লৈয়ে অসমৰ শিশু সাহিত্যৰ ক্ষেত্ৰখন থিয় দি আছে। এইখিনিতে এটা কথা উল্লেখ নকৰিলে হয়তো ভুল হ'ব যে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে মধ্যযুগৰ পৰা ২০০০ চনলৈকে প্ৰকাশিত অসমীয়া ভাষাৰ শিশু সাহিত্যসমূহৰ সংৰক্ষন তথা পুনঃপ্ৰকাশৰ ক্ষেত্ৰত এক উল্লেখযোগ্য ব্যৱস্থা গ্ৰহন কৰি আহিছে।

         তাৰোপৰি শেহতীয়াকৈ অসমীয়া শিশু সাহিত্যৰ ধাৰাটোক পুনঃউজ্জ্বীৱিত কৰি ২০১৮ চনত অসমতো পোন প্ৰথমবাৰৰ বাবে গুৱাহাটীত অসম প্ৰকাশন পৰিষদে শিশু গ্ৰন্থ মেলাৰ আয়োজন কৰে। উত্তৰ পূৱ শিশু গ্ৰন্থমেলাও নিশ্চয়কৈ এক শুভ সংযোগ। যদিহে শিশু গ্ৰন্থমেলাৰ এই ইতিবাচক ধাৰাটো পৰৱৰ্তী সময়তো আগুৱাই নিয়া হয় তেন্তে নিশ্চিত ভাৱে অসমীয়া শিশু সাহিত্যই আৰু শক্তিশালী হোৱাৰ সুবিধা পাব। কিন্তু এই ক্ষেত্ৰত লেখকসকলৰ লগতে প্ৰকাশন পৰিষদ সমুহেও বিশেষ ভূমিকা লোৱাৰ প্ৰয়োজন। 

        সৰ্বশেষত, গোলাঘাটত অনুষ্ঠিত "দোকমোকালিৰ বেলি" গ্ৰন্থৰ উন্মোচনী সভাত শান্তনু তামুলী দেৱে কোৱা- "অসম সাহিত্য সভাই পূৰ্ৱৰ দৰে শিশু গ্ৰন্থ প্ৰকাশ নকৰে" শীৰ্ষক কথাখিনি আমাৰো আক্ষেপ। অসম সাহিত্য সভা আমাৰ সাহিত্য ক্ষেত্ৰখনৰ ভৰসা। গতিকে প্ৰাপ্তবয়স্কৰ সাহিত্যৰ লগতে শিশু সাহিত্যৰ ধাৰাটোকো সমানে গুৰুত্ব প্ৰদান কৰিলেলেহে অসমীয়া সাহিত্য সামগ্ৰিকভাৱে সমৃদ্ধিশালী হৈ উঠিব।

***********

[বিঃদ্ৰঃ সীমিত অধ্যয়ন তথা নিশ্চিত তথ্যৰ দৈন্যতাৰ বাবে বহুকেইগৰাকী স্বণামধন্য সাহিত্যিকৰ সৃষ্টিৰাজিক অন্তৰ্ভুক্ত কৰিব পৰা নগ'ল। তাৰ বাবে ক্ষমাপ্ৰাৰ্থী]